নতুন অসমীয়া গীত ‘শৰতৰ পদূলিত’ ইউটিউবত মুক্তি পালে

নতুন অসমীয়া গীত ‘শৰতৰ পদূলিত’ ইউটিউবত মুক্তি পালে

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- নতুন বছৰৰ আৰম্ভণিতে সংগীতপ্ৰেমী সকলৰ বাবে এটি বিশেষ উপহাৰ হিচাপে আজি (৩।১।২০২৬)  ইউটিউব চেনেল  ‘Srishti Sonic’ ত মুক্তি লাভ কৰিলে ‘শৰতৰ পদূলিত (Xorotor Podulit)’ শীৰ্ষক এটি নতুন গীত ।  গীতটিত কন্ঠদান কৰিছে সৃষ্টি(জুলিকা) বৰফুকনে । এসময়ৰ যোৰহাট জে বি মহাবিদ্যালয়ৰ মহিলা শাখাৰ শ্ৰেষ্ঠ তথা আন্তঃমহাবিদ্যালয় পয্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হোৱা সৃষ্টি এগৰাকী আইনৰ স্নাতক । মনময়ুৰী,সপোনৰ মৰমী,সোণাৰু’৯৯ বিহুগীত আৰু যাদু,কিয় অঞ্জালী আদি শ্ৰব্য কেছেটৰ জৰিয়তে ইতিমধ্যে শ্ৰোতাৰ মাজত নিজ স্থান দৃঢ় কৰিছে । সংগীতৰ বিশাৰদ সৃষ্টিয়ে বৰগীতৰ চৰ্চাও অব্যাহত ৰাখিছে । যোৰহাট এফ এম ৰেডিঅ’ৰ যোগেদি বহুকেইটা গীত সম্প্ৰচাৰ হোৱাৰ উপৰিও বিভিন্ন চেটেলাইট চেনেলত অনুস্থান সম্প্ৰচাৰ হৈছে । পূবৰ্তে জুবিন গাৰ্গৰ সৈতে কন্ঠদান কৰা ‘তুমি কোন দূৰনিৰ’ গীতটিৰ জৰিয়তে সমাদৰ লাভ কৰা সৃষ্টি বৰফুকনৰ এইবাৰ একক কণ্ঠত মুক্তি লাভ কৰিছে ‘শৰতৰ পদূলিত’ । এই গীতটিৰ কথা, সুৰ আৰু ভিডিঅ’ কনচেপ্ট অনুপ বৰুৱাৰ আৰু গীতটি সংগীতেৰে সজাই তুলিছে পল্লব তালুকদাৰে । গীতটিৰ বাদ্যযন্ত্ৰীসকল হৈছে ৰাজা বৰুৱা,জীৱন্ত অপূৰ্ব আৰু সুভংকৰ হাজৰিকা । গীতটিৰ মিক্সিঙৰ কাম কৰিছে কৰ্নেলে ৷

গীতটিৰ ভিডিঅ’টিত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী তথা কথক নৃত্যশিল্পী মেঘৰঞ্জনী মেধি আৰু দিপাংকৰ গায়নে । নৃত্যৰ কৰিঅ’গ্ৰাফী কৰিছে মেঘৰঞ্জনী মেধি আৰু বৰ্ণালী কলিতাই।  ভিডিঅ’ পৰিচালনা কৰিছে সমীন দাসে আৰু  ভিডিঅ’ সম্পাদনা কৰিছে মানস কাশ্যপে । পোষ্টাৰ ডিজাইন ৰিতুপৰ্ণ বৰাৰ, ক্যালিগ্ৰাফী অনুপ দত্তৰ, মেকআপ  হীৰক দাসৰ। নতুন বছৰৰ আৰম্ভণিতে মুক্তি লাভ কৰা ‘শৰতৰ পদূলিত’ গীতটি সংগীতপ্ৰেমীসকলে আদৰি ল’ব বুলি সংশ্লিষ্ট সকলোৱে আশা প্ৰকাশ কৰিছে ।

https://www.youtube.com/@SrishtiBorphukan