“কলাক্ষেত্ৰ ৰামধেনু উৎসৱ-২০২৬”ত ধ্ৰুপদী সুবাস
ৰঙিলী বাৰ্ত্তাসেৱা- নৱবৰ্ষৰ তৃতীয় দিনটোত ধ্ৰুপদী সুবাসেৰে জীপাল হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ৷ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আড়ম্বৰপূৰ্ণভাৱে আয়োজিত “কলাক্ষেত্ৰ ৰামধেনু উৎসৱ-২০২৬”ৰ অংশ হিচাপে সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “ধ্ৰপদী ৰংগঃ গীতং বাদ্যং নৃত্যং” শীৰ্ষক শাস্ত্ৰীয় সংগীতৰ এক মনোৰম অনুষ্ঠান৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কেইবাগৰাকী ধ্ৰুপদী শিল্পীৰ অংশগ্ৰহণে অনুষ্ঠানটোক গৰিমামণ্ডিত ৰূপ দিয়ে। অনুষ্ঠানটিত নৃত্যবিদূষী সুজাতা মহাপাত্ৰ আৰু প্ৰীতিশা মহাপাত্ৰৰ ওড়িচি নৃত্যাঞ্জলি, প্ৰসিদ্ধ তবলা শিল্পী পণ্ডিত বিক্ৰম ঘোষৰ তবলাৰ লহৰ, অভিষেক মল্লিকৰ চেতাৰৰ মূৰ্ছনা, জয়া শীল ঘোষৰ ভাৰতনাট্যমৰ ছন্দ আৰু শ্ৰুতি বুজৰবৰুৱাৰ হিন্দুস্তানী শাস্ত্ৰীয় গায়নৰ অমিয়া মাধুৰীয়ে প্ৰেক্ষাগৃহপূৰ্ণ দৰ্শকক আপ্লুত কৰে৷ তদুপৰি বিশিষ্ট সত্ৰীয়া শিল্পী বায়নাচাৰ্য ঘনকান্ত বৰা বৰবায়ন আৰু ভাস্কৰজ্যোতি ওজাৰ সাংস্কৃতিক নিবেদনে “ধ্ৰপদী ৰংগঃ গীতং বাদ্যং নৃত্যং” অনুষ্ঠানটিক বৰ্ণময় কৰি তোলে৷ কৃষ্ণাক্ষী কাশ্যপে আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ, নাৰায়ণপুৰৰ ফালৰপৰা পৰিৱেশিত চিত্তাকৰ্ষক গায়ন-বায়নে দৰ্শকসকলক মুগ্ধ কৰে৷ ইয়াৰ পূৰ্বে অনুষ্ঠানটি উদ্বোধন কৰি অকাডেমী ৰত্ন তথা পদ্মভূষণ সন্মানেৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে কলাক্ষেত্ৰৰ ধ্ৰুপদী প্ৰয়াসৰ শলাগ লয়৷ সন্মানীয় অতিথিৰূপে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে বিশিষ্ট নাট্য ব্যক্তিত্ব দুলাল ৰয়, অসমৰ সাংস্কৃতিক পৰিক্ৰমাৰ অতিৰিক্ত মুখ্য সচিব বি. কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস আৰু সংগীত নাটক অকাডেমীৰ সচিব ৰাজু দাস৷ আনহাতে, আজি কলাক্ষেত্ৰ চৌহদত পুতলা নাচ কাৰ্যসূচী পৰিৱেশন কৰে নলবাৰী-গন্ধিয়াৰ “বাসুদেৱ পুতলা নাচ দল” আৰু গুৱাহাটীৰ “অৰ্ণৱ পুতলা থিয়েটাৰে”৷ দিনৰ ১ বজাৰপৰাও পুতলা নাচ প্ৰদৰ্শিত হ’ব৷ উল্লেখযোগ্য যে “কলাক্ষেত্ৰ ৰামধেনু উৎসৱ-২০২৬”ৰ অন্তিম দিনটোত শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব “বৰ অসম” শীৰ্ষক বৰ্ণময় সাংস্কৃতিক কাৰ্যসূচী৷ অসমৰ নৃগোষ্ঠীয় সমন্বয় আৰু বিনিময় অভিযানৰ সেই অভিনৱ কাৰ্যসূচীত অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীয় সংস্কৃতিৰ মূৰ্ত প্ৰতিফলন ঘটিব৷
