জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘুলিৰ বাসগৃহটো ন্যাসৰ নামত আগবঢ়াই দিয়া হ’বঃ গৰিমা গাৰ্গ শইকীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া প্রাণ শিল্পী জুবিন গাৰ্গ আৰু প্ৰাণৰ শিল্পীগৰাকীৰ সৃষ্টি কৰ্মৰাজিক চিৰযুগমীয়া কৰি ৰখাৰ প্রথমটো খোজ। গঠন কৰা হ’ল ‘জুবিন গাৰ্গ ন্যাস’ । এই পৰিকল্পনাৰ প্রথম পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহতো ন্যাসৰ নামত আগবঢ়াই দিয়া হ’ব। জুবিন গাৰ্গ ন্যাস গঠনৰ আহ্বানেৰে কাহিলিপাৰাৰ বাসগৃহত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰী কৰিলে শিল্পীপত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড০ পামী বৰঠাকুৰ সমন্বিতে পৰিয়ালে। আৱেগিকভাৱে সংবাদ মেলত গৰিমা শইকীয়া গাৰ্গে কয় যে বহু দুখৰ বোজা গধুৰ মন লৈ আমি দুঃসময়ৰ মাজতো আগবাঢ়িব খুজিছোঁ। তেওঁ ভাল পোৱ কামখিনি সকলোৱে মিলি আগবঢ়াই নিব লাগিব। এইখিনি স্থবিৰ হৈ গ’লে তেওঁৰ প্ৰতি অন্যায় কৰা হ’ব। জীৱিত সময়ছোৱাত প্রিয় শিল্পীয়ে কৈ যোৱ কথা মনত পেলাই পত্নী গৰিমাই পুনৰ কয় যে জীৱনৰ ধুমুহাবোৰ জুবিনে বহু সাহসেৰে পাৰ হৈছিল। তেওঁ প্রায়ে কৈছিল- মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম। দুঃসময়ৰ মাজতো কৰণীয়খিনি কৰি যাবলৈ তেওঁ কৈ গৈছিল। আজি তেওঁ কায়িকভাৱে নাথাকিলেও সকলো অসমীয়াৰ প্ৰাণে প্রাণে চিৰকাল তেওঁ আছিল আৰু থাকিব। তেওঁৰ বাবেই আজি ৩.৫ মাহ পিছত বাহিৰলৈ ওলাই আহিছোঁ। জুবিন গাৰ্গ ন্যাসৰ গঠনৰ বিষয়ে ঘোষণা কৰি পত্নী গৰিমাই কয় যে এই ন্যাসৰ জৰিয়তে জুবিনৰ আদৰ্শক লৈ আমি আগুৱাই যাম। সামাজিক, সাংস্কৃতিক দিশত জড়িত ব্যক্তিসকলৰ বাবেই হওক বা নতুন প্রজন্ম অথবা প্ৰকৃতিৰ সংৰক্ষণৰ বাবে যিবোৰ কাম তেওঁ কৰিছিল, তেনে দিশত কিছু কাম আমাৰ সামর্থ্য অনুযায়ী ন্যাসৰ জৰিয়তে কৰি যাবলৈ চেষ্টা কৰিম। খাৰঘুলিৰ সম্পত্তিখিনি জুবিনৰ হেঁপাহৰ আছিল। তেওঁৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ’বলগীয়া সমাজ-সংস্কৃতি আৰু উপাস্য প্ৰকৃতিৰ নামত ব্যৱহাৰ হোৱাটো আমি আশা কৰিছোঁ। এজন মানুহৰ বাবে মানুহ আছিল জুবিন গাৰ্গ। গতিকে খাৰঘুলিৰ ঘৰটো ন্যাসৰ নামত আমি পৰিয়ালৰ তৰফৰ পৰা উৎসৰ্গা কৰাৰ সিদ্ধান্ত লৈছোঁ। আমাৰ আশা- জুবিন গাৰ্গৰ সপোনৰ ঘৰটোৰ পৰাই তেওঁৰ আদৰ্শ আৰু দৰ্শনক জীয়াই ৰখাৰ বাবে কিছু ভাল কাম হৈ থাকক। তেওঁ পুনৰ কয়, জুবিন গার্গে কৰি যোৱাৰ দৰেই এই ট্রাষ্টে ‘কলাগুক আর্টিষ্ট ফাউণ্ডেশ্যন’ৰ যোগেদি বিভিন্ন সামাজিক-সাংস্কৃতিক দিশত কাম কৰি যাব । শিল্পীগৰাকীয়ে তেখেতৰ ভগ্নীৰ নামত প্রতিষ্ঠা কৰি থৈ যোৱা ‘অভিনয়া: জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্র’ৰ যোগেদি নতুন প্রজন্মৰ বাবে বিভিন্ন সাংস্কৃতিক পদক্ষেপ আমি গ্রহণ কৰি যাম । তাৰ লগতে, জুবিন গাৰ্গৰ যিখিনি বৌদ্ধিক উত্তৰাধিকাৰ বা intellectual property, সেইবোৰৰ যথোপযুক্ত সংৰক্ষণৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰা হ’ব।আন দিশ উত্থাপন কৰি তেওঁ উল্লেখ কৰে, ‘‘জুবিন গাৰ্গৰ জীৱন আৰু কর্ম, তেখেতৰ কৃতি-কৃতিত্ব আৰু সাংস্কৃতিক-সামাজিক অবদান সম্পর্কে বিদ্যায়তনিক আৰু প্ৰণালীবদ্ধভাৱে চর্চা কৰাৰ উদ্দেশ্যেৰে এটি বিশেষ গৱেষণা গোট বা dedicated research wing গঠন কৰা হ’ব, যিয়ে নিয়মীয়াকৈ শিল্পীগৰাকীক লৈ বৌদ্ধিক অন্বেষণ কৰি যাব । গৰিমাই লগতে কয়, জুবিন গাৰ্গৰ স্কুলীয়া জীৱনৰ কেইবাগৰাকীও বন্ধু-বান্ধৱ, যি নিজ নিজ ক্ষেত্রত বিশেষভাৱে প্রতিষ্ঠিত ৷ তেওঁলোকৰ লগতে ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক, প্রশাসনিক তথা সংবাদ জগতৰ বহুকেইগৰাকী অগ্রজ-অনুজ ভাতৃ-বন্ধুৰ সহযোগিতাৰে আমি এই পদক্ষেপ হাতত লৈছোঁ । জুবিন গার্গে তেওঁৰ সেনাবাহিনী বুলি অভিহিত কৰা ‘জুবিন ফেন ক্লাব’ এই পৰিকল্পনাৰ সহযাত্রী হৈছে।সম্প্রতি শিল্পীগৰাকীৰ নামত বহুসংখ্যক গ্রন্থ ৰচনা হোৱা বিষয়টোত কিছু উদ্বেগ প্রকাশ কৰি প্ৰয়াত শিল্পীগৰাকীৰ খুৰাক মনোজ বৰঠাকুৰে কয় যে বহুসংখ্যক লোকে জুবিনৰ নামত বহু কিতাপ লিখিছে। প্রিয় শিল্পী হিচাপে ছপা আকাৰত তেওঁৰ কথা চর্চা সকলোৱে কৰিব। সেয়া আমি বাধা দিব নোৱাৰোঁ বা নিদিওঁ। কিন্তু জুবিন গাৰ্গ সম্পর্কীয় তথ্যসমূহ কোনোধৰণৰ বিকৃত নকৰাকৈ শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাইছোঁ। পৰৱৰ্তী সময়ত জুবিন গাৰ্গ সম্পর্কীয় লেখা যুগুত কৰাৰ সময়ত ন্যাসৰ গৱেষণা গোটৰ সৈতে আলোচনা কৰিহে প্ৰণয়ন কৰিবলৈ তেওঁ আহ্বান জনায়। সংবাদ মেলত শেহতীয়াকৈ ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পৰা লাভ কৰা ৰাজ্যিক কৰৰ ২ কোটি ৯০ লাখ টকা কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনলৈ হস্তান্তৰ কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা জনাইছে গৰিমা শইকীয়া গার্গে। তেওঁ কয় যে অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ বাবে গঠন হোৱা এক সংস্থা হৈছে কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তই শিল্পীসকলক সহায় কৰা সংকল্পক বাস্তৱায়িত কৰাত বহু সাহস আমাক দিছে। তদুপৰি জুবিন গাৰ্গৰ হত্যা সন্দৰ্ভত গোচৰটো খৰতকীয়া কৰিবলৈ বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা বিশেষ আদালত গঠনৰ বাবে উচ্চতম ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলি যি ঘোষণা কৰিছে তাৰ বাবেও মুখ্যমন্ত্রী ড০ শৰ্মাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে গৰিমা শইকীয়া গার্গে।
