অসম বচাওক, ষষ্ঠ অনুসূচী বচাওক, খিলঞ্জীয়া বচাওক আহবানেৰে নাগৰিক সভা
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত শিল্পী সুৰক্ষা সমাজ, অসম, Civic and Social outreach congress, Assam আৰু নাগৰিক অধিকাৰ সমাজ, অসমৰ যৌথ উদ্যোগত কাৰ্বি আংলঙৰ ভূমিপুত্ৰ কাৰ্বি জনজাতি ৰাইজে সম্প্ৰতি সন্মুখীন হোৱা অস্তিত্বৰ সংকট, ষষ্ঠ অনুসূচীৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ পৰিস্থিতি সন্দৰ্ভত এখন নাগৰিক সভা অনুষ্ঠিত হয়। বিশিষ্ট প্ৰগতিশীল লেখক ড০ পৰমানন্দ মজুমদাৰে সভাপতিত্ব কৰা সভাখনৰ আঁত ধৰে Civic and Social outreach congress, Assam ৰ অধ্যক্ষ বন্দীপ দত্তই । সভাৰ আৰম্ভণিতে শিল্পী সুৰক্ষা সমাজ , অসমৰ অন্যতম আহ্বায়ক মুকুট লোচন কলিতাই আদৰণি বক্তব্য প্ৰদান কৰে। সভাত কাৰ্বি আংলঙৰ খেৰণিত পুলিচৰ গুলীত নিহত লিনুচ ফানছ’ আৰু হিংসাত্মক ঘটনাত নিহত সূৰয দে প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। ইয়াৰ পিছত উদ্যোক্তা সংগঠনসমূহৰ হৈ পংকজ কুমাৰ দাসে নাগৰিক সভাৰ বক্তব্য দাঙি ধৰি কয় হিন্দুত্ববাদী ৰাজনৈতিক আগ্ৰাসন তথা কৰ্প’ৰেট গোষ্ঠীৰ লুণ্ঠনৰ কবলত পাহাৰীয়া কাৰ্বি জনজাতি ৰাইজে ষষ্ঠ অনুসূচীৰ অধীনত লাভ কৰা অধিকাৰসমূহৰ ওপৰত নামি অহা আক্ৰমণৰ বিষয়ে বক্তব্য আগবঢ়ায় আৰু বিজেপি চৰকাৰৰ এনে জনজাতি তথা খিলঞ্জীয়া বিৰোধী নীতিৰ বিৰুদ্ধে অসমৰ সকলো স্তৰৰ ৰাইজৰ ঐক্যবদ্ধ প্ৰতিবাদৰ প্ৰয়োজনীয়তা দাঙি ধৰে। সভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেক, চিপিআই (এম-এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস, বিশিষ্ট শিক্ষাবিদ ড০ ইন্দ্ৰানী দত্ত, চিপিআইৰ ৰাজ্যিক সম্পাদক কণক গগৈ, খেৰণিৰ কাৰ্বি নেতা ৰুকচেন টিছ’, ৰাইজৰ দলৰ নেতা জয়ন্ত কুমাৰ দাস, প্ৰাক্তন বিধায়ক মুনীন মহন্ত, শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী গায়ত্ৰী বড়ি, অসম মহিলা সংঘৰ সভানেত্ৰী অসমী গগৈ, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নেত্ৰী গীতাঞ্জলি সোনোৱাল, বিশিষ্ট লেখক নৃপেন্দ্ৰ কুমাৰ বৰুৱা, অসম নাগৰিক অধিকাৰ সমাজ, অসমৰ সাংগঠনিক সম্পাদক তিলক মোহন, শিল্পী সুৰক্ষা সমাজ, অসমৰ আহ্বায়ক মুকুল দত্ত, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰ, বিশিষ্ট অধিবক্তা কৃষ্ণ গগৈ, সচেতন নাগৰিক, বিশিষ্ট ফটো সাংবাদিক সমীৰ চৌধুৰী, সুস্থ বিকাশ সমাজৰ ৰবীন দত্ত, শান্তিপুৰৰ আতফুৰ ৰহমান, এ আই টি ইউ চিৰ নেতা ফণী দাস আদিয়ে অংশগ্ৰহণ কৰে। সভাত বক্তা সকলে কয় যে বিজেপি চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত খিলঞ্জীয়া জনজাতি, অসমীয়া জনগণে নিজ ভূমিতে সাংবিধানিক অধিকাৰ সমূহ হেৰুৱাব লগা হৈছে। ষষ্ঠ অনুসূচীৰ এলেকা, জনজাতি বেল্ট আৰু ব্লকৰ প্ৰাকৃতিক সম্পদ আৰু ভূমিৰ ওপৰত অধিকাৰ হেৰুৱাব লগা হৈছে। আৰ এছ এছৰ পৰিকল্পিত আঁচনিৰে সংৰক্ষিত অঞ্চলত বহিৰাগত বনিয়া গোষ্ঠীৰ সম্পদ লুণ্ঠনৰ অভিযান চলাইছে। বক্তা সকলে খিলঞ্জীয়া ৰাইজে সন্মুখীন হোৱা এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ হলে অসমৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজ ঐক্যবদ্ধ হ’ব লাগিব আৰু অসমৰ বুকুৰ পৰা আৰ এছ এছ-বিজেপিৰ হিন্দুত্ববাদক উৎখাত কৰিব লাগিব। সভাই মত প্ৰকাশ কৰে যে সংবিধানৰ ষষ্ঠ অনুসূচী ৰক্ষা কৰা আৰু হিমন্ত বিশ্ব শৰ্মা বিভাজন-প্ৰলোভন-দমন নীতি ব্যৰ্থ কৰাৰ যোগেদিহে খিলঞ্জীয়া সকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। আজিৰ সভাই কাৰ্বি জনতাৰ পক্ষত দৃঢ়ভাৱে থিয় দি নিম্নোক্ত প্ৰস্তাৱ সমূহ গ্ৰহণ কৰে-
প্ৰস্তাৱ ১) আজিৰ নাগৰিক সভাই কাৰ্বি আংলঙৰ পৰিস্থিতি সন্দৰ্ভত অতিশয় উদ্বেগ প্ৰকাশ কৰি কয় যে কাৰ্বি আংলঙৰ পৰিস্থিতি বিক্ষিপ্ত আৰু আছুতীয়া ঘটনা নহয় , বৰং ৰাজনৈতিক ভাবে স্বায়ত্বশাসনৰ মৰ্যাদাক তৰল কৰি কৰ্পৰেট গোষ্ঠীক বৰপীৰা পাৰি দিয়া আৰু সাংস্কৃতিক ভাবে হিন্দীবলয়ৰ সাংস্কৃতিক আগ্ৰাসনক পৃষ্ঠপোষকতা কৰা নীতিয়েই ইয়াৰ বাবে দায়ী। স্বায়ত্তশাসিত পৰিষদ দুখন পৰ্বতসম দুৰ্নীতিত আকণ্ঠ ডুব গৈছে আনহাতে ষষ্ঠ অনুসূচীৰ অধীনৰ ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ হাজাৰ হাজাৰ ভূমি সৌৰ শক্তি প্ৰকল্প, চিমেণ্ট ফেক্টৰী আদিৰ নামত আদানি, আম্বানী আদি কৰ্প’ৰেট গোষ্ঠীক গটাই দিছে। পাহাৰীয়া জিলা দুখনৰ চূণ শিল, কয়লা আদি প্ৰাকৃতিক সম্পদৰ ওপৰত চলিছে অবাধ কৰ্প’ৰেট লুণ্ঠন। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ তথা স্বায়ত্তশাসিত পৰিষদৰ এনে কাৰ্যই খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বি, ডিমাছা সকলৰ গভীৰ অস্তিত্ব সংকটৰ সৃষ্টি কৰিছে। সম্প্ৰতি জয়শ্ৰী ৰাম ধ্বনি দি কাৰ্বি গ বেক বুলি ভাবুকি প্ৰদান কৰা ঘটনাই হিন্দুত্ববাদী আগ্ৰাসনৰ ছবিখন মুকলি কৈ দেখুৱালে। চৰকাৰৰ বিভাজন , সংঘাত, আগ্ৰাসনৰ ৰাজনীতিৰ ফলতে কাৰ্বি আংলঙৰ পৰিস্থিতি অগ্নিগৰ্ভ হৈ পৰিছে। বিজেপি চৰকাৰে স্বায়ত্তশাসিত পৰিষদখনৰ স্বতন্ত্ৰ অধিকাৰ নি:শেষ কৰি কৰ্প’ৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণ গঢ়ি তোলাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আজিৰ সভাই বিজেপি চৰকাৰৰ এনে জনজাতি তথা ষষ্ঠ অনুসূচী বিৰোধী কাৰ্যৰ প্ৰতিবাদ জনায় আৰু খিলঞ্জীয়া জনজাতীয় ৰাইজৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়।
প্ৰস্তাৱ ২) কাৰ্বি আংলঙৰ হিংসাত্মক পৰিস্থিতিৰ বাবে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক জগৰীয়া কৰে আৰু তেওঁৰ পদত্যাগ দাবী কৰাৰ লগতে শান্তিপূৰ্ণ প্ৰতিবাদৰ ওপৰত পুলিচৰ গুলীচালনাৰ নিন্দা কৰে। লগতে দোকান-বজাৰ জ্বলাই দিয়া ঘটনাৰ তীব্ৰ নিন্দা কৰে। সভাই এই ঘটনাত প্ৰাণ হানি হোৱা দুজন লোকৰ পৰিয়ালক ১ কোটি টকা আৰু আহত সকলক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী কৰে।
প্ৰস্তাৱ ৩) সভাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত কাৰ্বি আংলঙৰ পিজিআৰ-ভিজিআৰ দখলমুক্ত কৰিবলৈ দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰে।
৪) সভাই কাৰ্বি আৰু উত্তৰ কাছাৰ পাহাৰৰ প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্তৰত জনমত গঠন আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত গোচৰ ৰুজু কৰাৰ ওপৰত মত প্ৰকাশ কৰে।
প্ৰস্তাৱ ৫) সভাই খ্ৰীষ্টান ধৰ্মাৱলম্বী ৰাইজৰ বৰদিন উদযাপনৰ ওপৰত বজৰং দলে চলোৱা আক্ৰমণৰ প্ৰতিবাদ জনায় আৰু এনে আক্ৰমণৰ বিৰুদ্ধে সকলো ৰাইজক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়।
