নৱবৰ্ষৰ আগমন আৰু কিছু উপলব্ধি – বাহাৰুল ইছলাম

Pc Online Text Effect generator

নৱবৰ্ষৰ আগমন আৰু কিছু উপলব্ধি 

বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
“কুঁৱলীৰ আঁচলেৰে বগাই আহিছা
নিয়ৰৰ টোপালত মণি হৈ ভ্ৰমিছা,
অতীতৰ বুকুত বিৰহৰ কান্দোন
গঢ় লৈ উঠক মানৱতাৰ বান্ধোন।”

গতিশীল সময়ৰ বোকোচাত উঠি পাৰ হৈ গ’ল আন এটি বছৰ। অৰ্থাৎ আমাৰ জীৱনৰ পৰা আন এটি বছৰ কৰ্তন হ’ল। সময়ৰ অবিৰত যাত্ৰাক কোনেও ধৰি ৰাখিব নোৱাৰে। ই যেন প্ৰকৃতিৰ এক অনন্য ধাৰা। আচলতে জীৱনটোও এক সময়ৰেই হিচাপ মাথোঁ। নিৰ্দিষ্ট সময়ত জন্ম গ্ৰহণ কৰি বিভিন্ন ঘাত-প্ৰতিঘাত, সংঘাত,আৱেগ, অনুভূতিৰ বান্ধোনত ক্ৰমান্বয়ে মৃত্যুৰ ফালে ধাৱমান হয় এই আটকধুনীয়া জীৱন। শতিকাৰ পৰা শতিকালৈ এই নীতিৰে সময়ৰ জোখাৰে আপোনা-আপুনিকৈ সেয়া চলিছে। নতুন বৰ্ষত নতুন আশা বুকুত বান্ধি খোজ দিবলৈ আগ বাঢ়ি যাব বিচাৰোঁ আমি প্ৰত্যেকে। আশায়েই হৈছে মানুহৰ জীৱনৰ জীয়াই থকাৰ প্ৰেৰণা, আশা নথকা হলে পৃথিৱীখন ইমান সুন্দৰ কেতিয়াও নহ’ল হয়।

“সময়ৰ টিকনি আগফালে।” এক অসমীয়া প্ৰবাদ, যাৰ অৰ্থ হৈছে সময়ক কোনো কাৰণেই ৰোধ কৰিব নোৱাৰি, ই সদায় আগলৈ গতি কৰে। সেইদৰে বছৰ আহিব আৰু যাব, কাৰণ সময় কাৰো বাবে অপেক্ষা নকৰে। সৃষ্টিৰ আদিৰ পৰা সময়ৰ অবিৰত যাত্ৰা হ’লেও ইয়াক কৰ্মৰ জৰিয়তে কিছু হ’লেও ধৰি ৰাখিব পাৰি। কামৰ মাজেদিহে সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ প্ৰচাৰতে পাৰ হৈ যোৱা যেন লাগে। কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নুপুৱায়। এই সময়ক কাৰ্যক্ৰম অনুসৰি ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী; মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই দিন-ৰাতি, প্ৰহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল।

পৃথিৱীৰ মহান ব্যক্তিসকলৰ জীৱনীৰ ফালে অকণমান চকু ফুৰালেই বুজিব পাৰি যে, তেওঁলোকে মহান কৰ্ম সাধন কৰি কিদৰে জীৱনৰ জয়যাত্ৰাৰ আকুল পৰশত সময়ক খামুচি ধৰি ৰাখিছে। সময়ৰ সদ্ব্যৱহাৰ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পৰা যায়। ঘণ্টাত আশী কিলোমিটাৰ যোৱা ৰেলগাড়ী এখনৰ উপাৰ্জন ঘণ্টাত দুই কিলোমিটাৰ যোৱা ঠেলা গাড়ী এখনৰ সমান হ’ব নোৱাৰে। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওপৰ কৰিব সময় নোপোৱা ছাত্ৰ জনে নম্বৰ বেছিকৈ পাব। এক চেকেণ্ড সময়ৰ ব্যৱধানত গাড়ীৰ খুন্দা মৰাৰ পৰা বাচি অহা মানুহে বুজিব ইয়াৰ মূল্য। এসপ্তাহ হস্পিটেলত ভৰ্তি হৈ কোনোমতে আৰোগ্য লাভ কৰা জনে বুজিব সময়ৰ দাম। গতিকে সময়ৰ উচিত ব্যৱহাৰে সফলতাৰ কাৰণ। কাৰণ সময় অমূল্য ধন। সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে।

সময়ৰ তাগিদাত আমি প্ৰত্যেকজন লোকেই নিজৰ কৰ্ম সাধন কৰোঁ। কিন্তু এই ভাল-বেয়াৰ পাৰ্থক্য নকৰাকৈ কৰ্ম সাধন কৰাটোৱেই আমাৰ হিতে বিপৰীত হৈ পোখা মেলে। পৃথিৱীৰ যিমান মহান ব্যক্তি আছিল প্ৰত্যেকেই কিন্তু মানৱতাৰ পক্ষে কিবা নহয় কিবা কৰিছে। আমি আনৰ হকে কাম কৰা উচিত যদিও কৰিব নোৱাৰি কিন্তু আনৰ যাতে অকণমানো অপকাৰ নকৰোঁ তেতিয়াহে মানুহ হিচাপে জনম লোৱা সাৰ্থক হ’ব। এদিন নাছিলোঁ আজি আছোঁ আৰু এদিন নাথাকোঁ। এই চিৰন্তন সত্য বচন ফাঁকি আমাৰ অন্তৰত নিতৌ সক্ৰিয় হৈ থাকিলেহে ভাল কাম কৰিবলৈ বাধ্য হ’ম অন্যথা আমি পাষাণৰ দৰে হৈ উঠিম। আমি সকলোৱে জ্ঞাত যে,বিশ্ব বিখ্যাত মহাপুৰুষ কিম্বা মহান ব্যক্তিসকলৰ পৰা আৰম্ভ কৰি অত্যাচাৰী, হত্যাকাৰী অহংকাৰী, লুণ্ঠন কাৰী অথবা ধৰ্ষণ কাৰী ইত্যাদি সকলোৱেই কিন্তু এই সময়ৰ সোঁতত হেৰাই গৈছে আৰু ভৱিষ্যতে হেৰাই যোৱাটো খাটাং। এতেকে আমি নম্ৰ, বিনয়ী, পৰপোকাৰী, সত্যবাদী, মানৱতাৰ পক্ষে জীৱন নিৰ্বাহ কৰা অত্যন্ত জৰুৰী।

বিগত বৰ্ষৰ কঠিন সময় বোৰ আমি সকলোৱে পাৰ কৰিব পাৰিলেও আমি কিছু চাপত ভুগি থাকিব লগা হ’ল। বহু বিষাদে আমাক বৰকৈ কন্দুৱাই থৈ গ’ল। অসহনীয় আছিল সেই অস্বাভাৱিক কিছু বেদনা। বিশেষকৈ জনপ্ৰিয় শিল্পী অসমৰ হাৰ্টথ্ৰব, লুইত কণ্ঠ জুবিন গাৰ্গ (১৯ ছেপ্টেম্বৰ) লগতে অন্যান্য আৰু বহু কেইগৰাকী সমাজ জীৱনৰ বিখ্যাত লোক আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় হ’ল। হয়তো আমাৰ কিছুমানৰ কিছু আশা আৰু সপোনে দিঠক দেখিলে কিন্তু আন বহুতৰেই আশা আৰু সপোন বিষাক্ত হৈ প্ৰতিনিতে বিষাদৰ জুইকুৰা দ্বিগুণে জ্বলাই ইন্ধন কৰে।

কিন্তু আমি ধৈৰ্য ধাৰণ কৰিব লাগিব কিয়নো জীৱন তেনেকুৱাই ঘাত-প্ৰতিঘাত, সংঘাত, সুখ-দুখ ইত্যাদিৰে ভৰপূৰ এটি একাঁবেকাঁ নৈ। সেয়েহে দাৰ্শনিক ৰুছোয়ে কৈছিল,”ধৈৰ্য তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা।”

এইটো কথা স্বীকাৰ কৰিব লাগিব যে, চাবলৈ জানিলে আমাৰ এই জগত খনি সঁচাকৈয়ে বিনন্দীয়া। কি নাই ইয়াত। সুখ-দুখ, হাঁহি- কান্দোন, ভালপোৱা-ঘৃণা, আশা-নিৰাশা, ন্যায়-অন্যায়, পৰপোকাৰ, মানৱতা কিম্বা মনুষ্যত্ব। এই সকলোবোৰ আপেক্ষিক। আমি কেনেকৈ অনুভৱ কৰোঁ, জীৱনক কিদৰে গ্ৰহণ কৰোঁ। সেয়া অৱশ্যে আমাৰ ওপৰতে নিৰ্ভৰ কৰে। অনুভৱৰ ছন্দতে লুকাই থাকে জীৱনৰ প্ৰাচুৰ্য। তাৰ পৰা আমি কেৱল নিয়মানুসাৰে লৈ জীৱনক বাৰে বৰণীয়া কৰাটো আমাৰ দায়িত্ব। নৱবৰ্ষ কত আহিছে কত গৈছে কত আহিব কত যাব তাৰ লেখ-জোখ নাই। আমি যেতিয়ালৈকে নিজকে পৰিৱৰ্তন কৰিব নোৱাৰিম তেতিয়ালৈকে কোনেও আমাক পৰিৱৰ্তন নকৰে। এতেকে আমি আমাক সলনি কৰি গোটেই সমাজখন পোহৰাই তুলিব লাগিব তেহে জীৱশ্ৰেষ্ঠৰ মান অক্ষুণ্ণ থাকিব। এই কঠিন সময়বোৰ আগন্তুক বৰ্ষই নোহোৱা কৰক, আকাশৰ কলীয়া ডাৱৰ বোৰ স্নিগ্ধ বৃষ্টি পাতেৰে আঁতৰি যাওঁক। কেৱলমাত্ৰ দেৱালত লাগি থকা সেই পুৰণি কেলেণ্ডাৰ খনৰেই পৰিৱৰ্তন নহওক। আহক আমি সকলোৱে ঐক্যবদ্ধ হৈ আগবাঢ়োঁ সমাজৰ হকে,দেশ-দহৰ হকে, ভৱিষ্যত প্ৰজন্মৰ হকে আৰু বিশ্ব শান্তিৰ হকে।

“নৱবৰ্ষৰ কঢ়িয়াই আনক পোহৰ বাট
শাম কাটক সকলোৰে ঘাত-প্ৰতিঘাত,
আশা আৰু সপোনৰ বন্তি জ্বলক
সুন্দৰৰ পৰশত সৱে আগুৱাই বলক।”