বিদায় ২০২৫ – কল্যাণী গগৈ

Pc Astronet.hu - BorsOnline

বিদায় ২০২৫

কল্যাণী গগৈ (মুনু)
 চিলাপথাৰ, ধেমাজি 

যোৱাগৈ..
তোমাক আৰু ঘূৰাই নিবিচাৰোঁ
নিবিচাৰোঁ দুনাই..
তুমি দিয়া সেই অসহ্যকৰ
উপহাৰৰ টোপোলা টো ….
ভাল লগা স্মৃতিবোৰ
সদায় লগত থাকিব..
কিন্তু…
বছৰটোৰ বহু সময়ত তুমি
বৰ নিষ্ঠুৰ হ’লা অ…
জাতিটোৰ মূল খুঁটাটোকে দেখোন
উভালি পেলালা তুমি,
আৰু জানো কিবা বাকী আছে
যোৱাগৈ যোৱা…
এতিয়া আকৌ ঘূৰাই নিবিচাৰোঁ,
তোমাৰ সেই নিষ্ঠুৰতাৰ বলি
আৰু বহুজনে হোৱাটো…
জীৱনৰ বিভিন্ন সমস্যাবোৰ
একেই থাকিব,
তোমাৰ এই বিদায়ে এইবোৰ
একোকে সলনি নকৰে….
সলনি হ’ব মাথোঁ
কেলেণ্ডাৰৰ তাৰিখ…
তথাপিও কওঁ,
বিদায় ২০২৫
তুমি আৰু উভতি নাহিবা,
সহিব নোৱাৰোঁ আৰু
তুমি দিয়া আঘাতৰ বিষবোৰ
সময়ৰ এই বোৱতী নদীৰ সোঁতত
অস্পষ্ট হৈ ৰোৱা তুমি….
যাৰ আঁৰত লুকাই থাকিব
নতুনত্বৰ সৃষ্টিৰ
অন্য এটি অধ্যায়..