ফেব্ৰুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহত বিজেপিয়ে ঘোষণা কৰিব প্রার্থীৰ নামঃমুখ্যমন্ত্ৰী

ফেব্ৰুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহত বিজেপিয়ে ঘোষণা কৰিব প্রার্থীৰ নামঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘২৬ৰ বিধানসভা নির্বাচনলৈ পূর্ণ প্রস্তুতিৰে সাজু শাসকীয় দল বিজেপি। ফেব্ৰুৱাৰীৰ প্ৰথম বা দ্বিতীয় সপ্তাহত প্রার্থীৰ তালিকা ঘোষণা কৰিব শাসকীয় দলটোৱে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা স্পষ্ট কৰিলে।  সাংবাদিকৰ সৈতে হোৱা বার্তালাপত এই মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- প্ৰাৰ্থীৰ ঘোষণা আমি ফেব্ৰুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত কৰিম। আনহাতে বিটিচিত বিজেপিয়ে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব, তাক লৈ উত্থাপিত প্রশ্ন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য- বিজেপিয়ে ৫-৬টা সমষ্টিত খেলিব পৰা পৰিৱেশ আছে। মিত্ৰতাৰ কথা যেতিয়া আহিব, তেতিয়া পৰিৱেশবোৰ সলনি হ’ব। কিন্তু বৰ্তমানৰ বিজেপিৰ যি সাংগঠনিক স্থিতি, সেই দিশৰ পৰা আমি ৫-৬টা সমষ্টিত মিত্রতা হ’লেও পাব লাগে। বাকী আসনৰ ভাগ-বাটোৱাৰাৰ বিষয়টো আলোচনাৰ ওপৰত নিৰ্ভৰ কৰিব। বৰ্তমানলৈকে মিত্ৰদলৰ সৈতে আলাপ-আলোচনা হোৱা নাই। বিটিচিৰ ভিতৰৰ পৰিৱেশ আৰু দিছপুৰৰ পৰিৱেশ পৃথক। দিছপুৰত আমি একেলগে আছোঁ। কিন্তু বিটিচিত বিপিএফ আৰু ইউপিপিএল পৃথকে পৃথকে আছে। গতিকে বিপিএফ আৰু ইউপিপিএলৰ লগত একেলগে মিত্ৰতাৰে কিদৰে আগবাঢ়িব পাৰি তাৰ পৰিৱেশ ৰচনা কৰাৰ প্ৰচেষ্টা চলি আছে। ইতিপূর্বে মুখ্যমন্ত্রী ড° শৰ্মাই ঘোষণা কৰিছিল যে ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে অগপৰ সৈতে আসনৰ ভাগ-বাটোৱাৰাৰ চূড়ান্ত সিদ্ধান্ত নহ’ব। এনে অৱস্থাত বিজেপিৰ প্রার্থী তালিকা প্রকাশৰ পূৰ্বে যে আসনৰ ভাগ-বাটোৱাৰাৰ বিষয়টো চূড়ান্ত কৰা হ’ব সেয়া নিশ্চিত। মুখ্যমন্ত্ৰীয়ে অগপৰ সৈতে আসন বুজাবুজিক লৈ আলোচনা চলি থকা বুলিও আজি উল্লেখ কৰে। ইফালে অহা ২৫ ফেব্ৰুৱাৰী বা ২৯ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে নির্বাচন আগতীয়াকৈ নহয়, বিগত নির্বাচন ২৭ ফেব্ৰুৱাৰীত ঘোষণা হৈছিল। এইবাৰ ২৫ ফেব্ৰুৱাৰীত নতুবা ২৯ ফেব্ৰুৱাৰীত ঘোষণা হ’ব পাৰে। গতিকে নিৰ্বাচনৰ দিন ঘোষণালৈ ৫৭-৫৮ দিন বাকী আছে।