অসম-ত্ৰিপুৰাত ১১ দুর্ধর্ষ মৌলবাদী গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশৰ পৰা নিয়ন্ত্রিত নিষিদ্ধঘোষিত সংগঠন জামাত-উল-মুজাহিদীন বাংলাদেশ, চমুকৈ জেএমবিৰ শাখা ইমাম মাহমুদাৰ কাফিলা, চমুকৈ আইএমকেক এইবাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জেহাদৰ নেটৱৰ্কটো সম্প্ৰসাৰিত কৰাৰ দায়িত্ব প্রদান কৰা হৈছে। শেহতীয়াকৈ অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’র্চ, চমুকৈ এছটিএফে(STF) কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ সহযোগত অসম আৰু ত্ৰিপুৰাৰ পৰা ১১জন জেহাদীক গ্ৰেপ্তাৰ কৰে। অসমত নিষিদ্ধঘোষিত জেহাদী সংগঠনসমূহৰ কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত এছটিএফে পূৰ্বতে ঘোষণা কৰা অপাৰেচন প্ৰঘাতৰ সাফল্যৰ পাছতে এইবাৰ আৰম্ভ কৰা অপাৰেচন প্রতিঘাতত এই সাফল্য লাভ কৰিছে।

খানাপাৰাৰ আৰক্ষী আয়ুক্তালয়ৰ কার্যালয়ত আয়োজিত এখন সংবাদ মেলত অপাৰেচন প্রতিঘাতৰ বিষয়ে সদৰী কৰি গুৱাহাটী আৰক্ষী আয়ুক্ত তথা এছটিএফৰ মুৰব্বী ড° পাৰ্থসাৰথি মহন্তই কয় যে অপাৰেচন প্ৰঘাতৰ পিছৰে পৰা অসম আৰক্ষীয়ে ৰাজ্যত জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে। শেহতীয়াকৈ কেন্দ্রীয় চোৰাংচোৱা সংস্থাসমূহৰ সহযোগত এছটিএফে অসম আৰু ত্ৰিপুৰাত অভিযান চলাই ১১জন জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ২৯-৩০ ডিচেম্বৰৰ মাজনিশা অসম আৰক্ষীৰ এছটিএফে অসম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত অভিযান চলাই জেহাদীকেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰে। ধৃত জেহাদীকেইটা হৈছে ক্রমে বৰপেটাৰোডৰ নাছিমউদ্দিন ওৰফে নাজিমউদ্দিন ওৰফে তামিম (২৪), মঙলদৈৰ আফ্রাহিম হুছেইন (২৪), চিৰাঙৰ জুনাব আলী (৩৮), বৰপেটাৰোডৰ মিজানুৰ ৰহমান (৪৬) চুলতান মেহমুদ (৪০), ছিদ্দিক আলী (৪৬), বাক্সাৰ ৰছিদুল আলম (২৮), মহিবুল খান (২৫), বৰপেটাৰোডৰ ছাৰুক হুছেইন (২২), দিলবৰ ৰজক (২৬) আৰু পশ্চিম ত্ৰিপুৰাৰ জাগিৰ মিএগ (৩৩)। আৰক্ষী আয়ুক্ত ড° মহন্তই কয় যে ধৃত ১১জনৰ ভিতৰত আইএমকেৰ অসম ইউনিটৰ মুৰব্বী হিচাপে আছিল বৰপেটাৰোডৰ পৰা গ্ৰেপ্তাৰ কৰা নাছিমউদ্দিন ওৰফে নাজিমউদ্দিন ওৰফে তামিম। তেওঁ কয় যে ২০২৪ চনৰ আগষ্ট মাহত শেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে আইএমকেৰ স্বঘোষিত আমিৰ জুৱেল মাহমুদ ওৰফে ইমাম মাহমুদ হাবিবুল্লা ওৰফে ছোহেইলক বাংলাদেশৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল। বাংলাদেশৰ অন্যতম নিষিদ্ধঘোষিত সংগঠন জেএমবিৰ আনছাৰুল্লাহ বাংলা টীম আৰু আল-কায়দা ইন দ্য ইণ্ডিয়ান ছাবকন্টিনেন্ট, চমুকৈ একিউআইএছৰ জ্যেষ্ঠ নেতাসকলে আইএমকেৰ নেতৃত্বক ভাৰতীয় ম’ডিউলসমূহ সক্ৰিয় আৰু বিস্তাৰ কৰিবলৈ নিৰ্দেশ প্রদান কৰে। এই সমস্ত প্রক্রিয়াত বাংলাদেশী নাগৰিক ওমৰ আৰু খালিদক অসমৰ কাৰ্যকলাপ সমন্বয়কৰ দায়িত্ব দিয়া হয়। ভাৰতত নিষিদ্ধ এই সংগঠনটোৱে অকল অস্ত্র জেহাদেই নহয়, এতিয়া ডিজিটেল জেহাদকো নেটৱৰ্ক প্ৰসাৰিত কৰাত সহায়ক হিচাপে লৈছে। এইক্ষেত্ৰত ‘পূর্ব আকাশ’ নামৰ এটা এনক্রিপটেড সামাজিক মাধ্যমৰ জৰিয়তে সমন্বয় স্থাপন কৰি আইএমকেৰ নেতৃত্বই অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাত থকা সংখ্যালঘু লোকসকলক জেহাদী কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াত ভাৰতীয় পাছপ’ৰ্ট থকা তথা পূর্বে বাংলাদেশ ভ্রমণ কৰা ব্যক্তি-নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ প্ৰাক্তন কেডাৰসকলকো অন্তর্ভুক্ত কৰি লোৱা হৈছে। আৰক্ষী আয়ুক্ত ড° মহন্তই কয় যে অসমত আইএমকে নিজকে ‘গজৱাতুল হিন্দ’কেন্দ্রিক ম’ডিউল হিচাপে আত্মপ্রকাশ কৰিছে। অর্থাৎ মুছলিমৰ আধিপত্য বিস্তাৰেৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা সংগঠনটোৱে কৰিছে। কিন্তু কিদৰে জেহাদীয়ে নিজৰ উদ্দেশ্য ৰাইজৰ মাজত বিস্তাৰ কৰে এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত ড° মহন্তই কয় যে বিভিন্ন ডিজিটেল মাধ্যমত তেওঁলোকে ‘সার্বভৌম ক্ষমতাৰ মালিক আল্লা’ আৰু ‘গজবতুল হিন্দৰ সংক্ষিপ্ত আলোচনা’ শীর্ষক মতাদৰ্শৰে কেডাৰ আৰু সমৰ্থকসকলৰ মাজত জেহাদৰ আদৰ্শ প্ৰচাৰ কৰে। এইক্ষেত্ৰত টেলিগ্রাম ইউটিউব আৰু ফেচবুকৰ দৰে জনপ্রিয় সামাজিক মাধ্যমক তেওঁলোকে অস্ত্র হিচাপে লৈছে। যিকোনো সংখ্যালঘু যুৱকে এই মতাদৰ্শৰ বিষয়ে আকৰ্ষিত হোৱাৰ লগে লগে তেওঁলোকে এক সু-সংগঠিত প্রক্রিয়াৰে উক্ত যুৱকসকলক জেহাদী কাৰ্যকলাপত নিয়োগৰ ব্যৱস্থা কৰে। তেওঁলোকে প্রথমতে অনলাইন জেহাদ চেনেলৰ জৰিয়তে ভাৰতীয় সদস্যসকলক চিনাক্ত কৰি জেহাদৰ বিভিন্ন গ্রন্থ আৰু বক্তৃতা যোগান ধৰে। সুৰক্ষিত টেলিগ্রাম গ্রুপত কিছুদিন ধৰি সদস্যসকলৰ গতি-বিধিসমূহ পর্যবেক্ষণ কৰাৰ অন্তত যদিহে নিয়োগৰ বাবে উপযুক্ত বুলি বিবেচিত হয়, তেন্তে ব্যক্তিগত তথ্য আৰু পৰিচয়-পত্ৰ এক নিৰ্ধাৰিত ফৰ্মৰ জৰিয়তে সংগ্ৰহ কৰি শপতগ্ৰহণৰ ভিডিঅ’ ৰেকৰ্ড কৰা হয়। তাৰ পিছতে সেই ভিডিঅ’ সুৰক্ষিত চেনেলৰ জৰিয়তে বাংলাদেশত থকা জেহাদৰ মুৰব্বীলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয়। তাৰ পাছতে তেওঁলোকক সংগঠনৰ সদস্য হিচাপে গ্রহণ কৰা হয়। এই পদ্ধতিৰে অসমৰ বিশেষকৈ বৰপেটা আৰু চিৰাং জিলাৰ লগতে পশ্চিমবংগৰ বহু যুৱকক জেহাদী সংগঠনত চামিল কৰা হৈছে বুলি আয়ুক্ত ড° মহন্তই কয়। অসম আৰক্ষীয়ে দীর্ঘদিনৰ পৰা এই গতি-বিধিসমূহ নজৰত ৰাখিছিল। বিগত ২০২৪ চনৰ ডিচেম্বৰ মাহৰ পৰা বৰপেটাকে ধৰি অসমৰ কিছু অঞ্চলৰ মছজিদত সশস্ত্ৰ সংগ্ৰামৰ পক্ষে আইএমকেই গোপনে বৈঠক অনুষ্ঠিত কৰিছিল। এছটিএফে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা বৰপেটাৰোডৰ নাছিমউদ্দিন আৰু ছিদ্দিক আলীয়ে চলিত বৰ্ষৰ এপ্রিলত মেঘালয় হৈ বাংলাদেশী জেহাদী নেতাৰ সৈতে সাক্ষাৎ কৰিবলৈ যোৱাৰ খবৰো আৰক্ষীয়ে লাভ কৰিছিল। অকল সেয়াই নহয়, তাৎপর্যপূর্ণভাৱে অসমৰ সংখ্যালঘু ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি উক্ত ধন হাৱালা নেটৱৰ্কৰ মাধ্যমেৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল। এইক্ষেত্ৰত অসমৰ ইউনিটৰ মুৰব্বী হিচাপে কৰ্তব্যৰত হৈ থকা বৰপেটাৰোডৰ নাছিমউদ্দিন ওৰফে তামিমে ধনসমূহ সংগ্রহ কৰিছিল। হাৱালাই নহয়, ইউপিআই প্লেটফৰ্ম আৰু বেংক একাউণ্টৰ মাধ্যমেৰেও অসম আৰু ত্ৰিপুৰাৰ পৰা সংগৃহীত লাখ লাখ টকা বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল। অসম আৰক্ষীৰ এছটিএফে বৰপেটা, চিৰাং, বাক্সা আৰু দৰঙত অভিযান চলোৱাৰ লগতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ বিভিন্ন স্থানত অভিযান চলাই বহুসংখ্যক আপত্তিজনক সামগ্রী জব্দ কৰিছে। এই সামগ্ৰীসমূহৰ ভিতৰত অস্ত্ৰ আৰু বোমা নির্মাণ সম্পর্কীয় সামগ্রীও আছে বুলি জানিব পৰা গৈছে। এছটিএফে ধৃত ১১জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত আন কেইবাগৰাকীও জেহাদীক কৰায়ত্ত কৰা হ’ব বুলি আৰক্ষী আয়ুক্ত তথা এছটিএফৰ মুৰব্বী ড° পাৰ্থ সাৰথি মহন্তই সংবাদ মেলযোগে সদৰী কৰিছে।
