ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বজালীৰ মেধিকুছিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত নতুন চৌহদ উদ্বোধন কৰে। উচ্চ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্রতিশ্রুতিৰ অংশ হিচাপে প্রায় ৫২.৯৯ কোটি টকা ব্যয়েৰে নতুন চৌহদটো নিৰ্মাণ কৰা হৈছে। চৌহদটোত সকলো আধুনিক সুবিধা উপলব্ধ কৰা হৈছে। প্রশাসনিক ভৱন, আধুনিক প্রযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ ৩টা শৈক্ষিক ভৱনৰ লগতে বিজ্ঞান ভৱন আৰু মানৱিকী (Humanities) ভৱন আদিত অত্যাধুনিক শ্রেণীকোঠা, গৱেষণাগাৰ, ভাষা গৱেষণাগাৰ, পুথিভঁৰাল আদিৰ সু-ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি উপাচাৰ্যৰ আৱাস, বিষয়াৰ আৱাস আৰু এখন কেফেটেৰিয়া নিৰ্মাণ কৰা হৈছে। প্রায় ৯,৩৯৯ বর্গমিটাৰ নিৰ্মাণ এলেকাৰ উক্ত চৌহদত অন্যান্য উচ্চমানৰ সা-সুবিধাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে চিচি টিভি কেমেৰা, ষ্টীট লাইটৰ ব্যৱস্থা আৰু বিদ্যুৎ উপ-কেন্দ্ৰৰো ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বজালীৰ মেধিকুছিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধনৰ এই দিনটো অসমৰ উচ্চ শিক্ষাৰ যাত্ৰাত এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱাৰ লগতে বজালীবাসীৰ বাবে আজিৰ দিনটোৱে বিশেষ তাৎপর্য বহন কৰিছে। বজালী মহাবিদ্যালয়ৰ সমৃদ্ধ এতিহ্যৰ ভেটিত জন্মলাভ কৰা এই বিশ্ববিদ্যালয়খনে শিক্ষাৰ ৰূপান্তৰকাৰী শক্তিত বিশ্বাসী অগণন ব্যক্তিৰ দূৰদৰ্শী চিন্তা, অধ্যৱসায় আৰু নিষ্ঠাৰ সাক্ষ্য বহন কৰিছে বুলি তেওঁ মন্তব্য কৰে। আজিৰ এই শুভক্ষণত বজালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্রয়াত কামেশ্বৰ দাসৰ নাম স্মৰণ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রয়াত দাসৰ দূৰদৰ্শী নেতৃত্বতে ১৯৫৫ চনত বজালী মহাবিদ্যালয় প্রতিষ্ঠা হৈছিল। এখন পূর্ণপর্যায়ৰ বিশ্ববিদ্যালয়লৈ বজালী কলেজৰ উত্তৰণে বৃহত্তৰ বজালী অঞ্চলত এখন উচ্চ শিক্ষাৰ কেন্দ্ৰ গঢ়াৰ বাবে থকা প্রতিষ্ঠাপক অধ্যক্ষগৰাকীৰ সপোনে আজি পূর্ণতা লাভ কৰিলে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে ছয় দশকৰ গৌৰৱোজ্জ্বল ইতিহাস থকা বজালী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাটো আছিল অসমৰ শৈক্ষিক ক্ষেত্ৰৰ বাবে এক গৌৰৱময় অধ্যায়। ২০১৭ চনত অসম বিধানসভাই পাৰিত কৰা ‘ভট্টদেৱ বিশ্ববিদ্যালয় আইন’ৰ আধাৰত এই বিশ্ববিদ্যালয়খন প্রতিষ্ঠা কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। ভাষণত তেওঁ ‘অসমীয়া গদ্য সাহিত্যৰ জনক’ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্যৰ্য বা ভট্টদেৱৰ প্ৰতি গভীৰ শ্রদ্ধা নিবেদন কৰে। ভট্টদেৱৰ জীৱন, কৃতি আৰু পৰ্বতসম বৌদ্ধিক বৰঙণিৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমীয়া ভাষা, সাহিত্য আৰু বৌদ্ধিক এতিহ্যলৈ ভট্টদেৱে আগবঢ়োৱা অপৰিসীম অৱদানৰ প্ৰতি সম্মান জনাই তেওঁৰ নামেৰে এই বিশ্ববিদ্যালয়খনৰ নামকৰণ কৰা হৈছে। অসমীয়া গদ্যৰ জনক হিচাপে স্বীকৃত এইগৰাকী প্ৰবাদ পুৰুষৰ স্মৃতিত এই বিশ্ববিদ্যালয়খনৰ নামকৰণ কৰাটো এইগৰাকী মহাপুৰুষৰ প্ৰতি ৰাজ্য চৰকাৰৰ শ্ৰদ্ধা নিবেদনৰ বিনম্র প্রয়াস বুলি তেওঁ মন্তব্য কৰে। ২০১৯ চনৰ ২৪ জুনত প্ৰথমগৰাকী উপাচাৰ্যৰ যোগদানৰ জৰিয়তে আনুষ্ঠানিকভাৱে প্রতিষ্ঠিত হোৱা ভট্টদের বিশ্ববিদ্যালয়ে শৈক্ষিক দিশত ক্রমান্বয়ে শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি বিশ্ববিদ্যালয়ত ১৯টা শৈক্ষিক বিভাগ থকাৰ লগতে বহুকেইটা বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু ৰসায়ন বিজ্ঞান, সংস্কৃত তথা বাণিজ্য বিভাগত ৫ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰি এই শিক্ষা প্রতিষ্ঠানখনে উৎকৃষ্টতাৰ প্রতি দায়বদ্ধতা প্রদর্শন কৰিছে। লগতে সকলো বিভাগতে নতুন শিক্ষানীতি অনুসৰি, ৪ বছৰীয়া স্নাতক পাঠ্যক্রম প্ৰৱৰ্তন কৰাটোৱে বিশ্ববিদ্যালয়খনৰ অগ্রগামী যাত্ৰাৰ স্পষ্ট নিদর্শন দাঙি ধৰিছে। শৈক্ষিক কাৰ্যসূচীৰ উপৰি শেহতীয়াকৈ ভট্টদের বিশ্ববিদ্যালয়ে এখন এফিলিয়েটিং বা সংলগ্নকাৰী বিশ্ববিদ্যালয় হিচাপেও গুরুত্বপূর্ণ দায়িত্ব গ্ৰহণ কৰিছে। বৃহত্তৰ বৰপেটা আৰু বজালী জিলাৰ ২২খন মহাবিদ্যালয় এতিয়া এই বিশ্ববিদ্যালয়খনৰ অন্তৰ্ভুক্ত হৈছে, য’ত প্রায় ২০ হাজাৰ ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত হৈ আছে। এখন নবীন শিক্ষা প্রতিষ্ঠান হোৱা সত্ত্বেও গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত ভট্টদের বিশ্ববিদ্যালয়ে উল্লেখনীয় অগ্রগতি লাভ কৰিছে। বিশ্ববিদ্যালয়খনে বিজ্ঞান আৰু প্রযুক্তি বিভাগ, ইণ্ডিয়ান নেচনেল ছায়েন্স একাডেমী, জৈৱ-প্রযুক্তি বিভাগ আৰু এছটেকৰ দৰে সন্মানীয় ৰাষ্ট্ৰীয় সংস্থাৰ পৰা কেইবাটাও গৱেষণা প্রকল্প লাভ কৰিবলৈ সক্ষম হোৱাটোৱে গৱেষণাৰ ক্ষেত্ৰত বিশ্ববিদ্যায়খনে প্রদান কৰা গুৰুত্বৰ প্ৰমাণ দিছে। বিশ্ববিদ্যালয়খনৰ বহুসংখ্যক শিক্ষকৰ গৱেষণা-পত্র বিশ্ববিদ্যালয় অনুদান আয়োগ স্বীকৃত জার্নেল, স্কোপাছ আৰু ৱেব অৱ ছায়েন্সত প্রকাশ পোৱাটো নিশ্চিতভাৱে এটা আনন্দৰ খবৰ বুলি তেওঁ মন্তব্য কৰে। প্রাচীন ঐতিহ্যক সাৰোগত কৰি নতুন প্ৰজন্মক দক্ষতাৰ পৰিচয় দিবলৈ শেহতীয়াকৈ বিশ্ববিদ্যালয়খনত ‘হণ্ডিয়ান ন’লেজ ছিষ্টেম’ আৰু ‘স্কিল ডেভেল’পমেন্ট’ৰ দুটা কেন্দ্ৰ মুকলি কৰা বুলি জানিবলৈ দি মুখ্যমন্ত্রীয়ে কয় যে পিএম-উষা আঁচনিৰ অধীনত ভট্টদের বিশ্ববিদ্যালয়ে লাভ কৰা ২০ কোটি টকাৰ অনুদানে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু উন্নত গৱেষণাৰ সা-সুবিধা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। এই বিনিয়োগে বিশ্ববিদ্যালয়খনক এখন আধুনিক আৰু প্রতিযোগিতামূলক প্রতিষ্ঠান হিচাপে গঢ়ি তুলিব বুলি উল্লেখ কৰি এই বদান্যতাৰ বাবে তেওঁ প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে। নতুন ভৱনটোৱে বৰপেটা আৰু বজালী জিলাত শিক্ষাৰ নৱজাগৰণৰ সৃষ্টি কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ‘আমাৰ শিক্ষা ব্যৱস্থা, স্বাস্থ্য, আমাৰ ক্ৰীড়া-সংস্কৃতি আদিৰ লগতে সমগ্ৰ পৃথিৱীখন আজি সম্পূৰ্ণৰূপে সলনি হ’বলৈ আৰম্ভ কৰিছে। প্ৰযুক্তিৰ চমকপ্রদ বিকাশে এই পৰিৱৰ্তনক অধিক দ্রুততৰ কৰি তুলিছে।’ তেওঁ কয়- ‘এসময়ত চিকিৎসা খণ্ডত এক্স-ৰে’ বা ৰঞ্জন ৰশ্মিয়েই আছিল ৰোগ নিৰ্ণয়কাৰী আটাইতকৈ অত্যাধুনিক প্রযুক্তি। কিন্তু তাক চেৰ পেলাই পৰৱৰ্তী সময়ত আল্ট্রাছাউণ্ড চিটি স্কেন, এম আৰ আইৰ সূচনা হ’ল। এতিয়া এম আৰ আইৰ যুগো অতীত হোৱাৰ পথত। প্রযুক্তিয়ে এতিয়া আমাক জেনেটিক অধ্যয়নৰ যুগলৈ লৈ গৈছে। অহা ১০ বছৰৰ পাছত আমাৰ কি অসুখ হ’ব পাৰে, সেয়া আমি আজিয়েই জানিবলৈ প্ৰচেষ্টা কৰিব পৰা হৈছোঁ।’ তেওঁ কয় যে আগতে জ্যোতিষীয়ে জ্যোতিষ শাস্ত্র গণনা কৰি কেতু- ৰাহুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি অসুখ-বিসুখৰ ভৱিষ্যদ্বাণী কৰিছিল, কিন্তু আজি আমি জেনেটিক অধ্যয়নৰ জৰিয়তে মাথোঁ ১২ হাজাৰ টকা খৰচ কৰিয়েই ১০ বছৰৰ পাছত আমাৰ কি অসুখ হ’ব পাৰে সেয়া জানিব পাৰোঁ। এসময়ৰ টাৱাৰ নিৰ্ভৰ মোবাইল ফোন আজি চেটেলাইট নিৰ্ভৰ হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে মোবাইল নেটৱৰ্কৰ প্ৰয়োজন নোহোৱাকৈয়ে আৰু দিনদিয়েকৰ পাছত আমি মাহিলি নির্দিষ্ট অংকৰ মাচুল দি দুর্গম-সুগম যিকোনো ঠাইৰ পৰা একেই মানৰ মোবাইল সেৱা উপভোগ কৰিব পাৰিম। তেওঁ আৰু কয় যে এতিয়া চিকিৎসা বিজ্ঞানত অস্ত্রোপচাৰৰ বাবেও মানৱ চিকিৎসকৰ ঠাইত ৰবটৰ প্ৰয়োগ আৰম্ভ হৈছে। ইয়াৰ উদাহৰণৰ বাবে দূৰলৈ যাব নালাগে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে এতিয়া ৰবটিক অর্থপেডিক ছাৰ্জৰীৰ সেৱা আৰম্ভহৈছে বুলি তেওঁ সদৰী কৰে। কিছুদিনৰ পিছত বিদেশৰ বিশেষজ্ঞ চিকিৎসকেও বিদেশৰ পৰাই কম্পিউটাৰ কমাণ্ডৰ জৰিয়তে ৰবটৰ যোগেদি আমাৰ ইয়াত ৰোগীক অস্ত্রোপচাৰ কৰিব পৰাৰ ব্যৱস্থা হ’ব বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এআৰ আৰু ভিআৰৰ যোগেদি যিকোনো এখন ঠাইৰ পৰা যিকোনো ঠাইৰ সভা-সমিতি, অনুষ্ঠানত অংশ ল’ব পৰা যাব, কায়িকভাবে উপস্থিত নথকাকৈয়ে এজনৰ উপস্থিতি আনজনে উপলব্ধি কৰিব পাৰিব। প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰতো আজি ইখনৰ পাছৰ আনখন দেশে পঞ্চম প্রজন্ম, ষষ্ঠ প্ৰজন্মৰ যুদ্ধাস্ত্ৰ প্রস্তুতিত মনোনিৱেশ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে সমগ্ৰ বিশ্বতে এতিয়া বিজ্ঞানৰ বিপ্লৱ আৰম্ভ হৈছে, কৃত্রিম বুদ্ধিমত্তাৰ বিপ্লব আৰম্ভ হৈছে। আজি কোৱান্টাম ফিজিক্স, ব্লক চেইন, বিগ ডাটা এনালাইছিছ আদি বিষয়বোৰে পৃথিৱীখনক ভবাতকৈ বহু দূৰলৈ লৈ গৈ আছে। আৰু কিছুদিনৰ পাছত খাদ্যবস্তুৰ বাবে কৃষিকৰ্মৰ প্রয়োজন নোহোৱা হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে বায়’ ইঞ্জিনীয়াৰিঙৰ জৰিয়তে লেব’ৰেটৰীৰ ভিতৰত খাদ্য প্ৰস্তুতিৰ ব্যৱস্থা হ’ব। নতুন দিল্লীৰ দৰে চহৰৰ ছুপাৰ মলসমূহত এতিয়াই এনে খাদ্য উপলব্ধ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস, বৰপেটা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ধনপতি ডেকা প্রমুখ্যে বিশিষ্ট অতিথিবৃন্দ, বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্র-ছাত্রীসকল তথা স্থানীয় লোক উপস্থিত থাকে।
