ডিব্ৰুগড়ত লুইত পৰীয়া শাখা সাহিত্য সভা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সৌজন্যত সাহিত্য সন্মিলন অনুষ্ঠিত
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ লুইত পৰীয়া শাখা সাহিত্য সভা আৰু পূব ডিব্ৰুগড় সাহিত্য সভাৰ সৌজন্যত স্হানীয় সুৰজমল জালান বালিকা বিদ্যালয় প্ৰাঙ্গনত সাহিত্য সন্মিলন অনুষ্ঠিত হয়।চিৰ চেনেহী ভাষা জননী গীতটিৰে আৰম্ভ কৰা এই বহুভাষী সাহিত্য সন্মিলনত গীত, কবিতা,গল্প, ব্যঙ্গৰচনা আৰু সাৰগৰ্ভ বক্তৃতা আদিৰে অনুষ্ঠানটি কেইবাটাও দিশৰ পৰা জীপাল হৈ পৰে। সাহিত্যৰ লগতে সামাজিক পটভূমিত সম্প্ৰতিৰ হকে বহুমুখী পৰিকল্পনা আগত ৰাখি এনে পদক্ষেপ লোৱা অনুষ্ঠানটিত দুয়োটা শাখাৰ সভাপতি ধনীৰাম বৰুৱা আৰু সুৰেশ আগৰৱালাৰ লগতে সভাৰ অন্যান্য বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে। ইয়াৰ উপৰিও স্হানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ শোভাবৰ্ধন কৰে। এইসকলৰ ভিতৰত বিশিষ্ট সাহিত্যিক, অনুবাদক দেবী প্ৰসাদ বাগড়োদিয়া, ড০ মহেশ কুমাৰ জৈন ,মনোহৰ বাৰ্মা, আত্মাৰাম বিৰমীৱাল, ৰাধেশ্যাম ঢণ্ড, গুৰনাম সিং, পুস্পা বুকলচৰীয়া, বিনীতা ডেকা , ডুঙ্গৰমল আগৰৱালা আদি উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত ব্যক্তিসকলৰ ৰুচি অনুসৰি গীত, কবিতা, অনুপ্ৰেৰণা মূলক গল্প তথা সাৰুৱা উপদেশ মূলক সাহিত্য সম্পৰ্কীয় সাৰগৰ্ভ আলোচনাই স্থান লাভ কৰে।
