নৱবৰ্ষৰ শুভেচ্ছাৰে – আয়শা ছিদ্দিকা

Pc Unsplash

নৱবৰ্ষৰ শুভেচ্ছাৰে

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

সময় বোৱতী নদীৰ দৰেই বৈ যায় অলপো ৰৈ নথকা কৈ।

এনেকৈয়ে আমাৰ জীৱনৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ পল অনুপল মিলি ছেকেণ্ড,ঘণ্টা দিন মাহ বছৰ পাৰ হৈ গৈ আছে।

জানুৱাৰীৰ পৰা ডিচেম্বৰ একেই নিয়ম অনুসৰণ কৰি।

আমি লিখা চনৰ মাত্ৰ শেষৰ আখৰ সলনি হৈ আছে জীৱনত যাৱতীয় সমস্যা, দ্বন্দ, সকলো একেই তাৰ কোনো নতুনত্ব নাই।

পুৰনি বছৰে দিয়া দুখ, যন্ত্ৰণা,আবেগ, সকলো লৈয়ে পদাৰ্পন কৰা হয় এক  নতুন এটা তাৰিখত। জীৱন একেই সমস্যা একেই  মাথোঁ সলনি হয় কেলেণ্ডাৰ আৰু তাৰিখ।

তথাপি এদিনৰ কাৰণে হ’লেও সকলো পাহৰি নতুন বছৰৰ আগমনত সময়ৰ সোণালী পাতত এখন নতুন অধ্যায়ৰ সূচনা কৰে।পুৰণি বছৰটোৰ পৰা লগত লৈ যায় অভিজ্ঞতা, স্মৃতি, শিক্ষা আৰু কেতিয়াবা কিছু অনুশোচনা। অংকণ কৰে নতুন আশা, নতুন সপোন, নতুন সংকল্পৰ ৰেখা।

বছৰৰ প্ৰথম দিনটো জীৱনৰ এখন সতেজ পাত স্বৰূপ তাতে লিখে নতুন ইচ্ছা, নতুন লক্ষ্য। পুৰণি বছৰৰ ভুল-ত্রুটি, বাধা-বিঘিনি যেন হৈ পৰে আগন্তুক পথৰ পদৰ্শক । প্ৰতিটো প্ৰত্যাহ্বানে শিকোৱা, প্ৰতিটো পৰাজয়ে দিয়া নতুন দৃষ্টিভংগীৰে আগুৱাই যোৱাৰ পন কৰে।

নতুন চন নতুন তাৰিখত সংকল্পবদ্ধ হ’ব লাগে পাৰ হৈ যোৱা সময়ত কৰা ভুলবোৰ পুনৰাবৃত্তি নকৰিবলৈ, পুৰনি সমস্যাৰ প্ৰভাৱ আগন্তুক সময়ত জীৱনৰ কোনো ক্ষণত নপৰিবলৈ , সমাজত চলি থকা হিংসা, বিবাদ, অমানৱীয় কৰ্ম, অনৈতিক কাম সকলো এৰি এক নতুন মানসিকতাৰে একতাৰ এনাজৰীৰে বান্ধ খাই মানৱতাৰ চাদৰত মেৰিয়াই

নতুনকৈ সুন্দৰ জীৱন আৰম্ভ কৰাৰ প্ৰতিজ্ঞাবদ্ধৰ।

জীৱন কালত আহি থকা প্ৰতিটো দিন সকলোৰে আৰু সুন্দৰ হৈ উঠক। প্ৰতিটো ক্ষণ প্ৰতিটো দিন নতুনৰূপে আৰু উজ্বলিত হৈ পৰক। স্বাৰ্থৰ ৰোষত মানৱতা একতা ৰ নাশ নহৈ ভাতৃত্ববোধ আৰু শক্তিশালী হওক। এই নতুন বছৰে সকলোৰে জীৱনত শান্তি, সমৃদ্ধি আৰু সুখৰ বৰ্ষা হওক, এই নতুন সূৰ্য্যোদয়ে আৰু উজ্জ্বলতাৰ উজলাই তোলক মানৱতাৰ পথ ।

সকলোৰে জীৱনত নতুন বছৰৰে কঢ়িয়াই আনক নতুন চিন্তা নতুন উদ্যম।।