বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান

Pc The Hindu

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- দীৰ্ঘদিনীয়া অসুস্থতাৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ হাতত হাৰ মানিলে বাংলাদেশৰ প্ৰথম মহিলা প্রধানমন্ত্রী খালেদা জিয়াই। বাংলাদেশ নেচনেলিষ্ট পার্টী (বিএনপি)-এ এই খবৰ নিশ্চিত কৰে। বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে (বি এন পি) মতে, মঙলবাৰে পুৱা প্ৰায় ৬ বজাত (স্থানীয় সময় অনুসৰি) ঢাকাৰ এখন চিকিৎসালয়ত মৃত্যু হয় খালেদা জিয়াৰ । মৃত্যুৰ সময়ত বিএনপি নেত্ৰী খালেদা জিয়াৰ বয়স আছিল ৮০ বছৰ ।বিগত ২৩ নৱেম্বৰত সংকটজনক অৱস্থাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল খালেদাক । তেতিয়াৰ পৰা এমাহৰো অধিক সময় ধৰি চিকিৎসালয়খনতে চিকিৎসাধীন হৈ আছে খালেদা । বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়া লিভাৰ চিৰ’ছিছ ৰোগত আক্রান্ত আছিল। চিকিৎসকসকলৰ মতে, তেওঁ আর্থ্রাইটিছ আৰু ডায়েবেটিছতো ভুগি আছিল। ইয়াৰ উপৰি তেওঁ হৃদৰোগতো আক্রান্ত আছিল। খালেদা জিয়া দুবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী আছিল। জানিব পৰা মতে, চলিত মাহৰ আৰম্ভণিতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অসুস্থতাৰ উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল ।আনকি ২ ডিচেম্বৰত চীনৰ পৰা ৫ জনীয়া চিকিৎসক এটা দল খালেদাৰ চিকিৎসাৰ বাবে ঢাকাত উপস্থিত হয় । তাৰে দুদিন পিছতে বাংলাদেশত উপস্থিত হয় আন এটা ৪ জনীয়া চীনৰ চিকিৎসকৰ দল । ব্ৰিটেইনৰ পৰা অহা বিশেষজ্ঞৰ এটা দলেও চীনৰ চিকিৎসকসকলৰ সৈতে মিলি খালেদাৰ স্বাস্থ্য উন্নত কৰাৰ চেষ্টা কৰে ৷ কিন্তু তেওঁৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাছিল । ১১ ডিচেম্বৰৰ দিনা ভেণ্টিলেটৰো বদলি কৰা হয় । শনিবাৰে মাজনিশা চিকিৎসক এজেএম জাহিদে কয় যে বিএনপি নেতাজনৰ শাৰীৰিক অৱস্থা অতি সংকটজনক । দেওবাৰে নিশাও তেওঁৰ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাছিল । ইফালে ১৭ বছৰীয়া আত্মনিৰ্বাসনৰ অন্ত পেলাই খালেদা জিয়াৰ পুত্ৰ তথা বি এন পিৰ নেতা তাৰিক ৰহমানে ২৫ ডিচেম্বৰত লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি আহে ৷ গৃহভূমি ভৰি থৈয়ে তেওঁ চিকিৎসাধীন হৈ থকা মাতৃৰ কাষলৈ যায় ৷ দীৰ্ঘদিন চিকিৎসা কৰি থকাৰ পাচতো সুস্থ হৈ নুঠা খালেদায় যেন পুত্ৰৰ বাবেই অপেক্ষা কৰি আছিল ৷ অৱশেষত জীৱন যুঁজত হাৰ মানি এই পৃথিৱীৰ পৰা বিদায় মাগিলে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াই ৷ খালেদা জিয়া প্ৰথমবাৰৰ বাবে ১৯৯১ৰ পৰা ১৯৯৬ চনলৈ আৰু দ্বিতীয়বাৰৰ বাবে ২০০১ৰ পৰা ২০০৬ চনলৈ দেশখনৰ নেতৃত্ব দিয়ে। তেওঁ প্রাক্তন ৰাষ্ট্ৰপতি তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক জিয়াউৰ ৰহমানৰ পত্নী আছিল। ৰাজনৈতিক অস্থিৰতাৰ মাজতে ২০২৪ চনৰ ৬ আগষ্টত খালেদা জিয়াক কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল। ইয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে তেওঁ লণ্ডনলৈ গৈছিল আৰু তাত চাৰি মাহ থাকি ৬ মে’ তাৰিখে বাংলাদেশলৈ ঘূৰি আহিছিল। দশকজুৰি বাংলাদেশৰ ৰাজনীতি দুজন নেত্ৰীৰ চাৰিওফালে ঘূৰি আছিল- আৱামী লীগৰ নেত্রী শ্বেখ হাছিনা আৰু বিএনপিৰ নেত্রী খালেদা জিয়া। এই ৰাজনৈতিক প্রতিদ্বন্দ্বিতাক সংবাদ মাধ্যমে ‘বেটেল অৱ বেগম’ বুলি অভিহিত কৰিছিল। ১৯৯০ৰ পিছত অনুষ্ঠিত হোৱা প্ৰায় সকলো নির্বাচনত ক্ষমতা হয় শেখ হাছিনাৰ হাতত আছিল, নহ’লে খালেদা জিয়াৰ হাতত আছিল। ১৯৮০ৰ দশকত সামৰিক শাসনৰ বিৰুদ্ধে দুয়োগৰাকী নেত্ৰীয়ে একেলগে আন্দোলন কৰিছিল। কিন্তু ১৯৯১ চনত গণতন্ত্র পুনঃপ্রতিষ্ঠা আৰু খালিদা জিয়াৰ প্ৰধানমন্ত্ৰী পদ লাভৰ পিছতে দুয়োৰ মাজত ৰাজনৈতিক সংঘাত অধিক গভীৰ হৈ উঠে।
খালেদা জিয়াৰ জন্ম ১৯৪৫ চনত হৈছিল। আৰম্ভণিতে তেওঁৰ পৰিয়ালৰ কোনো ৰাজনৈতিক পৃষ্ঠভূমি নাছিল। ১৯৬০ চনত তেওঁ সেনা বিষয়া জিয়াউৰ ৰহমানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত জিয়াউৰ ৰহমানে ৰেডিঅ’ত স্বাধীন বাংলাদেশৰ ঘোষণা পাঠ কৰিছিল। ১৯৭৫ চনত শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাৰ পিছত দেশখনত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পায় আৰু ১৯৭৭ চনত জিয়াউৰ ৰহমান ৰাষ্ট্ৰপতি হয়। তেৱেঁই বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠা কৰে। ১৯৮১ চনৰ ৩০ মে’ত চিটাগঙত এক সামৰিক বিদ্ৰোহৰ সময়ত জিয়াউৰ ৰহমানক হত্যা কৰা হয়।স্বামীৰ হত্যাৰ পিছত বিএনপি দুৰ্বল হৈ পৰে। তাৰ পিছত দলীয় নেতাসকলৰ অনুৰোধত ১৯৮৪ চনত খালেদা জিয়াই দলৰ নেতৃত্ব গ্ৰহণ কৰে। ১৯৯১ চনৰ প্ৰথম গণতান্ত্রিক নির্বাচনত জয়লাভ কৰি তেওঁ বাংলাদেশৰ প্ৰথম মহিলা প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে। খালেদা জিয়াৰ দেহাৱসানক বাংলাদেশৰ ৰাজনীতিত এক যুগৰ অন্ত হিচাপে গণ্য কৰা হৈছে।