শংকৰ-মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্রতিষ্ঠাতাঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া জাতি আজি সংকটৰে পৰিপূর্ণ।চাৰিওফালে শংকৰ-মাধৱৰ জীৱন-দর্শন নোপোৱা এচাম বিশেষ মানুহৰ দ্বাৰা অসমীয়া জাতি পৰিৱেষ্টিত হৈ আছে। যিসকলে শংকৰ আৰু মাধৱৰ জীৱন আদর্শ বুজি নাপায়। কেইদিনমানৰ আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনির্বাহকত কৈছিলোঁ যে আমি সকলো সাৱধান হ’ব লাগিব। আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল। শংকৰ আৰু আজান ফকীৰ নাছিল। আজি আমাৰ চেকুলাৰিজিম কৰাসকলে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে। মই তেওঁলোকক সোঁৱৰাই দিব খোজোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্রীমন্ত মাধৱদেৱ আমাৰ গুৰুজনা। তাৰ লগত আন কোনো নামৰ সংলগ্ন নহয় আৰু আন কোনো নাম জড়িত নহয়। শংকৰ-মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্রতিষ্ঠাতা। চন্দ্ৰ আৰু সূর্য থকালৈকে শংকৰ-মাধৱ গুৰু দুয়োজনা আমাৰ মাজত জীয়াই থাকিব।’ -এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্রীশ্রী বটদ্ৰৱা থানক সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্র হিচাপে গঢ়ি তুলিবলৈ ৰূপায়ণ কৰা অভিলাষী প্রকল্প ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবির্ভাৱ ক্ষেত্র’ উদ্বোধন কৰা উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আজিৰ দিনটো অসমীয়া জাতিৰ বাবে অত্যন্ত পবিত্র দিন। ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আধাৰশিলা স্থাপন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ এই ভূমি পূর্বে অচিনাকি মানুহৰ দখলত আছিল। ৰাইজে প্ৰদান কৰা দায়িত্ব অনুসৰি ৰাজ্য চৰকাৰে বৰদোৱা থানৰ ভূমিৰ পৰা অচিনাকি মানুহবোৰক উচ্ছেদ কৰিলে আৰু আজি দেশৰ ভিতৰতে এখন গুৰুত্বপূৰ্ণ আধ্যাত্মিক ক্ষেত্ৰৰূপে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ শুভ উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহৰ কৰকমলেৰে সম্পন্ন হ’ল। এই পৱিত্ৰ ক্ষেত্রলৈ আহি আমি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱ আদি বৈষ্ণৱ গুৰুসকলৰ জীৱন-কৰ্ম আৰু দৰ্শনৰ আলোচনা কৰিম আৰু অসমীয়া জাতিৰ এক মেৰুদণ্ড এই বটদ্ৰৱা থানৰ পৰাই নিৰ্মাণ কৰিম। আবির্ভাৱ ক্ষেত্রলৈ অহা দৰ্শনাৰ্থীৰ বাবে কোনোধৰণৰ প্ৰৱেশ মাচুলৰ ব্যৱস্থা নাথাকে বুলি জানিবলৈ দি তেওঁ কয় যে অসমীয়া জাতিক জীয়াই ৰখাৰ সংকল্প এই বৰদোৱা থানৰপৰা আমি সকলোৱে ল’ব লাগিব। শংকৰ-মাধৱ অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্রতিষ্ঠাতা। সূৰ্য আৰু চন্দ্র থকালৈকে এই দুজনা গুৰু আমাৰ মাজত জীয়াই থাকিব। অসমবাসীৰ আশিস শিৰত লৈ গঠিত বৰ্তমানৰ চৰকাৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীর্বাদত অসমলৈ বিকাশৰ গংগা নমাই আনিছে। জাতিৰ পৰিচয় সুৰক্ষা আৰু বিকাশ একেলগে সম্ভৱ হ’লেহে অসমীয়া জাতিয়ে এক মহাজাতিৰূপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। এই লক্ষ্য আগত ৰাখিয়েই চৰকাৰখনে যোৱা ১০টা বছৰ নিৰলসভাৱে কাম কৰিছে আৰু অসমৰ সত্ৰ, বনভূমি, ভিজিআৰ-পিজিআৰ ভূমিৰপৰা অচিনাকি মানুহক উচ্ছেদ কৰি ১,৪৫,০০০ বিঘাৰো অধিক ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। কিন্তু এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। তেওঁ অচিনাকি মানুহক মাটি বিক্রী নকৰিবলৈ, কাম-কাজত নিয়োগ নকৰিবলৈ আৰু অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিবলৈ অসমবাসীৰ প্ৰতি আহ্বান জনায়। এই জাতীয় সংকল্প লৈ তাক বাস্তৱায়িত কৰিব পাৰিলে এটা দশকৰ ভিতৰত অসমীয়া জাতি কোনেও ধৰি ৰাখিব নোৱৰা এক মহাশক্তিলৈ ৰূপান্তৰ হ’ব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেৱল আধ্যাত্মিকতাৰ প্রতীক নহয়, ই অসমীয়া জাতিৰ স্বাভিমানৰো প্রতীক। এই ক্ষেত্ৰই অসমীয়া জাতিক সাহস, শক্তি আৰু জীয়াই থকাৰ প্ৰেৰণা যোগাব। সত্ৰ আৰু বনাঞ্চলৰ ভূমি বেদখল কৰি থকা অচিনাকি লোকসকলক যথাসম্ভৱ সোনকালে স্ব-ইচ্ছাই আঁতৰি যাবলৈ আজিৰ সভাৰ পৰাই আহ্বান জনাই তেওঁ কয়- এইখন চৰকাৰে কোনো বেদখলকাৰীক ৰেহাই নিদিয়ে। অসমীয়া জাতি আজি জাগিছে আৰু শংকৰ-মাধৱৰ প্ৰেৰণাৰে এক মহাজাতি হোৱাৰ বাট বুলিছে। কোনো অচিনাকি লোকক অসমত থাকিব নিদিব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আধাৰশিলা স্থাপন কৰা এই প্রকল্পটো তেওঁৰ হাতেৰেই উদ্বোধন কৰিব পৰাটো বৰ্তমানৰ চৰকাৰখনৰ বাবে এক অন্যতম স্মৰণীয় সফলতা বুলি তেওঁ মন্তব্য কৰে। জাতিয়ে বিচৰা ধৰণে এই আবিৰ্ভাৱ ক্ষেত্ৰৰ কাম সম্পূৰ্ণ কৰিব পৰাটো প্রাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ বাবে এক বিৰল প্ৰাপ্তিৰ মুহূৰ্ত বুলি মুখ্যমন্ত্রী ড° শৰ্মাই বর্ণনা কৰে। উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাক এক বিশ্বমানৰ সাংস্কৃতিক তথা পর্যটন কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ১৬৫ বিঘা ভূমিত প্রায় ২২৭ কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰে ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্র’ নামৰ এই অভিলাষী প্রকল্প ৰূপায়ণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শনক ভিত্তি কৰি এজোপা বৃক্ষৰ আর্হিত নির্মিত এই প্রকল্পটোত ২৫ মিটাৰ উচ্চতাৰ ‘সপ্ত বৈকুণ্ঠ’সদৃশ গুৰু আসনক কেন্দ্ৰ কৰি খোলৰ আর্হিত গৱেষণা কেন্দ্ৰ, তালৰ আর্হিত কলাকেন্দ্ৰ, জাপিৰ আকৃতিত নাটঘৰ, নৌকাৰ আর্হিত দক্ষতা বিকাশ কেন্দ্ৰ আৰু দশাৱতাৰ তথা মুখাশিল্পৰে সুশোভিত তোৰণ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি যোগ উদ্যান, কৃষ্ণলীলা দেৱাল, মণিকাঞ্চন সংযোগৰ স্মৃতিত মাজুলী শৈলীৰ পঁজাগৃহ আৰু আধুনিক লেজাৰ শ্ব’ৰ দৰে আকর্ষণীয় ব্যৱস্থাই শংকৰী সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্যক ভৱিষ্যৎ প্রজন্মৰ বাবে এক অনন্য ৰূপত তুলি ধৰিছে। বিধায়ক ৰূপক শৰ্মাই আঁত ধৰা আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লানজ্যোতি দেৱ গোস্বামীয়েও বক্তব্য প্রদান কৰে। অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত, মন্ত্রী পীযূষ হাজৰিকা, কৌশিক ৰায়, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়কসকল ক্রমে জিতু গোস্বামী, দিপ্লুৰঞ্জন শৰ্মা, ৰমাকান্ত দেউৰী আৰু শশীকান্ত দাস, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, শ্রীশ্রী শ’লগুৰি শত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত প্রমুখ্যে বিভিন্ন সত্ৰৰ বহুকেই গৰাকী সত্ৰাধিকাৰ আৰু ধৰ্মপ্ৰাণ লোক উপস্থিত থাকে।
