গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কার্যালয় উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত আৰক্ষী ব্যৱস্থাৰ আধুনিকীকৰণৰ সমান্তৰালকৈ আইন-শৃংখলা শক্তিশালীকৰণৰ ক্ষেত্রত এক ঐতিহাসিক পদক্ষেপ হিচাপে গুৱাহাটী আৰক্ষী আযুক্তৰ স্থায়ী ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে একেটা ভৱনতে অৱস্থিত সংহত কমাণ্ড এণ্ড কন্ট্র’ল চেণ্টাৰ (আইচিচিচি) টোও আনুষ্ঠানিকভাবে উদ্বোধন কৰে। গুৱাহাটী স্মার্ট চিটী লিমিটেডৰ দ্বাৰা স্থাপিত এই সংহত কমাণ্ড এণ্ড কন্ট্র’ল চেণ্টাৰ হ’ল-‘ইনটেলিজেন্ট চিটী ছার্ভিলেঞ্চ ছিষ্টেম’ৰ এটা অংশ। উল্লেখযোগ্য যে আৰক্ষী আয়ুক্তৰ এই নতুন কাৰ্যালয় ভৱনটো ১১১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা হৈছে। ১০ মহলীয়া এই ভৱনটোৰ প্ৰতিটো মহলাতে বিভিন্ন অত্যাধুনিক সুবিধা আছে।

ভৱনটোত মিডিয়া ইণ্টাৰেকচন চেল, প্রথম মহলাত ভেৰিফিকেচন ইউনিট, আদালতৰ শুনানি কক্ষ, আর্কাইভ, জিৰণি কক্ষ, ইউটিলিটা, সংহত কমাণ্ড এণ্ড কন্ট্ৰ’ল চেণ্টাৰ, আৰক্ষীৰ বিভিন্ন বিভাগৰ লগতে বিষয়াসকলৰ বাবে সুকীয়া কক্ষ, বহিঃবিভাগীয় উন্নয়নমূলক কাম-কাজ, শক্তিশালী এমইপি সেবা, এইচভিএচি ব্যৱস্থা আৰু বৃহৎ পৰিসৰৰ সৌৰশক্তি পেনেল স্থাপন কৰা হৈছে। জনসাধাৰণৰ ব্যাপক সমাগমৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষা, বহনক্ষমতা আৰু ৰাজহুৱা সুবিধাৰ ওপৰত বিশেষ গুৰুত্ব দি এই ভৱনটো নিৰ্মাণ কৰা হৈছে। আনহাতে, ১৮১ কোটি টকাৰ বিত্তীয় ব্যয়েৰে নিৰ্মাণ কৰা সংহত কমাণ্ড এণ্ড কন্ট্র’ল চেণ্টাৰত উন্নত কমাণ্ড আৰু ডাটা সুবিধা, দুই হাজাৰ নিৰীক্ষণ কেমেৰা আৰু নাগৰিক সুৰক্ষা তথা সতর্কবাণী প্রণালী আছে। এই কমাণ্ড এণ্ড কন্ট্র’ল চেণ্টাৰে চহৰখনৰ সুৰক্ষা বৃদ্ধি, আইন বলৱৎকাৰী ব্যৱস্থা শক্তিশালী কৰা আৰু সমগ্ৰ গুৱাহাটীত যিকোনো ঘটনাৰ তাৎক্ষণিক নিৰীক্ষণ কৰিবলৈ এক ইন্টেলিজেন্ট ছার্ভিলেঞ্চ ছিষ্টেম পৰিচালনা কৰিব।

এই উপলক্ষতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বৈজ্ঞানিক অপৰাধ অনুসন্ধান শক্তিশালী কৰাৰ অংশ হিচাপে ৩৯খন ভ্রাম্যমাণ ফৰেনছিক বাহনৰো ফ্লেগ অফ কৰে। ভাৰতৰ ফৌজদাৰী ন্যায় ব্যৱস্থাত ফৰেনছিক বিজ্ঞানৰ ব্যৱহাৰ বৃদ্ধিৰ যি বৃহৎ প্রচেষ্টা হাতত লোৱা হৈছে, এয়া তাৰেই এক অংশ। বিশেষকৈ নতুন ফৌজদাৰী আইনসমূহ বলবৎ হোৱাৰ পিছত সাত বছৰতকৈ অধিক শাস্তিযোগ্য অপৰাধৰ ক্ষেত্ৰত ফৰেনছিক বিশেষজ্ঞৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কার্যালয় ভৱনত তিনিখন নতুন ফৌজদাৰী আইন ক্রমে ভাৰতীয় ন্যায় সংহিতা ২০২৩; ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ৰ ওপৰত এখন ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনীও উদ্বোধন কৰে।

উল্লেখযোগ্য যে এই আইনসমূহ ২০২৪ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হৈছে। এই প্রদর্শনীখন দেশজুৰি চলোৱা সজাগতা অভিযানৰ এক অংশ, যাৰ উদ্দেশ্য হৈছে নাগৰিক, আইন প্রয়োগকাৰী সংস্থা আৰু অংশীদাৰসকলক নতুন আইনী গাঁথনিৰ লক্ষ্য আৰু বৈশিষ্ট্যসমূহৰ সৈতে পৰিচিত কৰোৱা। ঔপনিৱেশিক যুগৰ পুৰণি আইনসমূহক আঁতৰাই দ্রুত আৰু নাগৰিককেন্দ্ৰিক ন্যায় প্ৰদানৰ লক্ষ্যৰে এই নতুন আইনসমূহ বলবৎ কৰা হৈছে। মন কৰিবলগীয়া যে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি নতুন ন্যায় সংহিতা ৰূপায়ণৰ ক্ষেত্ৰত অসম ধাৰাবাহিকভাৱে সকলো ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত আছে। এনচিএলআই ডেশ্বব’ৰ্ডত ৰাষ্ট্ৰীয় গড় নম্বৰ ৫৭.০২ শতাংশৰ বিপৰীতে অসমে ৮১.২০ শতাংশ নম্বৰ লাভ কৰিছে। এই সফলতাৰ বাবে নতুন ন্যায় সংহিতাৰ ৰাজ্যিক নডেল বিষয়া তথা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তা আৰু ৰূপায়ণৰ সৈতে জড়িত মুখ্য দলটোক কেন্দ্রীয় গৃহ মন্ত্রালয়ে সম্বর্ধনা জনায়। পিএম গতিশক্তি প’ৰ্টেলত সকলো আৰক্ষী থানাৰ ১০০ শতাংশ জিঅ’ ফেন্সিং সম্পূৰ্ণ কৰা অসমেই প্ৰথমখন ৰাজ্য। ইয়াৰ উপৰি এমচিইউত ডিএনএ নমুনা পঞ্জীয়ন কৰা অসমেই প্ৰথম ৰাজ্য।

এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য সচিব ড° ৰবি কোটা, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিং আৰু চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
