বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্র উদ্বোধন কৰিলে কেন্দ্ৰীয়মন্ত্ৰী অমিত শ্বাহে
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী তথা সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহ। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈ কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰযোগে পোনে পোনে নগাঁৱৰ বটদ্ৰৱালৈ ৰাওনা হয়।বটদ্ৰৱাৰ প্ৰকল্পস্থলীত উপস্থিত হৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাত বহু প্রত্যাশিত শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্র তথা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে।

বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী তথা ইয়াৰ পৃষ্ঠপোষকতা কৰা কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰিবলৈ অনুমতি দিছিল আৰু ভোট বেংক সম্প্ৰসাৰণৰ বাবে অসমৰ সংস্কৃতিক ভেঙুচালি কৰিছিল। ৰাজ্যৰ মূল্যবোধ, সাহিত্য, পৰম্পৰা আৰু সামগ্রিক সাংস্কৃতিক ঐতিহ্যৰ ক্ষতিসাধন কৰাৰ দৰে কাম কৰিছিল। অমিত শ্বাহে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰাটো তেওঁলোকৰ সংকল্প বুলি উল্লেখ কৰি নিজৰ ভাষণত ৰাজ্যবাসীক বিজেপি দলৰ চৰকাৰক আৰু এটা সুযোগ দিবলৈ আহ্বান জনায়। নিজৰ ভাষণত কেন্দ্ৰীয়মন্ত্ৰী অমিত শ্বাহে আৰু কয় যে অনুপ্ৰৱেশকাৰীয়ে দেশৰ সুৰক্ষা আৰু অসমৰ সংস্কৃতিৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। বিজেপিৰ সংকল্প অনুসৰি কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ দেশৰ পৰা বিচাৰি বিচাৰি এজন এজনকৈ খেদি পঠিয়াম। অনুপ্রৱেশকাৰীসকলৰ হেঁচাত অসমৰ সংস্কৃতিক দমন কৰা হৈছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অসমত ড° হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰীৰ প্ৰভাৱৰ পৰা এই সংস্কৃতিক মুক্ত কৰিছে।

আজি নামঘৰত মৃদং আৰু তালৰ শব্দৰ লগতে ভক্তিমূলক সংগীতৰ গুঞ্জন উঠিছে। কেন্দ্ৰীয়মন্ত্ৰী অমিত শ্বাহে কয় যে কংগ্ৰেছে ইমান বছৰে ক্ষমতাত আছিল, কিন্তু তেওঁলোকে অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে একোৱেই কৰা নাছিল। কিন্তু বৰ্তমানৰ ৰাজ্য চৰকাৰে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত এখন শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণ কৰিছে। অসমৰ ৰাইজে ৭০ বছৰৰ অৱহেলাৰ কথা কেতিয়াও পাহৰিব নোৱাৰে বুলি মন্তব্য কৰি অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমৰ উন্নয়নৰ বাবে এঘাৰ প্ৰকাৰৰ উন্নয়নমূলক কাম-কাজ চলোৱা হৈছে। অসমত প্ৰথম ৫ বছৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু এতিয়া ৫ বছৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত- যোৱা ১০ বছৰ অসমৰ উন্নয়নৰ বাবে এক সোণালী যুগ বুলি প্রমাণিত হ’ব। প্রধানমন্ত্রী মোদীয়ে মুঠ ৮০ বাৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বিগত এঘাৰ বছৰত ৩৬ বাৰ অসম ভ্ৰমণ কৰিছে বুলি উল্লেখ কৰি অমিত শ্বাহে কয় যে উত্তৰ-পূব আৰু অসমত যদি কোনো ব্যক্তিয়ে ধাৰাবাহিকভাৱে নিজৰ উপস্থিতি চিহ্নিত কৰিছে, তেন্তে সেয়া হ’ল প্রধানমন্ত্রী মোদী।

তেওঁ লগতে কয় যে কংগ্ৰেছ দলে তেওঁলোকৰ প্ৰাক্তন প্রধানমন্ত্রীক অসমৰ পৰা ৰাজ্যসভালৈ পঠাইছিল যদিও ১০ বছৰত তেওঁ মাত্র সাতবাৰহে অসম ভ্রমণ কৰিছিল। যাৰ ভিতৰত দুবাৰ ভ্ৰমণ কেৱল ৰাজ্যসভাৰ মনোনয়ন-পত্র জমা দিয়াৰ বাবেহে। তেওঁলোকৰ বাবে অসমৰ পুনৰ গঠন, অসমৰ সংস্কৃতি, বিকাশ, শান্তি কেৱল ভাষণৰ বিষয় হৈয়ে থাকিল। কেন্ত্ৰীয়মন্ত্ৰী অমিত শ্বাহে কয় যে বছৰ বছৰ ধৰি অসমত বিভিন্ন ধৰণৰ আন্দোলন চলি আহিছে। য’ত আমাৰ যুৱক-যুৱতীসকলে হাতত বন্দুক লৈ তেজৰ নদী বোৱাইছিল। অৱশ্যে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত চৰকাৰে ২০২০ চনত বড়ো চুক্তি, ২০২১ চনত কার্বি চুক্তি, ২০২২ চনত আদিবাসী চুক্তি, ২০২৩ চনত ডিএনএলএ চুক্তি আৰু ২০২৩ চনত আলফা শান্তি চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয়মন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে যোৱা ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শান্তিৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই চুক্তিসমূহ কেবল কাগজতে সীমাবদ্ধ হৈ থকা নাই। ইতিমধ্যে স্বাক্ষৰিত হোৱা পাঁচোখন চুক্তিত অন্তর্ভুক্ত ৯২ শতাংশ বিষয় সমাধান হৈছে। আকৌ এবাৰ বিজেপি চৰকাৰ গঠন হ’লে আমি সকলো সমস্যাৰ সমাধান নিশ্চিত কৰিম। গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ ভাষণত ১১ হাজাৰৰ অধিক শিল্পীয়ে একেলগে বিহু নৃত্য পৰিৱেশন কৰা আৰু চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তর্ভুক্ত কৰাৰ কথাটো উল্লেখ কৰে।

নিজৰ ভাষণত গৃহমন্ত্রী অমিত শ্বাহে লাচিত বৰফুকনৰ প্ৰসংগ উল্লেখ কৰি কয় যে পূর্বে লাচিত বৰফুকন কেৱল অসমতে পৰিচিত আছিল যদিও প্রধানমন্ত্রী মোদীয়ে তেওঁক সমগ্র দেশতে চিনাকি কৰাবলৈ পদক্ষেপ গ্রহণ কৰিছিল। আগতে লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী কেৱল অসমতে সীমাবদ্ধ আছিল। বিজেপি চৰকাৰে তেওঁৰ জীৱন কাহিনীক ২৩টা ভাষালৈ অনুবাদ কৰি সমগ্র দেশ আৰু বিশ্বলৈ লৈ গৈছে। মোদী চৰকাৰ আৰু ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গামোচাৰ বাবে জি আই টেগ নিশ্চিত কৰা, বৃন্দাবনী বস্ত্ৰৰ প্ৰদৰ্শনীৰ প্ৰসংগও উল্লেখ কৰে গৃহমন্ত্রী অমিত শ্বাহে। অমিত শ্বাহে নিজৰ ভাষণত আৰু কয় যে ৫০০ বছৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱে ভাৰতক থানবান কৰিব বিচৰাসকলক এক ভাৰতৰ বাৰ্তা দিছিল। যিটো বার্তা আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আগুৱাই লৈ গৈছে। তেওঁ উল্লেখ কৰে যে অনুপ্ৰৱেশকাৰীয়ে শংকৰদেৱৰ পৱিত্ৰ স্থান দখল কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে এই পৱিত্ৰ স্থানসমূহৰ পৰা অনুপ্ৰৱেশকাৰীক আঁতৰাই নামঘৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰে। বিদেশী অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হৈছে ১.২৯ লাখ বিঘাতকৈও অধিক ভূমি। আনকি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো অনুপ্ৰৱেশকাৰীয়ে বেদখল কৰিছিল যদিও তেওঁলোকক উচ্ছেদ কৰিছে। তেওঁ লগতে কয় যে কংগ্ৰেছ দলে বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা প্রদান কৰি আহিছে। কংগ্ৰেছ দলে অসমৰ সংস্কৃতিৰ কথা কোৱাৰ সময়তে ১৯৮৩ চনত তেওঁলোকে অবৈধ প্ৰব্ৰজনকাৰী আইন আইএমডিটি আইন প্রণয়ন কৰিছিল, যিয়ে অনুপ্ৰৱেশকাৰীসকলক বসতি স্থাপনৰ বাবে এক আইনী পথ প্রদান কৰিছিল। উদ্বোধনী অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰীয়ে দখল কৰি থকাৰ পিছত নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজি মুকলি কৰি সম্পূৰ্ণৰূপে পুনৰ উন্নয়ন কৰা হৈছে।

শ্ৰীমন্ত শংকৰদেৱৰ য’ত জন্ম হৈছিল তাৰ পৰাই তেওঁ কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ধৰ্মীয় পৰম্পৰা হিচাপে নৱ বৈষ্ণৱী বিশ্বাসৰ প্ৰচাৰ চলাইছিল। ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে গোপীনাথ বৰদলৈ নথকা হ’লে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অংগ হৈ নাথাকিলেহেঁতেন। গোপীনাথ বৰদলৈয়ে দেশৰ প্রথম প্রধানমন্ত্রীক অসমক ভাৰতৰ ভিতৰতে ৰাখিবলৈ বাধ্য কৰাইছিল। বটদ্ৰৱা থান এতিয়া সাধাৰণ ঠাই নহয় বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া ই এক পৱিত্ৰ তীৰ্থস্থানত পৰিণত হৈছে। যিয়ে আমাক ৫০০ বছৰীয়া ঐতিহ্যৰ সৈতে সংযোগ কৰিছে। উল্লেখ কৰিব পাৰি যে বটদ্ৰৱাত স্থাপন কৰা সাংস্কৃতিক প্ৰকল্পৰ ভূমি পূজন ২০২০ চনৰ ২৬ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ দ্বাৰাই সম্পন্ন কৰা হৈছিল। আজি উদ্বোধনী অনুষ্ঠানত পুনৰ অংশগ্ৰহণ কৰিবলৈ পাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অত্যন্ত সুখী অনুভৱ কৰে বুলি উল্লেখ কৰে।

বৰঝাৰৰ পৰা হেলিকপ্টাৰেৰে বটদ্ৰৱাত উপস্থিত হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শৰাই, কুঁহিলাৰ কঠ, চেলেং চাদৰ, গামোচা, ময়ূৰ আসনেৰে আদৰণি জনায়। বটদ্ৰৱা থান পৰিচালনাৰ সভাপতি অম্লানজ্যোতি দেব গোস্বামী, উপ-সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈকে ধৰি থানৰ কাৰ্যকৰ্তাসকলে গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায়। দবা-নাগাৰা, শংখ, কালি, খোল, তাল, আয়তীৰ মংগল উৰুলিধ্বনিৰ মাজত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক লগত লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা প্ৰকল্প আনুষ্ঠানিকভাবে উন্মোচন কৰে। উদ্বোধনী কাৰ্যসূচীৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বিশেষ বাহনেৰে প্ৰকল্পৰ চৌদিশে পৰিভ্ৰমণ কৰোৱা হয়।

আনহাতে, নৱনির্মিত প্রকল্পত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলে সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য, ভাওনা, বৰঢোল, মণিপুৰী পুং চলন, গায়ন-বায়ন, দিহানাম, থিয়নাম আদি পৰিৱেশন কৰি গুৰুভূমিক বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত কৰে। পিছত গৃহমন্ত্রী শ্বাহে নৱনিৰ্মিত বিশ্বৰ উচ্চ গুৰু আসন উচ্চ খলপৰ পৰা আবিৰ্ভাৱ ক্ষেত্ৰৰ চাৰিওফালে নয়ন ভৰি চায়। তাৰ পিছতে তেওঁ নাটঘৰলৈ যায় আৰু আইসকলে পৰিৱেশন কৰা দিহানাম শ্ৰৱণ কৰে।

বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী বিমল বড়া, কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামী, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
