ডিব্ৰুগড় বিশ্ববিদ্যালয়ত “গ্ৰিফ্ট এ চাইল্ডহুড”ৰ শুভাৰম্ভ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ সন্মিলন কক্ষত “গিফ্ট এ চাইল্ড হুড”-শীৰ্ষক এক সমাজমুখী উদ্যোগ আনুষ্ঠানিক ভাৱে আজি মুকলি কৰে। এই উদ্যোগৰ লক্ষ্য হৈছে অসম আৰু উত্তৰ- পূৰ্বাঞ্চলৰ দুৰ্বল আৰু অৱহেলিত সমাজৰ শিশুসকলক হাঁহিৰ খোৰাক, সৃষ্টিশীলতা আৰু শিকাৰ সুযোগ বৃদ্ধি কৰা। ইয়াৰ জৰিয়তে নতুন অথবা পূৰ্বে ব্যৱহৃত খেলনা, শিশুগ্ৰন্থ, শিল্প সামগ্ৰী, খেলাধুলাৰ সামগ্ৰী আৰু বাদ্যযন্ত্ৰ আদিবোৰ সংগ্ৰহ কৰি সুন্দৰকৈ বিতৰণ কৰা হ’ব।কাৰ্যসূচীৰ আৰম্ভণিতে ড° অনচাই বাথৌ বসুমতাৰীয়ে আদৰণী ভাষণ প্ৰদান কৰে আৰু ড° মনোজ দত্তই এই পদক্ষেপৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। অৱহেলিত শিশুসকলক অৰ্থপূৰ্ণ শৈশৱ এটা জীৱন যাপন কৰাৰ সুযোগ বৃদ্ধি কৰিব পাৰে সেই বিষয়ে আলোকপাত কৰাৰ লগতে উদ্যোগটোৰ মূল আধাৰ হিচাপে পুনঃব্যৱহাৰ আৰু পুনঃচক্ৰায়নৰ গুৰুত্বৰ ওপৰত বক্তব্য ৰাখে।অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকাই সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰক শিশুৰ বিকাশ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি বিশ্ববিদ্যালয়ৰ উদ্দেশ্যৰ সৈতে সংগতি ৰাখি এনে এক সমাজমুখী উদ্যোগ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ তৰফৰ পৰা প্ৰয়োজন সাপেক্ষে সকলোধৰণৰ সুবিধা তথা সহযোগিতা প্ৰদানৰ আশ্বাস প্ৰদান কৰে। তদুপৰি, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে কেন্দ্ৰটোক ধন্যবাদ জ্ঞাপন কৰি প্ৰতিষ্ঠানিক সমৰ্থনৰ লগতে ব্যক্তিগতভাৱে দান আগবঢ়োৱাৰ আগ্ৰহ প্ৰকাশ কৰে।প্ৰাক্তন অধ্যাপক জয়ন্ত বৰবৰাই উদ্যোগটোক প্ৰশংসা কৰি এখন দোলনা দান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।বিশ্ববিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী তথা জ্যোষ্ঠজনৰ সক্ৰিয় অংশগ্ৰহণে ছাত্ৰ-ছাত্ৰী সকলক বিশেষভাৱে উৎসাহিত কৰে আৰু ইয়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ তৰফৰ পৰা বিভিন্ন সামগ্ৰী আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়তো সক্ৰিয় অংশগ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই উদ্যোগৰ জৰিয়তে অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়াল, চাহ-বাগিচা আৰু জনজাতীয় সম্প্ৰদায়, দুৰ্যোগপ্ৰৱণ অঞ্চল আৰু নগৰীয়া বসতিৰ শিশুসকললৈ সহায় আগবঢ়োৱা হ’ব। লগতে ই সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰৰ শিক্ষাৰ্থীসকলক সমাজমুখী কাম-কাজ আৰু কাৰ্যসূচী পৰিচালনাৰ ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰিব।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰৰ এই পদক্ষেপৰ প্ৰতি আৰ্থিক বা যিকোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বিচৰা ব্যক্তি বা প্ৰতিষ্ঠানসমূহক ৯১০১৩৬৮৮২১ বা ৬০০১২২৩২৫৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। দান হিচাপে লাভ কৰা সামগ্ৰীৰ সংগ্ৰহ, বাছনি আৰু বিতৰণ সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰৰ শিক্ষাৰ্থী আৰু স্বেচ্ছাসেৱকসকলৰ দ্বাৰা সম্পন্ন কৰা হ’ব, যাতে স্বচ্ছতা আৰু ন্যায়সংগত বিতৰণ নিশ্চিত হয়। এই পদক্ষেপৰ বিস্তৃত দৃষ্টিভংগীৰ বিষয়ে মত প্ৰকাশ কৰি সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে “গিফ্ট এ চাইল্ডহুড” কেৱল এটা দান অভিযান নহয়—ই হৈছে সহানুভূতি, সমজুৱা দায়িত্বৰ জৰিয়তে শিশুসকলৰ শৈশৱৰ আনন্দ পুনৰুদ্ধাৰ কৰাৰ এক অভিনৱ আন্দোলন।
