স্বাগতম নৱবৰ্ষ ২০২৬
ছেলিমা বেগম,নগাঁও
স্বাগতম, স্বাগতম, স্বাগতম ২০২৬
যোৱা বছৰৰ ভুল খিনি শুধৰাই
নতুন বছৰৰ শুভেচ্ছা জনালোঁ।
আগন্তুক নৱবৰ্ষ যাতে সফলতা
অৰ্জন কৰিব পাৰি তাকেই
কামনা কৰিলোঁ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।
দুই হাজাৰ পঁচিশ বিদায় দি ছালাম জনালোঁ ,
দুই হাজাৰ ছাব্বিশ সমাগত বুলি
ছালাম জনালোঁ।
মনৰ পৰা ভেদ ভাৱ আঁতৰাই হাঁহি হাঁহি উপভোগ কৰিব পাৰি।
যাতে এখন সুস্থ নিকা সমাজ গঢ়ি তুলিব পাৰি ।
দেশখন যাতে সকলো দিশতে সৰ্বশ্ৰেষ্ঠ হয় ,
দেশখনৰ পৰা লেতেৰা ৰাজনৈতিক খিনি আঁতৰাই
স্বচ্ছতাৰে এখন মহান
সুন্দৰ নিকা দেশ গঢ়ি তুলিবলৈ আহ্বান জনালোঁ।
তাকে কামনা কৰি সকলো অসমবাসী
ৰাজ্যৰ লোক সকলক নতুন বছৰৰ শুভেচ্ছা জনালোঁ।
