বিজেপি দলেই বৰ্তমান সৰ্বশ্ৰেষ্ঠ দল
সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
এতিয়া চৌদিশে মোদীময় পৰিৱেশ। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত পথ, বিমানবন্দৰ, সাহিত্য-সংস্কৃতি, শৈক্ষিক আদি বিভিন্ন দিশত অসম চৰকাৰখনে আগবাঢ়ি আছে। অক্লান্ত যোদ্ধা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে অৰুণোদয়, নিযুত মইনা, বাবু, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা, জীৱন প্ৰেৰণা আদি অলেখ আঁচনিৰ জৰিয়তে জনতাক আপ্লুত কৰিছে। এনে এক প্ৰেক্ষাপটত বিজেপি দলেই বৰ্তমান সৰ্বশ্ৰেষ্ঠ দল। গতিকে নিশ্চিতভাৱে আন সৰু সৰু আঞ্চলিক দল বা অসম গণ পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছ আদি দলে পূৰ্বে উন্নতি কৰিব পৰা নাছিল বাবে এতিয়া অনেক জনগণে বিজেপিক শক্তিশালী কৰি তোলাত বিশেষ ভূমিকা পালন কৰাৰ পৰিলক্ষিত হয়।
