নিসংগতা আৰু হতাশা জীৱন নহয় – অৰ্ণৱ কটকী

Pc Unsplash

নিসংগতা আৰু হতাশা জীৱন নহয়

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট

নিসংগতা বৰ স্বাভিমানী, হেজাৰ ভিৰৰ মাজতো ই বিচাৰি লয় মনৰ মাজত অকণমান নিৰ্জন ঠাই । প্ৰায় সকলো মানুহেই নিসংগ কোনোবা জন যদি মৰমৰ, কোনোবা জন মানুহৰ। নিসংগতা এক ব্যাধি হৈ পৰিছে আজিৰ সময়ত। হতাশা নমাই আনে বহু জনৰে জীৱনত এই নিসংগতাই । বনৰ বাঘে নাখালেও মনৰ বাঘে খাই সেইবাবে মনক দূৰ্বল হ’বলৈ সুবিধা নিদিব। নিসংগতা নতুন সৃষ্টিৰ এক পোহৰ, যদি হে তাক সুস্থ ৰূপত সজাই তোলে। মানুহ হেৰুৱাই নিসংগতা আকোঁৱালি যদিওঁ লৈছে তেনে নিজৰ মনটোক সোধক কি বিচাৰে। আপোনাৰ সুখী হোৱাৰ মন্ত্ৰ আপোনাৰ মনটোতে লুকাই আছে। হতাশা আহিলেও জীৱনৰ অৰ্থ বিচাৰি ল’ব কাৰণ দিনৰ পিছত হে ৰাতি হয়, ৰাতি এন্ধাৰলৈ ভয় কৰি জানো জোনাকী পৰুৱা নহাকৈ থাকে!

জীৱন বৰ বিশাল, আকাশৰ সমান । নিসংগতা জোনৰ বুকুৰ এটুকুৰা ঘাঁ। তাৰ পিছতো জোনে হাঁহে, পোহৰ বিলাই। নিসংগতাক জীৱন নকৰিব কেতিয়াও ইয়াক অস্ত্ৰ কৰক , জীৱনৰ বাটত। তেতিয়া দেখিব জীৱনে ন -গতি লৈ আগুৱাই গৈছে।

ভয় নকৰিব ,ভাল সদায়েই হ’ব।

সময়ক সাধাৰণতে আমি দোষ দিওঁ। মোৰ সময় খিনি বেয়া বুলি সময়ক আমি গালি দিওঁ। আচলতে সময় কাৰো কেতিয়াও আপোন নহয়। সময় বেয়াও নহয়, সময়ে সময়ৰ লগে লগে খোজ মিলাই গৈ আছে জীৱনক লৈ । যি হ’ল ভালেই হ’ল আৰু যি হ’ব ভালেই হ’ব ইমান খিনি অন্তত নিজৰ ওপৰত বিশ্বাস ৰাখক। আকৌ কৈছোঁ হতাশা বা নিসংগতা জীৱনৰ অলংকাৰ নহয়। জীৱনৰ অলংকাৰ কৰ্ম আৰু ধয্য , সততা।