অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীৰ বৰঝাৰত অৱতৰণ গৃহমন্ত্ৰীৰ বিমান।এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।কেইবাটাও কাৰ্য্যসূচী হাতত লৈ উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী। ঘন কুৱঁলীৰ বাবেই অসমত বিমান অৱতৰণ কৰাত পলম হয়।বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰঝাৰ বিমান বন্দৰত আদৰণি জনায়। এই ভ্ৰমণসূচীৰ সময়ত অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৰ বটদ্ৰৱালৈ ৰাওনা হয়। ইয়াৰ পিছতে তেওঁ উদ্বোধন কৰিব বটদ্ৰৱাৰ অভিলাসী প্ৰকল্প।

এই সময়ত অমিত শ্বাহে উপস্থিত ভকত-বৈষ্ণৱৰ সমুখত ভাষণ প্ৰদান কৰিব গৃহমন্ত্ৰীয়ে।উল্লেখ্য যে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানক ধর্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে এই বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কৰিছে। মুঠ ১৬২ বিঘা ভূমিত প্রায় ২১৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই প্রকল্প। এই অভিলাসী প্ৰকল্পত আছে সত্ৰীয়া সংস্কৃতি প্রতিফলিত কৰি সাজি তোলা অতিথি গৃহ, দেৱবাদ্য খোলৰ সাজত গৱেষণা কেন্দ্ৰ আৰু তালৰ সাজত কলাকেন্দ্ৰ, জাপিৰ সাজত নাটঘৰ, বিশ্বৰ উচ্চতম গুৰু আসন, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ আদি আটকধুনীয়া স্থপতি।বটদ্ৰৱা প্ৰকল্পৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। তদুপৰি তেওঁ মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়ো উদ্বোধন কৰিব।