শীতৰ আমেজ সনা সপোন
যমুনা দুলু বৈশ্য
শুৱালকুছি
এতিয়া শীতৰে বা
সময়ৰ স’তে নানা বেমাৰ
ঠাণ্ডাত কঁপি আগচোতালত
বহি ৰ’দৰ উম ।
নতুন সৃষ্টিৰে আহে নতুন বৰ্ষ
আহে এই সময়তে
পুহৰ পবিত্ৰ মাহতেই
অন্য বহুতৰ দৰেই
সুভাগ্যৰ সপোন সিঁচি দিয়ে
প্ৰকৃতিয়েও দিয়ে নতুনৰে শলাগ ।
সেউজীয়া হৈ জীপাল হোৱা হেঁপাহত
আশাৰ বতৰাৰে আনন্দ ,উৎসাহত,
নতুন দিগন্তৰ বাটলৈ এখোজ আগলৈ
আশাৰ ৰেঙনি কঢ়িয়াই আনে ।।
হৃদয়ে ,হৃদয়ে গুজি দিব
প্ৰতিজনৰ মনে প্ৰাণে
আশাৰ প্ৰণয়ৰে দুচকুত মিলন সাঁকো । ।
