বিধানসভাত ১০০ খন আসনত খেলিব কংগ্ৰেছেঃগৌৰৱ গগৈ

বিধানসভাত ১০০ খন আসনত খেলিব কংগ্ৰেছেঃগৌৰৱ গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক ২৬ৰ নিৰ্বাচনত কংগ্ৰেছ পুনৰ ৰাজ্যৰ শাসনলৈ উভতিব বুলি দৃঢ় দাবী কৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। আগন্তুক ‘২৬ৰ নির্বাচনত কংগ্ৰেছ দলে ১০০ আসনত প্রতিদ্বন্দ্বিতা কৰিব। বিৰোধীৰ সহযোগী আন ১৫টাৰো অধিক সহযোগী দললৈ মাত্র ২৬খন আসন ৰাখি কংগ্ৰেছে ১০০ আসনত নিজাববীয়াকৈ প্রার্থী থিয় কৰাব বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে দীর্ঘদিন ধৰি বিজেপিক প্রতিহত কৰাৰ স্বাৰ্থত ৰাইজৰ দল, এজেপি তথা অন্যান্য বিৰোধী দলসমূহে কংগ্ৰেছৰ নেতৃত্বতে বিৰোধী ঐক্য গঠন কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰি অহাৰ মাজত প্ৰদেশ কংগ্রেছে সহযোগী বাকী দলসমূহলৈ ২৬খন আসন এৰি দিয়াৰ বিষয়টোৱে বিৰোধী মিত্ৰতাত যে পুনৰ খেলিমেলি লগাব সেয়া নিশ্চিত হৈছে। কিয়নো আজি গৌৰৱ গগৈয়ে তেজপুৰত সংবাদ মাধ্যমৰ আগত কংগ্ৰেছে ১০০খন আসনত নির্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰাৰ পূৰ্বেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাইজৰ দলক সন্মানজনক আসন দিব লাগিব বুলি দাবী কৰিছিল। ৰাইজৰ দলক উত্তৰ অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাৰ লগতে পার্বত্য জিলাতো সমষ্টি প্রদান কৰিবলৈ দাবী জনাইছিল। বিশেষকৈ সংখ্যালঘু অধ্যুষিত বৰপেটা, হাইলাকান্দি, কৰিমগঞ্জ, ধুবুৰী, নগাঁও আদি জিলাৰ লগতে উজনিৰ শিৱসাগৰ, ডিব্ৰুগড় আৰু ধেমাজি আদিকে ধৰি জিলাসমূহৰ সমষ্টিত ৰাইজৰ দলে ৩০টাৰো অধিক সমষ্টি দাবী কৰি আহিছে। এনে প্রেক্ষাপটতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নাওবৈচাত হৰিকান্ত দাসৰ ৰূপত প্রার্থী প্রক্ষেপ কৰিছিল। তাৰ উপৰি এজেপি দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও উজনি অসমৰ কেইবাটাও সমষ্টিত নিজৰ দলৰ প্রার্থী সাজু কৰিছে। অন্যান্য সৰু সৰু দলবোৰেও পর্যায়ক্রমে নিজৰ সমৰ্থন থকা সমষ্টিসমূহত প্রার্থিত্ব বিচাৰিব। এনে প্রেক্ষাপটত কংগ্রেছে যদি অকলেই ১০০ সমষ্টিত প্রার্থিত্ব দাবী কৰে, তেন্তে ৰাইজৰ দল, এজেপি আদিকে ধৰি অন্যান্য বিৰোধী দলসমূহলৈ অতি কমসংখ্যক আসনৰহে ভাগ বাটোৱাৰা হ’ব। আজি আগন্তুক দিনত বিৰোধী ঐক্যৰ মাজত আসনৰ ভাগ-বাটোৱাৰাক কেন্দ্ৰ কৰি যে বিভাজন নহ’ব, সেয়া নুই কৰিব নোৱাৰি। ইপিনে, আজি তেজপুৰত গৌৰৱ গগৈয়ে এআইইউডিএফৰ লগত কোনোধৰণৰ মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিছে। তেওঁ স্পষ্ট কৰি কয় যে ‘২৬ৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা নহয়। এই সম্ভাৱনা শূন্য। কিন্তু বিৰোধী আন দলৰ লগত মিত্ৰতা ১০০ শতাংশ নিশ্চিত। বিধানসভা নির্বাচনত কংগ্রেছ দলে ১০০খন আসনৰ ওপৰত অকলেই প্রতিদ্বন্দ্বিতা কৰিব।