অদেখা চিঞৰ – চিমী বৰুৱা

Pc in.pinterest.com

অদেখা চিঞৰ

 চিমী বৰুৱা, মৰিগাঁও

নীৰৱতাৰ বুকুত
এটা চিঞৰ লুকাই থাকে,
য’ত শব্দ নাথাকে
তথাপি বুকু কঁপাই দিয়ে।
এই চিঞৰ
কাণেৰে শুনা নাযায় ,
কিন্তু আত্মাই অনুভৱ কৰে—
চকুৰ কোণত থমকি ৰোৱা
অশ্ৰুৰ দৰে।
মানুহৰ ভিৰত
মই অকলশৰীয়া হওঁ,
কাৰণ মোৰ চিঞৰবোৰ
কেতিয়াও দেখা নাপায়
কাৰো দৃষ্টিয়ে।
প্ৰতিদিনে হাঁহিৰ মোখা পিন্ধি
মই এই অদেখা চিঞৰ
হৃদয়ৰ ভিতৰত
নীৰৱে বহন কৰোঁ।
তথাপিও,
এই চিঞৰে মোক
ভাঙি নিদিয়ে—
বৰঞ্চ শিকায়
নীৰৱতাতো শক্তি থাকে বুলি।
এদিন
এই অদেখা চিঞৰে
শব্দ পাব,
আৰু সিদিনাই
মই নিজকে
পুনৰ চিনিম।