প্রধানমন্ত্রীৰ বছৰৰ অন্তিমটো ‘মন কী বাত’ত  ভাৰতৰ সফলতাৰ আখ্যান

Pc Hindustan

প্রধানমন্ত্রীৰ বছৰৰ অন্তিমটো ‘মন কী বাত’ত  ভাৰতৰ সফলতাৰ আখ্যান

ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ১২৯সংখ্যক মাহেকীয়া অনাতাঁৰ কাৰ্যসূচী ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। আজি আছিল বছৰৰ ‘মন কী বাত’ৰ অন্তিমটো খণ্ড। এই খণ্ডত প্রধানমন্ত্ৰী মোদীয়ে ভাৰতৰ প্ৰত্যাহ্বান আৰু সাফল্য সন্দৰ্ভত আলোচনা কৰে।  প্রধানমন্ত্রী মোদীয়ে কয়, ‘আজি সমগ্র বিশ্বই এক গভীৰ প্ৰত্যাশাৰে ভাৰতৰ প্ৰতি দৃষ্টি দিছে। এই আশাৰ বৃহৎ কাৰণটো হ’ল আমাৰ যুৱশক্তি। বিজ্ঞানৰ ক্ষেত্ৰখনত আমাৰ সাফল্য, উদ্ভাৱনা আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধনে সমগ্ৰ বিশ্বৰ দেশসমূহক আকৰ্ষিত কৰিছে। তেওঁ কয় যে ভাৰতৰ যুৱচামে সদায় নতুন কিবা কৰাৰ বাবে এক আগ্রহ পুহি ৰাখে আৰু সমানে তেওঁলোকে সজাগ আৰু সামাজিকভাৱে সচেতন হৈ থাকে। বছৰৰ শেষৰটো ‘মন কী বাত’ অনুষ্ঠানত ভাৰতৰ সাফল্যৰ খতিয়ান দেশবাসীৰ সন্মুখত তুলি ধৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ২০২৫ বর্ষটো আছিল দেশৰ নিৰাপত্তা, ক্রিয়া আৰু বৈজ্ঞানিক উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বাবে গৌৰৱৰ বছৰ। এই বছৰটোত দেশখনে বহু মাইলৰ খুঁটিস্বৰূপ সফলতা অৰ্জন কৰিছে, যাৰ প্ৰভাৱ বিশ্বজুৰি দেখিবলৈ পোৱা গৈছে বুলি তেওঁ মন্তব্য কৰে। মাহেকীয়া ‘মন কী বাত’ অনুষ্ঠানত তেওঁ কয়, ‘ৰাষ্ট্ৰীয় নিৰাপত্তা, খেলা-ধূলা, বৈজ্ঞানিক উদ্ভাৱন বা বিশ্বৰ বৃহত্তম প্লেটফর্ম যিয়েই নহওক কিয়, ভাৰতৰ প্ৰভাৱ সৰ্বত্ৰ দেখিবলৈ পোৱা গৈছে।’ ইয়াৰ লগতে পুনৰ এবাৰ অপাৰেচন সিন্দূৰৰ কথা উল্লেখ কৰে প্রধানমন্ত্রীয়ে। তেওঁ মনত পেলাই দিয়ে যে অপাৰেচন সিন্দূৰত দেশৰ সশস্ত্র বাহিনীয়ে পাকিস্তানৰ ভিতৰলৈ সোমাই গৈ দেশখনত থকা সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰি দিয়ে। প্রধানমন্ত্রীয়ে লগতে কয় যে ২০২৫ বৰ্ষটো ক্রীড়াক্ষেত্ৰৰ বাবে এটি স্মৰণীয় বছৰ। ভাৰতৰ পুৰুষ ক্রিকেট দলে আইচিচি চেম্পিয়নছ ট্রফী জয় কৰিছে আৰু মহিলা ক্রিকেট দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্বকাপ আঁজুৰি আনিবলৈ সক্ষম হৈছে। তদুপৰি মহিলাসকলৰ ব্লাইন্ড ক্রিকেট টি-২০ বিশ্বকাপ জিকিছে ভাৰতে। তেওঁ আৰু মনত পেলাই দিয়ে যে এছিয়া কাপ টি-২০ত বৃহৎ বিজয় লাভ কৰাৰ পিছত বিশ্ব চেম্পিয়নছশ্বিপতো পেৰা-এথলীটসকলেও দেশৰ নাম উজলাইছে। প্রধানমন্ত্রী মোদীয়ে আৰু কয় যে ভাৰতে বিজ্ঞান আৰু মহাকাশৰ ক্ষেত্রত বৃহৎ অগ্রগতি সাধন কৰিছে। তেওঁ এই কথাও মনত পেলাই দিয়ে যে ২০২৫ বর্ষত সুভাংশু শুক্লা প্রথমগৰাকী ভাৰতীয় হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ অগ্ৰসৰ হৈছে।