কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে বটদ্ৰৱা-খানাপাৰাত প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যত কেইবাটাও বৃহৎ প্রকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত ২২০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰাৰ লগতে গুৱাহাটীত দুটাকৈ বৃহৎ প্রকল্প মুকলি কৰিব।ইয়াৰে এটা হ’ল খানাপাৰাত নতুনকৈ নিৰ্মাণ কৰা মহানগৰ জিলা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু খানাপাৰাতে নিৰ্মাণ কৰা ৫ হাজাৰ আসনবিশিষ্ট জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে এই ভ্রমণ কালতে মহানগৰীৰ বৰাগাঁৱত ইতিমধ্যে মুকলি কৰা শ্বহীদ স্মাৰক উদ্যানলৈ গৈ অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আজি পুৱা বটদ্ৰৱালৈ গমন কৰাৰ পূৰ্বে গৃহমন্ত্রী শ্বাহে বৰাগাঁৱলৈ গৈ শ্বহীদ উদ্যানত অসম আন্দোলনৰ বীৰ শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণ তথা উল্লিখিত কেউটা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা কালি বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প আৰু খানাপাৰাৰ জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লয়। বিয়লি মুখ্যমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱাৰ সাংস্কৃতিক প্রকল্প পৰিদৰ্শনৰ বাবে হেলিকপ্টাৰেৰে পদার্পণ কৰে আৰু তেওঁ নিজে প্রকল্পস্থলী নিৰীক্ষণ কৰি বিষয়া-কৰ্মচাৰী আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সৈতে এক সৌহার্দ্যপূর্ণ আলোচনাত মিলিত হয়। পিছত সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সাংস্কৃতিক প্রকল্প পুৱা ১১ বজাত মুকলি কৰিব বুলি সদৰী কৰে। অৱশ্যে বতৰৰ ওপৰতহে এয়া নিৰ্ভৰ কৰিব বুলি প্রকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা প্ৰকল্প মুকলি কৰাৰ পিছত প্ৰকল্পৰ অন্তৰ্গত নাটঘৰলৈ যাব। তাত আইসকলে দিহানাম প্রদর্শন কৰিব। প্রকল্পলৈ সোমাই যোৱাৰ সম্পূৰ্ণ পথছোৱাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি শিল্পীসকলে আধ্যাত্মিক বাতাৱৰণৰ সৃষ্টি কৰিব। সকলো অসমবাসীকে বটদ্ৰৱা প্ৰকল্প চাবলৈ আমন্ত্রণ জনাই মুখ্যমন্ত্রীয়ে কয় যে এই প্রকল্প সম্পূর্ণকৈ চাবলৈ তিনি ঘণ্টা সময় লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যেন প্ৰকল্পৰ সকলো ফালেই বিৰাজমান হৈ আছে এনে যেন লাগিব।উল্লেখ্য যে এসময়ত একাংশ লোকে বেদখল কৰি থকা বটদ্ৰৱাৰ ভূমিত বিজেপি চৰকাৰে হাতত লৈছিল বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ কাম। বৃহত্তৰ বটদ্ৰৱাৰ ৮০০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পথত গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ কাষৰ ঐতিহ্যমণ্ডিত আকাশীগংগা তীৰৰ ১৬৫ বিঘা ভূমিত এই বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কৰা হৈছে। ২২০ কোটিটকীয়া এই প্রকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত ভকত-বৈষ্ণৱ তথা দেশী-বিদেশী পর্যটকৰ বাবে ইয়াক মুকলি কৰা হ’ব। আনহাতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প মুকলি কৰাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্রী নতুন ভৱন আৰু মহানগৰীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে সংহত কমাণ্ড এণ্ড কন্ট্র’ল ছিষ্টেম, চমুকৈ আইচিচিএছ নতুনকৈ উদ্বোধন কৰিব। ইয়াৰ জৰিয়তে মহানগৰীখনত নিৰাপত্তা আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাকো শক্তিশালী কৰিবলৈ লোৱা হৈছে। এই ব্যৱস্থাই গুৱাহাটী মহানগৰীত দুহেজাৰৰো অধিক চিচি টিভি নিৰীক্ষণ কৰিব। ইয়াৰ পাছতে বিয়লি চাৰি বজাত কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাত ৫ হাজাৰ আসনবিশিষ্ট জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ উদ্বোধন কৰিব। ইয়াত অসমৰ সাংস্কৃতিক জগতৰ লগত জড়িত এহেজাৰৰো অধিক বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসা লাভ কৰা শিল্পীয়ে অংশগ্ৰহণ কৰিব।
