গুৱাহাটীৰ জ্যোতি চিত্ৰবনত প্ৰশান্ত শইকীয়া আৰু কুসুম সোনোৱাল শইকীয়াৰ গ্ৰন্থ উন্মোচন ড০ বসন্ত কুমাৰ গোস্বামী আৰু ড০ আনন্দ বৰমুদৈৰ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত প্ৰশান্ত শইকীয়া আৰু কুসুম সোনোৱাল শইকীয়াৰ গ্ৰন্থ উন্মোচন ড০ বসন্ত কুমাৰ গোস্বামী আৰু ড০ আনন্দ বৰমুদৈৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- “ৰাইজে নবচালে প্ৰাইজে বচাব নোৱাৰে”-এইবুলি প্ৰথিতযশা সমালোচক ড৹ আনন্দ বৰমুদৈয়ে সাহিত্যৰ স্থায়িত্ব সম্পৰ্কত মন্তব্য কৰে।গ্ৰন্থমেলাৰ বতৰত অসমীয়া সাহিত্য জগতত আজি চাৰিখনকৈ নতুন গ্ৰন্থ সংযোজন হয়। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক সাহিত্যানুষ্ঠানত বিশিষ্ট সাহিত্যিক, লেখক আৰু সাহিত্যপ্ৰেমীসকলৰ উপস্থিতিত প্ৰশান্ত শইকীয়াৰ তিনিখন গ্ৰন্থ আৰু কুসুম সোনোৱাল শইকীয়াৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হোৱা সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰি আদৰণী ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় নুমলীগড় শোধনাগাৰৰ বিষয়া নিলয় দাসে। কলাগুৰু প্ৰেক্ষাগৃহ অনুষ্ঠানটোৰ প্ৰাৰম্ভতে বন্তি প্ৰজ্বলন কৰে পৰিয়ালৰ বয়োজ্যেষ্ঠা প্ৰতিমা শইকীয়াই আৰু প্ৰাৰ্থনা পৰিৱেশন কৰে দীপাঞ্জলি গগৈয়ে। অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল উন্মোচক হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী আৰু সাহিত্য সমালোচক, সাহিত্যাচাৰ্য ড° আনন্দ বৰমুদৈ। বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট লেখকত্ৰয় ক্ৰমে চিত্তৰঞ্জন ওজা, জয়ন্ত কুমাৰ মান্তা, মৌচুমী বৰকটকী। এই অনুষ্ঠানত ড° বসন্ত কুমাৰ গোস্বামীৰ দ্বাৰা প্ৰশান্ত শইকীয়াৰ গল্প-সংকলন ‘ৰঙা বেণীৰ সাধু’ আৰু প্ৰবন্ধ সংকলন ‘সাহিত্য এষণা’ উন্মোচন কৰা হয়। একেদৰে ড° আনন্দ বৰমুদৈৰ দ্বাৰা প্ৰশান্ত শইকীয়াৰ উপন্যাসিকা ‘অপ্সৰা নহ’বা নীহাৰিকা’ আৰু কুসুম সোনোৱাল শইকীয়াৰ গল্প-সংকলন ‘হৃদয় বন্তি আৰু অন্যান্য অনুবাদ গল্প’ উন্মোচন কৰা হয়। উন্মোচকদ্বয়ে নিজৰ ভাষণত সমকালীন অসমীয়া সাহিত্য,নতুন প্ৰজন্মৰ লেখকৰ ধাৰা আৰু সৃষ্টিশীল দায়বদ্ধতাৰ বিষয়ে গুৰুত্বপূৰ্ণ মতামত প্ৰকাশ কৰে। অনুষ্ঠানটোত গীত পৰিৱেশন কৰে পূৰবী ৰাভা আৰু নিলয় দাসে। সমজুৱাৰ ফালৰ পৰা সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মিলন সোনোৱালে সাহিত্য, সংস্কৃতি আৰু সমাজচেতনাৰ ওপৰত নিজৰ মতামত আগবঢ়ায়। শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰশান্ত শইকীয়াই।