মৰিগাওঁত অনুষ্ঠিত সদৌ অসম এথলেটিক চেম্পিয়নশ্বিপত ডিব্ৰুগড়ে ৩৭ সোণ,২৮ ৰূপ আৰু ১২ ব্ৰঞ্জসহ ৭৭পদক লাভ

মৰিগাওঁত অনুষ্ঠিত সদৌ অসম এথলেটিক চেম্পিয়নশ্বিপত ডিব্ৰুগড়ে ৩৭ সোণ,২৮ ৰূপ আৰু ১২ ব্ৰঞ্জসহ ৭৭পদক লাভ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাওঁ জিলাৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত ৩১সংখ্যক আন্তঃজিলা সদৌ অসম মাষ্টাৰচ্‌ এথলেটিক চেম্পিয়নচিপ ২০২৫ অনুষ্ঠিত হৈ যায়৷এই প্ৰতিযোগিতাত ডিব্ৰুগড় জিলা মাষ্টাৰচ্‌ এথলেটিক এচছিয়েচনৰ তৰফৰ পৰা পুৰুষ মহিলাসহ মুঠ ৫৯ গৰাকী প্ৰবীণ খেলুৱৈয়ে অংশ গ্ৰহণ কৰে৷ মৰিগাৱত অনুষ্ঠিত হোৱা আন্তঃজিলা ক্ৰীড়া সমাৰোহত অংশ গ্ৰহণ কৰি পুৰুষ মহিলা উভয়ে বিভিন্ন প্ৰতিযোগিতাত সোনৰ ৩৭ টা, ৰূপৰ ২৮ টা আৰু ব্ৰঞ্জৰ ১২ টা মুঠ ৭৭ টা পদক আজুৰি অনাৰ লগতে শ্ৰেষ্ঠ দল হিচাপে পুৰস্কৃত হ’বলৈ সক্ষম হল৷ এই প্ৰবীণ খেলুৱৈ সকলক অনুষ্ঠানিক ভাবে অভিনন্দন জনাবলৈ ডিব্ৰুগড় জিলা মাষ্টাৰচ এথ্‌লেটিক এচছিয়েচনৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত হৈ যায়৷স্থানীয় আমোলাপট্টি নিবাসী দীপক বৰুৱাৰ বাসগৃহ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সভাপতিত্ব কৰে ডিব্ৰুগড় জিলা মাষ্টাৰচ এথ্‌লেটিক এচছিয়েচনৰ সভাপতি তৰুণ গগৈয়ে৷ সভাখনিৰ আঁত ধৰি এচছিয়েচনৰ সম্পাদক অজয় কুমাৰ দত্তই কয় যে এই সাফল্য ডিব্ৰুগড় জিলাখনৰ বাবে অতি গৌৰবৰ বিষয় আৰু ইয়াৰ দ্বাৰা নৱ-প্ৰজন্ম অনুপ্ৰাণিত হব৷লগতে অহা যোৱা আৰু খোৱা বোৱা সকলোখিনি নিজৰ পকেটৰ ধন খৰছ কৰি খেলুৱৈ সকলে নিজৰ জিলাখনলৈ সন্মান কঢ়িয়াই আনিলে তাৰ বাবে তেখেতে খেলুৱৈ সকলক অভিনন্দন জনায়৷ অনুষ্ঠানটিত কেইবা গৰাকীও প্ৰাক্তন বিশিষ্ট খেলুৱৈ আৰু সমাজসেৱকৰ উপস্থিত থাকে৷ সভাত পদক প্ৰাপক সকলক ডিব্ৰুগড় জিলা মাষ্টাৰচ এথ্‌লেটিক এচছিয়েচনৰ তৰফৰ একোখন চেলেং চাদৰেৰে সম্বৰ্দ্ধনা জনোৱা হয়৷