’হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ ৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক বিপুল সম্বৰ্ধনা

’হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ ৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক বিপুল সম্বৰ্ধনা
জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহাৰ জন্মদিন পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  দিছপুৰ প্ৰেছ ক্লাবত বে-চৰকাৰী সংস্থা “হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ উদ্যোগত ৪ গৰাকী ৰাজ্যৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা প্ৰদান কৰা হয় । ২০১৫ চনৰ পৰা সমাজিক,সাংস্কৃতিক তথা ক্ৰীড়াৰ দিশত সামাজিক দায়বদ্ধতাৰে কাম কৰি আহিছে এই সংস্থাটোৱে । ১০ টা বসন্ত গৰকা সংস্থাটোৱে ২০২৫ বৰ্ষৰ অন্তিমভাগত আয়োজন কৰা এই অনুষ্ঠানটোত ৪ গৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক ক্ৰমে – পবিত্র গগৈ,উদয় বৰগোঁহাই ,পুলিন সাহা আৰু জয়ন্ত কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন কৰে । ক্ৰীড়া সাংবাদিকতাৰ জৰিয়তে কেইবাটাও দশক জুৰি অসমৰ ক্ৰীড়া ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই এই সম্বৰ্ধনা জ্ঞাপন কৰে হিউমেন পাৱাৰ ফাউণ্ডেচনে । গামোচা,চেলেং ,জাপি, প্ৰশস্তি পত্রৰে ৪ গৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক আদৰিলে সংস্থাৰ বিষয়-ববীয়াই । মৰম আৰু শ্ৰদ্ধাৰে এটাকৈ গছপুলিও উপহাৰ দিলে ৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক । “হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ সম্পাদিকা অঞ্জনা দাসে উদ্দেশ্য ব্যাখা কৰা অনুষ্ঠানটোৰ আঁত ধৰে সংস্থাৰ সাংস্কৃতিক সম্পাদক চন্দন গৌতম গোস্বামীয়ে । সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে “অভিৰুচি গোষ্ঠী”ৰ প্ৰতিস্থাপক অধ্যক্ষ তথা সক্ৰিয় ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী । তদুপৰি “হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ মুখ্য উপদেষ্টা ৰাজীৱ প্ৰকাশ বৰুৱা তথা কেইবাগৰাকীও নবীন-প্ৰবীণ সাংবাদিকৰ উপস্থিতিত এই সম্বৰ্ধনা গ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰে ৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকে ।ইফালে ,জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহাৰ জন্মদিন উপলক্ষে কেক কাটি ওপজাদিনৰ ওলগ জনালে সংস্থাৰ বিষয়-ববীয়া তথা উপস্থিত শুভকাংখীয়ে । সম্বৰ্ধনা গ্ৰহণ কৰা ৪ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক শুভেচ্ছা জ্ঞাপন কৰে “হিউমন পাৱাৰ ফাউণ্ডেচন”ৰ সভাপতি বিদ্যা ইংতি-এ ।’হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰিছে উপস্থিত ক্ৰীড়া অনুৰাগীয়ে । শেষত শলাগৰ শৰাই আগবঢ়ায় “হিউমেন পাৱাৰ ফাউণ্ডেচন”ৰ সদস্য তথা যুৱ ক্ৰীড়া সাংবাদিক চিন্ময় কুমাৰ দাসে ।অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰথমগৰাকী সাঁতোৰৰ এন আই এছ প্ৰশিক্ষক ৰমেন দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে৷