বজালীৰ ৰিহাবাৰীত অসম সাহিত্য সভাৰ ১০৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন
অসমৰ ৰাইজৰ আশীষ নিৰ্মালিয়েই আমাৰ শিৰৰ মুকুটঃ ড০ বসন্ত কুমাৰ গোস্বামী
ৰাজপথৰ আন্দোলনে ভাষা ৰক্ষা নকৰেঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা
ৰঙিলী বাৰ্ত্তাসেৱা- অতীতৰ লগতে আধুনিকতাৰ দবা শংখ বজাব পাৰিব লাগিব; নদীৰ ভেটা ভাঙি যোৱাৰ দৰে এতিয়া অসম সাহিত্য সভাৰ মজিয়ালৈ ন-ন আজীৱন-হিতৈষী সভ্যৰ সোঁত বৈছে। অসমৰ ৰাইজৰ আশীষ নিৰ্মালিয়েই আমাৰ শিৰৰ মুকুট; অসমৰ ৰাইজে সাহিত্য সভাক মন-প্ৰাণ আৰু দেহেৰেও ভাল পায়। বজালী জিলাৰ অন্তৰ্গত ৰিহাবাৰী শতদল সাহিত্য সভাৰ উদ্যোগত আৰু বৰপেটা, চিৰাং, বাক্সা জিলা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ ১০৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে- মনুষ্যত্বৰ সাধনাৰে শিশুক জীৱনমুখী কৰি তুলিব লাগিব; পৰীক্ষা শিক্ষা নাটকৰ শেষ দৃশ্যলৈ ৰূপান্তৰিত হোৱাটো আমাৰ সমাজখনৰ বাবে ধনাত্মক ইংগিত নহয় । বজালী জিলাৰ পূব ৰিহাবাৰীৰ মদন-ৰাউতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস তৃতীয় দিনাৰ কাৰ্যসূচী মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অনিল শইকীয়াই। সাৱলীল ভাষণ প্ৰদান কৰি তেওঁ কয় যে- ‘অসমীয়া সাহিত্যৰ ইতিহাস লিখা প্ৰক্ৰিয়াটো বহুত শক্তিশালী’ । সভাত উদ্দেশ্যৰ কথকতা প্ৰসংগত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয় যে- অসম সাহিত্য সভা এক অবিৰত শোভাযাত্ৰা, এই শোভাযাত্ৰাই ১০৯ বৰ্ষ অতিক্ৰম কৰিছে। সভাই সাৰ্বিকতাৰে ভাষা সাহিত্য সংস্কৃতিৰ উন্নতি সাধন কৰিবলৈ অহৰহ চেষ্টা চলাই আছে; কেৱল ৰাজপথৰ আন্দোলনে ভাষা ৰক্ষা নকৰে । বৰপেটা শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া লীলাধৰ দাসে উদ্বোধন কৰা সভাখনত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ বিনীতা বৰা দেৱ চৌধুৰীয়ে। জালাহঘাটৰ ডা০ অচ্যুত চন্দ্ৰ মেধিক বিশেষ সম্বৰ্ধনা জনোৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ জগদীশ পাটগিৰিয়ে স্মৃতিগ্ৰন্থ ‘ৰিহাবাৰী দৰ্পণ’ উন্মোচন কৰি কয় যে অসম সাহিত্য সভাৰ তুলনা সম্ভৱ নহয়। বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত সভাৰ প্ৰতিগৰাকী সদস্যক শুভকামনা জনাই প্ৰতিজন অসমীয়াকে অসম সাহিত্য সভাৰ সৈতে সম্পৃক্ত হৈ জাতীয় অনুষ্ঠানটোক শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ অনুৰোধ জনায় আৰু কয় যে অসম সাহিত্য সভা অসমীয়া জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ অংগ । দিনৰ ১.৩০ বজাৰ পৰা চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা, প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত শইকীয়া, জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ আহ্বায়ক হেৰম্ব কলিতা, সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ মৃণ্ময় কুমাৰ নাথ, বিত্ত উপসমিতিৰ উপসভাপতি বংকিম বৰুৱা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ দাস, গুৱাহাটী কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ পাঠক, জালাহ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক বদ্ৰী গুড়াগাড়ী, আদৰণী সমিতিৰ সভাপতি তথা জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, আকাশ উপসমিতিৰ আহ্বায়ক মানসী শইকীয়া, তথ্য প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূমিধৰ ৰয়, হংস ৰয়, অঞ্জনা গগৈ প্ৰমুখ্যে অৰ্ধশতাধিক বিষয়ববীয়া, অসম সাহিত্য সভাৰ আগন্তুক ২০২৬ পঞ্চৰত্ন গুৱাহাটী অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি হীৰালাল বৰা, সম্পাদক বিজু দেৱী, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বৰ্মন, ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বিনয় কুমাৰ নাথ, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়া, জিলা প্ৰতিনিধিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত আৰু স্থানীয় শিল্পীসকলে নৃত্য গীত পৰিৱেশন কৰে । আজিৰ পুৱা কাৰ্যসূচী অনুসৰি ৯ বজাত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে আৰু লগতে আন ১০৯ খন পতাকা উত্তোলন কৰে অসম সাহিত্য সভা, জিলা সাহিত্য সভা, শাখা সাহিত্য সভাৰ বিষয়ববীয়া, প্ৰাক্তন কেন্দ্ৰীয় বিষয়ববীয়া তথা নির্বাচিত ব্যক্তিসকলে। ৯-৩০ বজাত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱা, অসমৰ হৃদস্পন্দন ড০ জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত স্মৃতি তর্পণ কৰে ৰিহাবাৰী শতদল শাখা সাহিত্য সভাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ সিংহ প্ৰমুখ্যে কেন্দ্ৰীয় বিষয়ববীয়াসকলে। ইয়াৰ পিছতে ১২ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্রাৰ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেত্রী ভ্রান্তি মেধি আৰু বলিষ্ঠ অভিনেতা সঞ্জীৱ শর্মাই । উল্লেখ্য যে, ২৫ ডিচেম্বৰত প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১১-৩০ বজাত চিত্রাংকণ প্রতিযোগিতা, আবেলি ২ বজাত ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীতৰ আধাৰত সংগীত প্রতিযোগিতা, সন্ধিয়া ৪ বজাত বিষ্ণু-জ্যোতিৰ গীতৰ আধাৰত নৃত্য প্রতিযোগিতা আৰু ৬ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি ২৬ ডিচেম্বৰ শুক্রবাৰে পুৱা ১০ বজাত শ্রদ্ধার্ঘ্য অনুষ্ঠান, পুৱা ১২.৩০ বজাত ‘জনগোষ্ঠীয় সমন্বয় সম্মিলন’ অনুষ্ঠিত হয়। জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ আহ্বায়ক হেৰম্ব কলিতাই আঁত ধৰা সভাখনত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা প্ৰমুখ্যে বহু সংখ্যক জনগোষ্ঠীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আবেলি ৩.৩০ বজাত মহিলাসকলৰ বাবে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান ‘আকাশ’ৰ উদ্বোধন কৰে বাক্সা জিলা সাহিত্য সভাৰ উপসভাপতি মানসী নাথে । শতাধিক নিৰ্বাচিত মহিলাই অংশগ্ৰহণত ‘আকাশ’ৰ আহ্বায়ক মানসী শইকীয়াই আঁত ধৰা সভাখনৰ সঞ্চালনা কৰে বাক্সা জিলা সাহিত্য সভাৰ সভাপতি যামিনী দাস তালুকদাৰে। ইয়াৰ পিছতে সন্ধিয়া ৫ বজাত শিশুসকলৰ বাবে আয়োজিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ‘কুঁহি’ অনুষ্ঠানৰ উদ্বোধন কৰে বিশিষ্ট লেখিকা তথা শিশপ্ৰেমী মীনা তালুকদাৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি উপসমিতিৰ প্ৰাক্তন আহ্বায়ক শংকুসিদ্ধ নাথে আঁত ধৰা কেন্দ্ৰীয় অনুষ্ঠানটিত শতাধিক নিৰ্বাচিত শিশুৱে গীত-নৃত্য-কবিতাৰে সকলোকে মুহিত কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথ, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা প্ৰমুখ্যে বহুকেইজন কেন্দ্ৰীয় বিষয়ববীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত অংশগ্ৰহণকাৰীসকলক একোখনকৈ ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। সন্ধিয়া ৬ বজাৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান সফল ৰূপায়ন কৰা হয়।
