নাহৰকটীয়া সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ ২০,১১৫ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। হিতাধিকাৰীসকলৰ ১৮,৪৬১গৰাকী গ্রামাঞ্চলৰ আৰু ১,৬৫৪ গৰাকী নগৰাঞ্চলৰ। এই উপলক্ষে নামৰূপৰ হাপজান গাঁৱত আয়োজিত এক বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, নাৰী সবলীকৰণৰ মহান লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা অভিলাষী আঁচনি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত নাহৰকটীয়াকে ধৰি ৰাজ্যৰ ৫৭টা বিধানসভা সমষ্টিৰ উদ্যমী মহিলাসকলে ১০ হাজাৰ টকাকৈ প্রথম কিস্তিৰ চেক লাভ কৰিছে। দুলীয়াজান আৰু খোৱাং সমষ্টিৰ বাহিৰে ডিব্ৰুগড় জিলাৰ বাকী আটাইবোৰ সমষ্টিতে ইতিমধ্যে এই কার্যসূচী সম্পন্ন কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ আৰু কয় যে সভাত প্ৰদৰ্শন কৰা তথ্যচিত্ৰখনত দেখুওৱা অনুসৰি যোৱা ছেপ্টেম্বৰ মাহত যিসকল মহিলাই এই পুঁজি লাভ কৰিছিল, তেওঁলোকে অত্যন্ত দায়বদ্ধতাৰে এই পুঁজিৰ ব্যৱহাৰ কৰিছে আৰু উৎপাদনশীল কাৰ্যত আত্মনিয়োগ কৰিছে। তেওঁ কয় যে অসমত নগৰাঞ্চল আৰু গ্রামাঞ্চল মিলাই প্রায় ৪০ লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে আৰু তাৰ ভিতৰত ৩২ লাখ মহিলা উদ্যমিতা আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। আজিৰ সভাত নাহৰকটীয়া বিধানসভা সমষ্টিৰ ২০,১১৫ গৰাকী মহিলাৰ মাজত চৰকাৰে ২০ কোটিৰো অধিক টকা বিতৰণ কৰিব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, সমগ্ৰ ৰাজ্যত এই আঁচনিৰ প্ৰথম কিস্তিৰ জৰিয়তে চৰকাৰে ৩,২০০ কোটি টকা বিতৰণ কৰিবলৈ লৈছে। মহিলা সবলীকৰণৰ বাবে ইমান বৃহৎ অংকৰ পুঁজিৰ আঁচনি ৰাজ্যত ইয়াৰ পূৰ্বে কেতিয়াও লোৱা হোৱা নাছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসমৰ আঠ লক্ষাধিক মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ মৰ্যাদা লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী সদস্যা লাখপতি বাইদেউ নোহোৱালৈকে চৰকাৰৰ এই আঁচনি অব্যাহত থাকিব।

ৰাজ্য চৰকাৰে নাৰী সমাজৰ সন্মান বৃদ্ধি আৰু মহিলা সবলীকৰণৰ বাবে ভাবিব নোৱৰা ধৰণে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, অহা এক জানুৱাৰীৰ পৰা ৰাইজে মাথোঁ ১০০ টকাতে দাইল, চেনি আৰু নিমখ এই তিনিবিধ সামগ্রী লাভ কৰিব। নিখুঁত মইনা আঁচনিৰ দৰে অহা জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ অধ্যয়নৰ বাবেও এখন বিশেষ আঁচনি হাতত লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণোদয়ৰ হিতাধিকাৰীসকলে অহা ১ জানুৱাৰীত এক বিশেষ উপহাৰ লাভ কৰিব বুলিও তেওঁ অৱগত কৰে। বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত নাহৰকটীয়া সমষ্টিত উন্নয়নৰ এটা নতুন পৰিৱেশ নির্মাণ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে সমষ্টিটোত সৰ্বমুঠ ৩০,৯৩১ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। সমষ্টিটোত ৪১,৭৬৩খন ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল আৰু সুলভ মূল্যত অন্যান্য সামগ্রী লাভ কৰিছে। মুখ্যমন্ত্রী নিখুঁত মইনা আঁচনিৰ জৰিয়তে সমষ্টিটোৰ ২,৩৩১গৰাকী ছাত্রী উপকৃত হৈছে। সেইদৰে এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে নাহৰকটীয়া সমষ্টিৰ ১৫,১৭৭ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। চাহ বাগিচাৰ ৰাইজক বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰ প্ৰদানৰ বাবে চৰকাৰে লোৱা ঐতিহাসিক পদক্ষেপৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, উদ্যমী যুৱ বিধায়ক তৰংগ গগৈৰ নেতৃত্বত অতি কম সময়ৰ ভিতৰতে নাহৰকটীয়া অসমৰ এটা অন্যতম উন্নত সমষ্টিলৈ পৰিণত হোৱাৰ দিশত আগবাঢ়িছে। যোৱা ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামৰূপৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলা বাবে তেওঁ সমষ্টিটোৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত প্রায় নিস্তেজ হৈ পৰা নামৰূপ নগৰ পুনৰবাৰ প্ৰাণৱন্ত আৰু জীৱন্ত হৈ উঠাৰ দিশত আগবাঢ়িছে বুলি তেওঁ মন্তব্য কৰে। আজিৰ সভাত ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু পৰম্পৰা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, শক্তি আদি বিভাগৰ মন্ত্ৰী প্ৰপ্রশান্ত ফুকন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ, তেৰছ গোৱালা, চক্ৰধৰ গগৈকে ধৰি স্থানীয় কেই বাগৰাকীও বিশিষ্ট ব্যক্তি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ প্ৰমুখ্যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।
