জাতি-মাটি-ভেটি ৰক্ষাৰ প্রতিজ্ঞাত অটল চৰকাৰঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এম’নিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমি পূজন কৰে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো অংশ লয়। উল্লেখ্য যে ১০,৬০০ কোটি টকা ব্যয়সাপেক্ষ বিশ্বমানৰ এই সাৰ প্ৰকল্পটোৰ বাৰ্ষিক উৎপাদন ক্ষমতা হ’ব ১২.৭ লাখ মেট্রিক টন। প্রতিদিনে ২,২০০ মেট্রিক টন এম’নিয়া আৰু ৩,৮৫০ মেট্রিক টন ইউৰিয়া উৎপাদন কৰিবলগীয়া এই প্রকল্পটোৱে দেশৰ ইউৰিয়া আমদানি হ্রাস কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ইউৰিয়াৰ প্ৰয়োজন পূৰণত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব। তদুপৰি এই প্ৰকল্পই স্থানীয় যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগো সৃষ্টি কৰিব। এই উপলক্ষে আয়োজিত সভাত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শর্মাই আজিৰ দিনটো অসমবাসীৰ বাবে এটা আনন্দৰ দিন বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নৰ প্ৰতি আগবঢ়োৱা আন্তৰিক সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান কালত নামৰূপবাসীয়ে অঞ্চলটোক পুনৰ প্ৰাণবন্ত কৰি তোলাত সহায়ক হোৱাকৈ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে তেওঁক আহ্বান জনাইছিল। পৰৱৰ্তী সময়ত তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক নামৰূপৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ কথা অৱগত কৰি বছৰি ৫ লাখ মেট্রিক টন উৎপাদন ক্ষমতাৰ প্ৰস্তাৱিত প্রকল্পটোত অনুমোদন জনাবলৈ আবেদন জনাইছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ লাখ মেট্রিক টন সামর্থ্যৰ পৰিৱৰ্তে বছৰি ১২.৭ লাখ মেট্রিক টন উৎপাদন ক্ষমতাৰ প্ৰকল্প স্থাপনত অনুমোদন জনায় আৰু আজি ভূমি পূজনৰ জৰিয়তে এই প্রকল্পটো বাস্তৱায়িত হোৱাৰ দিশত আগবাঢ়িছে। তেওঁ কয় যে অসমৰ জনসাধাৰণৰ আৱেগৰ প্ৰতি সন্মান জনাই এই প্রকল্পটোত ৪০ শতাংশ অংশীদাৰিত্ব ল’বলৈ ৰাজ্য চৰকাৰকো সুযোগ প্রদান কৰা হৈছে। ইয়াৰ পূৰ্বেও নুমলীগড় শোধনাগাৰত ২৬ শতাংশ অংশীদাৰিত্ব ল’বলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰক সুযোগ প্রদান কৰিছিল। অসমৰ তেল, গেছ আৰু প্রাকৃতিক সম্পদৰাজিৰ ওপৰত অসমৰ জনসাধাৰণৰ অধিকাৰ আছে বুলি প্রধানমন্ত্রী মোদীয়ে বিশ্বাস কৰে আৰু সেয়েহে নুমলীগড় শোধনাগাৰ আৰু নামৰূপৰ এম’নিয়া-ইউৰিয়া প্ৰকল্পত ৰাজ্য চৰকাৰ তথা অসমৰ জনসাধাৰণক অংশীদাৰিত্বৰ সুযোগ আৰু সুবিধা প্ৰদান কৰিছে। ভাষণত তেওঁ বিগত সময়ছোৱাত কেইবাটাও বৃহৎ প্রকল্প প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমক উপহাৰ হিচাপে প্রদান কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা ১ লাখ মেট্রিক টনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনাৰে ৭৬০ কোটি টকা ব্যয়সাপেক্ষ এটা প্রকল্প নির্মাণত প্রধানমন্ত্রীয়ে অনুমোদন জনাইছে। তেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা সদিচ্ছাৰ বাবেই নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা ৯ লাখ মেট্রিক টনলৈ বৃদ্ধিৰ প্রকল্প আৰু বাঁহৰ পৰা ইথানল, প’লিপ্ৰপেলিন উৎপাদনৰ অর্থে প্রায় ৪০ হাজাৰ কোটি টকাৰ প্ৰকল্প সম্ভৱ হৈ উঠিছে। ভাষণত তেওঁ ব্রহ্মহ্মপুত্ৰ নৈৰ ওপৰত বগীবিল দলং, ধলা-শদিয়া সংযোগী ড° ভূপেন হাজৰিকা সেতু নির্মাণ, কলিয়াভোমোৰাত দ্বিতীয়খন দলং, গুৱাহাটীত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেলৰ উদ্বোধন আদিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে জাগীৰোডত ছেমিকণ্ডক্টৰ প্ৰকল্প, ধুবুৰীত তাপবিদ্যুৎ প্রকল্প, শিলচৰত নতুন বিমান বন্দৰ, কাজিৰঙাত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ, ব্ৰহ্মপুত্ৰ নৈৰ তলেৰে সুৰংগ পথ নির্মাণ, প্রতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় নির্মাণ আদিৰো পদক্ষেপ গ্রহণ কৰা হৈছে। তেনেদৰে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং, ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ নিৰ্মাণৰ কাম চলি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০১৪ চনৰ পিছত অসমৰ জনজীৱনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এক নতুন আশা আৰু পৰিৱৰ্তনৰ আৰম্ভণি কৰিছে। এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে অসমত ব্ৰহ্ম পুত্ৰৰ ওপৰত একাধিক দলং আৰু এটাৰ পিছত এটাকৈ বৃহৎ প্রকল্প নির্মাণ হ’ব বুলি অসমবাসীয়ে পূর্বতে কেতিয়াও কল্পনা কৰিব পৰা নাছিল। আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাবিব নোৱাৰা পৰিৱৰ্তন আনিছে। আজি আমি গৌৰৱেৰে ক’ব পাৰোঁ যে অসমে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে পাঁচখন সর্বশ্রেষ্ঠ ৰাজ্যৰ এখন হোৱাৰ দিশত যাত্ৰা আৰম্ভ কৰিছে। অসমীয়াই যদি সুযোগ আৰু সুবিধা লাভ কৰে আকাশ স্পৰ্শ কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি অসমীয়াই আকাশ চুইছে। মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যৰ চাৰিওফালে এতিয়া বিকাশৰ উৎসৱ চলিছে বুলিও মন্তব্য কৰে। চৰকাৰে জাতি-মাটি-ভেটি ৰক্ষাৰ অটল প্রতিজ্ঞাৰে আগবাঢ়িছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে এফালে বিকাশমুখী কাম-কাজ আৰু আনফালে অস্তিত্ব ৰক্ষাৰ মহাৰণেৰে আমি আমাৰ ৰাজ্যখনক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ অর্থে প্রচেষ্টা কৰিছোঁ। আমি অসমক দেশৰ সৰ্বশ্রেষ্ঠ পাঁচখন ৰাজ্যৰ মাজত স্থান দিয়াৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাম কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীৰ আৱেগক সম্মান জনাই ৰাজ্যখনৰ বিকাশত সহযোগিতা আগবঢ়াইছে আৰু অসমৰ যুৱপ্ৰজন্মই যাতে নতুন দিগন্ত চুব পাৰে তাৰ বাবে প্রয়োজনীয় পদক্ষেপ লৈছে। মুখ্যমন্ত্রী ড° শর্মাই প্রসংগক্রমে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান, চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি প্রদান, যোৰহাটৰ হোলোঙাপাৰত মহাবীৰ লাচিত বৰফুকনৰ সুউচ্চ প্রতিমূর্তি নিৰ্মাণ আদিৰ ক্ষেত্ৰত প্রধানমন্ত্রী মোদীয়ে আগবঢ়োৱা সহায়ৰ কথা ভাষণত উল্লেখ কৰে। তেওঁ কয় যে অসমীয়া জাতিয়ে কেতিয়াও কল্পনা কৰিব নোৱাৰা কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বাস্তৱত ৰূপায়িত হৈছে। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে নামৰূপৰ টিপামৰ ভূমিত স্বৰ্গদেউ চাওলুং চুকাফাই উপস্থিত হৈ বৰঅসম নিৰ্মাণৰ প্রতিজ্ঞা কৰিছিল। নামৰূপৰ টিমাপৰ সেই পবিত্র ভূমিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজনৰ জৰিয়তে অসমক বিকাশ আৰু উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ গ’ল। এয়া অসমীয়া জাতিৰ বাবে গৌৰৱৰ কথা বুলি তেওঁ অভিহিত কৰে। ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি তেওঁ কয়-‘আমি যিমানবোৰ প্রতিশ্রুতি প্রদান কৰিছিলোঁ, সেই সকলোবোৰ ৰক্ষা কৰিছোঁ।’ এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ ৰামেশ্বৰ তেলী, যোগেন মহন, বিধায়ক তৰংগ গগৈ, পোনাকণ বৰুৱা, তেৰছ গোৱালা, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা প্ৰমুখ্যে বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
