ৰাজ্যৰ ২৫ শিক্ষার্থীৰে ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে’ চৰ্চা’
ৰঙিলী বাৰ্ত্তাসেৱা- অসম ভ্ৰমণৰ দ্বিতীয় দিনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পুৱাই বুঢ়ালুইতৰ বুকুত ৰাজ্যৰ ২৫ গৰাকী শিক্ষার্থীৰে ‘পৰীক্ষা পে’ চর্চা’ কার্যসূচীত অংশগ্ৰহণ কৰে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তিনি ডেকযুক্ত এমভি চৰাইদেউ ২ নামৰ জাহাজখনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত ভাসমান অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মেধাৱী ২৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘পৰীক্ষা পে’ চর্চা’ কার্যসূচীত মত বিনিময় কৰে। কথোপকথনত প্রধানমন্ত্ৰীগৰাকীয়ে ছাত্র-ছাত্রীসকলে পৰীক্ষাত চাপৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পাৰে, নিজৰ মানসিক স্বাস্থ্যৰ যত্ন ল’ব পাৰে আৰু অধ্যয়ন আৰু জীৱনৰ অন্যান্য দিশৰ মাজত সুস্থ ভাৰসাম্য কেনেদৰে ৰক্ষা কৰিব পাৰি, সেই বিষয় লৈ আলোচনা কৰে। স্মৰ্তব্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পুৱাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গুৱাহাটী গেটৱে’ টার্মিনেলত উপস্থিত হয় আৰু তেওঁ তাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত ভাসমান দলং ব্যৱহাৰ কৰি এমভি চৰাইদেউ ২ নামৰ জাহাজখনৰ ওপৰৰ ডেকত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মিলিত হৈ ‘পৰীক্ষা পে’ চর্চা’ত অংশগ্রহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পুৱা ৮.৪৫ বজাৰ পৰা প্ৰায় ৯.৪৫ বজালৈ ৪৫ মিনিট সময় বার্তালাপত মিলিত হয়। ৰাজ্যৰ যিসকল শিক্ষার্থীয়ে প্ৰধানমন্ত্ৰীৰে মত বিনিময় কৰিছে সেইসকল হৈছে কামৰূপ (মহানগৰ) জিলাৰ ক্ৰমে ৰয়েল গ্ল’বেল স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ বিহান উপাধ্যায়, ডনবস্ক’ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী অনহিতা সিং, উত্তৰ গুৱাহাটী ছোৱালী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী অর্পিতা দাস, অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্রী নিষ্ঠা বৰগোহাঁই, শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথৰ নৱম শ্ৰেণীৰ ছাত্ৰী শুভ্রজিতা বৰ্মন, খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ত্রিদিশা মালাকাৰ আৰু মালিগাঁও কেন্দ্রীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অভিনীৎ বৰুৱা ,মৰিগাঁও জিলাৰ তিনিগৰাকী শিক্ষার্থী ক্রমে মৈৰাবাৰীৰ পিএমশ্ৰী আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী কৃষ্টিজিনা বৰা, নবোদয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ নঈম মাছুদ আৰু পিএমশ্রী মালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী জেনিফা আহমেদ। কামৰূপ জিলাৰ তিনি শিক্ষার্থী ক্রমে দকুছি আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰত্রী আসিতা শৰ্মা, ৰাজ্যিক নবোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছফিউৰ ৰহমান আৰু দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৰঞ্জন কলিতাই প্রধানমন্ত্রীৰ সৈতে মত বিনিময় কৰে। একেদৰে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ তিনি শিক্ষার্থী ক্ৰমে মৰাণৰ বাল্যবিকাশ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ তন্ময় চুতীয়া, মাইজান চাহ বাগিচা আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পল্লৱী কৰ্মকাৰ আৰু ডিৰিয়াল চাহ বাগিচা আদর্শ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বিকাশ ভূমিজেও প্ৰধানমন্ত্ৰীৰে ‘পৰীক্ষা পে’ চর্চা’ কার্যসূচীত অংশগ্রহণ কৰে। কাছাৰ জিলাৰ শিলচৰৰ সৰস্বতী বিদ্যা নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰী দেৱাঞ্জলি ভট্টাচাৰ্য আৰু নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ পীযূষ দেবনাথ, শ্রীভূমি জিলাৰ বিভিপি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আনন্দিতা মিশ্রয়ো প্ৰধানমন্ত্ৰীৰে মত বিনিময় কৰে। বাক্সা জিলাৰ শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অমিত দৈমাৰী, ডিমা হাছাও জিলাৰ হাফলং চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ থাইছিংদেউ থাউছেন, কোকৰাঝাৰ জিলাৰ পাৰছাবজিৰ কেজিবিভিৰ নৱম শ্ৰেণীৰ ছাত্ৰী জ্যোৎস্না বসুমতাৰী, গোলাঘাট জিলাৰ গোলোক বৰবৰা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী দিশা মির্ধা, কাৰ্বি আংলং জিলাৰ জে ৰংপি ইংলিছ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী কৃষ্টিনা বেইপি আৰু নলবাৰী জিলাৰ গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দৃষ্টি গোস্বামীয়েও এই কার্যসূচীত অংশগ্রহণ কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ মুঠ ১৬গৰাকী ছাত্ৰী আৰু ৯জন ছাত্রই অংশগ্রহণ কৰে।
