আশাৰ সমাধি – আয়শা ছিদ্দিকা

অণুগল্প

আশাৰ সমাধি 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

বিনিতাৰ মাকৰ আশা আছিল ছোৱালীক ডাক্তৰ হোৱা দেখিব।

সৰুৰে পৰা তাইৰো এয়াই সপোন।নিজে  যথেষ্ট চেষ্টাও কৰি আছে ।

হঠাৎ এদিন কলেজৰ পৰা আহোঁতে তীব্ৰ বেগী বাইক এটাই খুন্দিয়াই থৈ গ’ল তাইক।

তাইৰ সপোন , তাইক লৈ কৰা মাকৰ আশা সকলোবোৰ যেন সমাধিস্থ হ’ল।