ক্ৰমবর্ধমান প্লাষ্টিক প্ৰদূষণৰ প্ৰভাৱ
ময়ূৰী বৰগোহাঁই,দশম শ্ৰেণী
জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়
মাদুৰি, শিৱসাগৰ
ভূমিকা:-
“Earth provides enough to satisfy every man’s needs, but not every man’s greed.”
― Mahatma Gandhi
পৃথিৱী—সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সামঞ্জস্যৰ এক অপূৰ্ব নিদৰ্শন । কিন্তু শিল্পায়ন, ভোগবাদিতা আৰু অপৰিমিত ভোগাকাংক্ষাৰ ফলত আজিৰ সভ্যতা যি দিশে আগবাঢ়িছে, যি পৃথিৱীৰ স্বাভাৱিক ধাৰাটোকেই ব্যাহত কৰি তুলিছে । জীৱন-সুবিধাৰ নামত উদ্ভাৱিত এক বস্তু—প্লাষ্টিক, আজিৰ সমাজত সুবিধা আৰু সংকট দুয়োটাৰ প্রতীক । এই পদাৰ্থটো কেৱল বিজ্ঞানৰ সৃষ্টি নহয়—ই হৈছে এক বিপজ্জনক জীৱদৰ্শন, যিয়ে প্ৰকৃতি আৰু মানৱতাৰ মাজত সংঘাত সৃষ্টিৰে পৃথিৱীখনক “নীৰৱ প্ৰলয়”ৰ দিশে গতি কৰাইছে । আজি এই প্লাষ্টিক সভ্যতাৰ ছায়াত জল আৰু স্থল দুয়োটা মণ্ডলতে গছ-গছনি শুকাই গৈছে, জীৱ বৈচিত্ৰ্য বিপন্ন হৈছে, আৰু মানৱ জীৱন স্বাস্থ্য সংকটত পৰিছে । স্থানীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে আমি “ব্ৰহ্মপুত্ৰত প্লাষ্টিকৰ পোনপটীয়া প্ৰভাৱ” বা “গুৱাহাটী মহানগৰীৰ ডাম্পিং ইস্যু” কথাকে উল্লেখ কৰিব পাৰোঁ ।
প্লাষ্টিকৰ উৎপত্তি আৰু বিস্তাৰৰ ইতিহাস:-
১৯০৭ চনত বেলজিয়ামৰ ৰসায়ন বিজ্ঞানী লিও বেকেলেণ্ডে প্ৰথম কৃত্ৰিম প্লাষ্টিক ‘বেকেলাইট’ উদ্ভাৱন কৰে, যিয়ে চিকিৎসা, খাদ্য সংৰক্ষণ, বৈদ্যুতিক সামগ্রী, আৰু দৈনন্দিন জীৱনৰ প্ৰায় সকলো খণ্ডতে বিপ্লৱ আনিছিল। কিন্তু—প্লাষ্টিক প্ৰাকৃতিকভাৱে দহন হোৱা পদাৰ্থ নহয় । ইয়াৰ সম্পূৰ্ণ ক্ষয়ৰ বাবে শতাব্দীৰ প্ৰয়োজন। এই দীৰ্ঘায়ুতা প্ৰকৃতিত জমা হৈ পৰিৱেশক বিষাক্ত কৰি তোলে ।
পৰিৱেশত প্লাষ্টিকৰ গভীৰ প্ৰভাৱ:-
আজি যিমানেই উন্নয়ন বা ব্যৱসায়ৰ নামত প্লাষ্টিক উৎপাদন আৰু ব্যৱহাৰ বাঢ়িছে, তাতেই বিশ্বজুৰি জলবায়ু পৰিৱর্তন আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ আশংকা বৃদ্ধি পাইছে । জৈৱ বৈচিত্ৰ্য হ্ৰাস পাইছে, বহু প্ৰজাতি বিলুপ্তিৰ সন্মুখীন হৈছে ।বিশেষকৈ এবাৰ ব্যৱহাৰোপযোগী “single-use plastic”—বটল, পেকেট, প্লেট, চামুচ আদিৰ দ্বাৰা সৃষ্ট বর্জ্যই নদী, সাগৰ, ভূমিপৃষ্ঠ ভৰাই তুলিছে । ভাৰততো প্ৰতিদিনে ২৫,০০০ টনৰো অধিক প্লাষ্টিক বর্জ্য উৎপন্ন হয়, যাৰ অধিকাংশ পুনঃব্যৱহৃত নহয় ।
ইয়াৰ উপৰিও প্লাষ্টিকৰ প্ৰভাৱত পৰিৱেশত দেখা দিয়া সমস্যা হ’ল —
১. মাটিৰ উৰ্বৰতা হ্ৰাস: প্লাষ্টিকৰ স্তৰত মাটিৰ ছিদ্ৰতা হ্ৰাস পায়, মাইক্ৰ’বায়েল জীৱৰ কাৰ্যক্ষমতা কমে । কৃষি উৎপাদন কমে ।
২. জলজ জীৱবৈচিত্ৰ্যৰ ধ্বংস: প্লাষ্টিকৰ টুকুৰা সাগৰ, হ্ৰদ, নদীত জমা হৈ মাছ, কাছ, ডলফিন আদিৰ পাচন প্ৰক্ৰিয়া আৰু জীৱন প্ৰণালীত বাধাৰ সৃষ্টি কৰে ।
৩. বায়ু প্ৰদূষণ: প্লাষ্টিক জ্বলালে ডাইঅক্সিন, ফিউৰান, PCB আদি বিষাক্ত গেছ ওলাই, যিয়ে শ্বাসতন্ত্ৰ আৰু স্নায়ু তন্ত্ৰৰ ক্ষতি কৰে ।
৪. মাইক্ৰ’প্লাষ্টিক (food chain contamination) সংকট : UNEP Report, 2023 মতে বছৰে ৮-১০ মিলিয়ন টন প্লাষ্টিক সাগৰত পৰে আৰু এই ক্ষুদ্র কণাসমূহ খাদ্য শৃংখলাৰ জৰিয়তে মাছ, চৰাই, পশু আৰু মানুহৰ দেহলৈ প্ৰৱেশ কৰে । বিজ্ঞানীয়ে ইতিমধ্যে ৰক্ত, যকৃত আৰু মগজুত এই কণাৰ উপস্থিতিৰ প্ৰমাণ পোৱা বুলি প্ৰকাশ কৰিছে ।
WWF (2022) মতে, “Each human may consume 5 grams of microplastic per week — equivalent to a credit card.”
অৰ্থাৎ প্ৰতিজন মানুহে সপ্তাহটোত ৫ গ্ৰাম মাইক্ৰ’প্লাষ্টিক খাইছে বুলি ধৰা হৈছে — যিটো এটা ক্ৰেডিট কাৰ্ডৰ ওজনৰ সমান ।
জীৱবৈচিত্ৰ্য আৰু স্বাস্থ্যজনিত বিপৰ্যয়:-
১. জলজ প্ৰাণীৰ মৃত্যু: সামুদ্ৰিক মাছ, তিমি, কাছ প্রভৃতি প্ৰাণীয়ে প্লাষ্টিকক খাদ্য বুলি ভাৱে (“Ghost Food”) আৰু অপুষ্টিৰ বাবে মৃত্যুমুখত পৰে ।
২. স্থলচৰ প্ৰাণীৰ অন্ত্ৰৰ ক্ষতি: অসমৰ বহু ঠাইত হাতী, গৰু, কুকুৰ আদি প্লাষ্টিক খাই অন্ত্ৰৰ অৱৰোধৰ বাবে মৃত্যুবৰণ কৰিছে ।
৩. মানৱ দেহৰ স্বাস্থ্য সংকট: WHO অনুসৰি, মাইক্ৰ’প্লাষ্টিক (food chain contamination)-এ endocrine system, reproductive system, nervous system আৰু DNA integrity ক হানি কৰে ।
আৰ্থ-সামাজিক বিপদ:-
১. পৰ্যটনত প্ৰভাৱ : পৰ্বত-পাহাৰ, নদ-নদী বা স্হানীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে আমি দীঘলী পুখুৰী নতুবা কাৰ্বি আংলঙৰ দৰ্শনীয় স্থানসমূহৰ কথাকে উল্লেখ কৰিব পাৰোঁ, য’ত প্লাষ্টিকৰ সৃষ্টই দৃষ্টিকটুভাৱে পর্যটনৰ ক্ষতি ঘটায়ছে ।
২. জল সংকট : জলাশয়সমূহত প্লাষ্টিক জমা হোৱাত পানীৰ গুণগত মান হ্ৰাস পায়, বিশেষকৈ গাঁও অঞ্চলত বিশুদ্ধ পানীৰ অভাৱ দেখা দিয়ে ।
৩. স্বাস্থ্য আৰু সুৰক্ষা : বৰষুণৰ পানী নলা-খালত জমা হৈ প্লাষ্টিকে পথ অৱৰোধ কৰি বানপানী আৰু মহামাৰী সৃষ্টি কৰিব পাৰে ।
ভাৰতীয় পৰিপ্ৰেক্ষিত:-
১. ২০১৯ চনত, ভাৰত চৰকাৰে Single-use প্লাষ্টিক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে ।
২. ২০২২ চনৰ ১ জুলাইৰ পৰা প্লাষ্টিক চামুচ, জিলাত, ইত্যাদি নিষিদ্ধ ।
৩. Swachh Bharat Mission, Plastic Free India Campaign যেন উদ্যোগসমূহে প্লাষ্টিকমুক্ত ভাৰতৰ লক্ষ্য আগবাঢ়িছে ।
সমাধানৰ পদক্ষেপসমূহ:-
১. Single-use প্লাষ্টিক নিষিদ্ধ কৰা আৰু তাৰ বিকল্প ব্যৱহাৰত কঠোৰ আইনী ব্যৱস্থা ।
২. Zero Waste Lifestyle: “Reduce, Reuse, Recycle” নীতিৰ সফল প্ৰয়োগ ।
৩. Plastic Literacy: বিদ্যালয়ত নাট, আলোচনাচক্ৰ, চিত্ৰাঙ্কন, প্ৰদৰ্শন আদি জৰিয়তে সচেতনতা গঢ়ি তোলা।
৪. প্ৰযুক্তি-কেন্দ্ৰিক সমাধান: Waste Processing Plant, Recycling Center, বায়ো-ডিগ্ৰেডেবল প্লাষ্টিকৰ (e.g. PLA – Polylactic Acid) উন্নয়ন ।
৫. প্ৰাকৃতিক বিকল্পৰ প্ৰচলন: বাঁহ, কলপাত, মাটিৰ পাত্ৰ আদি স্থানীয় বিকল্পৰ ব্যৱহাৰ ।
উপসংহাৰ:-
“You say you love your children above all else, and yet you are stealing their future in front of their very eyes.”
― Greta Thunberg
প্লাষ্টিক প্ৰদূষণ হৈছে এক দৃশ্যমান সমস্যা, কিন্তু ইয়াৰ অন্তৰ্নিহিত সংকট হৈছে—অপৰিহার্যতাৰ নামত গঢ়ি উঠা এক অসচেতন সভ্যতা । ইয়াৰ সমাধান কেৱল বিজ্ঞান বা নীতিৰে নহয়—সচেতনতা, শিক্ষা, নৈতিকতা আৰু জীৱনদৰ্শনৰ এক বিপ্লৱৰ জৰিয়তে সম্ভৱ । এই মুহূর্ততে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক প্ৰজন্মই সজীৱ পৃথিৱীৰ পৰিবেশ লাভ নকৰিব । সেয়ে আহক, আমি আজি তথা এতিয়াৰ পৰা সংকল্প লওঁ:-
“প্লাষ্টিক নহয়,
প্ৰকৃতিৰ বন্ধু হওঁ,
জীৱন-ভৱিষ্যতৰ বাবে,
এক সচেতন পন্থা বাছোঁ।”
