পঞ্চভূতত বিলীন হ’ল জ্যেষ্ঠ সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ নশ্বৰদেহ
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চভূতত বিলীন হ’ল জ্যেষ্ঠ সাংবাদিক তথা দ্য আছাম ট্রিবিউনৰ সম্পাদক, ‘পদ্মশ্ৰী’ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ নশ্বৰ দেহ।সোমবাৰে দুপৰীয়া গুৱাহাটীৰ নবগ্রহ শ্মশানত পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্রফুল্ল গোবিন্দ বৰুৱাৰ। ৯৪ বছৰ বয়সত জ্যেষ্ঠ সাংবাদিকগৰাকী, পদ্মশ্রী সন্মানপ্রাপ্ত প্রফুল্ল গোবিন্দ বৰুৱাই দেওবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত নার্চিং হোমত বয়সজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল।

প্রখ্যাত সাংবাদিক ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱা- যাক সকলোৱে পি জি বৰুৱা নামেৰে চিনিছিল- ১৯৬৬ চনত অসম ট্রিবিউন গোটৰ পৰিচালক হিচাপে দায়িত্ব গ্রহণ কৰে। পিছলৈ ১৯৯৭ চনত তেওঁ সংবাদপত্ৰখনৰ সম্পাদকৰ দায়িত্বও গ্রহণ কৰিছিল। সোমবাৰে তেওঁৰ নশ্বৰ দেহ প্ৰথমে চানমাৰিস্থিত বাসগৃহত ৰখা হয়, য’ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন, বন্ধু-বান্ধর তথা বিভিন্ন ক্ষেত্ৰৰ লোকসকলে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত দেহটো দ্যা অসম ট্রিবিউনৰ কাৰ্যালয়লৈ নি যোৱা হয়, য’ত প্রতিষ্ঠানটোৰ কৰ্মচাৰী, সাংবাদিক আৰু বিভিন্নজন ব্যক্তিয়ে শ্রদ্ধা নিবেদন কৰে। পিছত নৱগ্ৰহ শ্মশানত অনুষ্ঠিত শেষকৃত্য অনুষ্ঠানত পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন, ট্রিবিউন গোটৰ কৰ্মচাৰী আৰু বহু গণ্য-মান্য লোক উপস্থিত থাকে।

নৱগ্ৰহৰ শেষকৃত্যত অসংখ্য গুণমুগ্ধৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও প্ৰবীণ সাংবাদিক গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্য আৰু সভাপতি উতপল শৰ্মা উপস্থিত থাকে নৱগ্ৰহত।অসম চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় শংকৰ তিৱাৰীও উপস্থিত থাকে প্ৰফুল্ল গোবিন্দ বৰুৱাৰ শেষকৃত্য অনুষ্ঠানত। বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী আৰু বহু কেইগৰাকী বিশিষ্ট সাংবাদিকে নৱগ্ৰহৰ এই শেষকৃত্যত উপস্থিত থাকে।
