হৰ্ণবিল : এক জনপ্ৰিয় বৃহৎ থলুৱা উৎসৱ
নিবেদিতা হাজৰিকা
লখিমপুৰ
নাগালেণ্ডৰ অন্যতম চিনাকি সাংস্কৃতিক অনুষ্ঠান হৈছে হৰ্ণবিল উৎসৱ । প্ৰতি বছৰে ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ নাগালেণ্ডৰ ৰাজধানী ক’হিমাকে ধৰি সমগ্ৰ ৰাজ্য খনতে বিৰাজ কৰে এক উৎসৱমুখৰ পৰিৱেশৰ।ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভণি হোৱা এই উৎসৱৰ আগমনে সমগ্ৰ ৰাজ্যখনতে এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে। নাগালেণ্ডৰ ৰাজধানী কোহিমা(ক’হিমা) ৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত অৱস্থিত নগা ঐতিহ্য গাঁও কিচামাত ‘উৎসৱৰ উৎসৱ'( Festival of Fastival) ৰূপে অভিহিত হৰ্ণবিল উৎসৱ উদ্যাপন কৰা হয়।
হৰ্ণবিল উৎসৱ : মূলত: ধনেশ পক্ষীৰ নামত উৎসৰ্গিত উৎসৱ।এই উৎসৱ হৰ্ণবিল নামৰ চৰাইবিধৰ প্ৰতীকি ৰূপ। হৰ্ণবিল (ধনেশ পক্ষী) এবিধ ডাঙৰ আৰু ৰঙীণ চৰাই।এই বিধ চৰাই নগা সকলৰ আটাইতকৈ শ্ৰদ্ধাৰ আৰু প্ৰশংসিত চৰাই । নগা জনগোষ্ঠীৰ লোক সংস্কৃতিত শৌৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয় আৰু নগা সকলে যুগ-যুগ ধৰি হৰ্ণবিল চৰাইটোক সন্মান কৰি আহিছে।উল্লেখ্য যে হৰ্ণবিল উৎসৱত গোৱা লোক কথা আৰু গীতবোৰে এই চৰাইটোৰ গুৰুত্বক চিত্ৰিত কৰে।উল্লেখ্য যে,নাগালেণ্ডৰ বিভিন্ন জনজাতি সমূহৰ মাজত ভাব বিনিময়ৰ বিকাশ তথা নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে এই ৰাজ্যৰ চৰকাৰে এই দহ দিন( ডিচেম্বৰৰ প্ৰথম সপ্তাহটোত) হৰ্ণবিল উৎসৱ পালন কৰি আহিছে। এই সাংস্কৃতিক উৎসৱে নাগালেণ্ডৰ পৰ্যটনৰ বিকাশত বিশেষ গুৰুত্ব তথা ভূমিকা পালন কৰাৰ লগতে এই উৎসৱে পৰ্যটক সকলক নগা কৃষ্টি তথা সংস্কৃতিৰ বিষয়ে জনাৰ লগতে অভিজ্ঞতা লাভৰ সুবিধা প্ৰদান কৰি আহিছে।
হৰ্ণবিল উৎসৱ হৈছে ভাৰতৰ আটাইতকৈ দীঘলীয়া আৰু জনপ্ৰিয় সংঙ্গীতানুষ্ঠান। ৰাজ্যখনৰ পৰ্যটনক প্ৰসাৰিত কৰিবৰ বাবে নাগালেণ্ডৰ ৰাজ্য চৰকাৰে আয়োজন কৰা ই এক থলুৱা উৎসৱ। ই নাগালেণ্ডৰ পৰিচয় শক্তিশালী কৰাৰ লগতে জনজাতীয় লোকসকলৰ সংস্কৃতি তথা পৰম্পৰা উন্মোচন কৰে।
এই উৎসৱত মূলত: বিভিন্ন নৃত্য আদিৰ সমাহাৰ ঘটে, জাকজমকতাৰে বিভিন্ন নৃত্য -গীত পৰিৱেশন কৰা হয়।নগা জনগোষ্ঠীৰ পাৰস্পৰিক খেল -ধেমালি,নগা খাদ্যৰ পৰিৱেশন আদিয়ে ইয়াৰ মূল। এই সমূহৰ উপৰিও পৰম্পৰাগত নগা কলা যেনে – বিভিন্ন চিত্ৰ কাৰুকাৰ্য ইত্যাদিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়।ফুলৰ প্ৰদৰ্শনী , সৌন্দৰ্য প্ৰতিযোগিতা ,মিছ নাগালেণ্ড সুন্দৰী প্ৰতিযোগিতা ,পৰম্পৰাগত আৰ্চাৰী ,নগা মল্ল যুঁজ আদিও ইয়াত প্ৰদৰ্শিত হয়।এই উৎসৱে নগা জনগোষ্ঠীৰ জনজাতীয় জীৱনক নিচেই কাষৰ পৰা উপভোগ কৰাৰ সুবিধা প্ৰদান কৰে। নগা কৃষ্টি -সংস্কৃতিৰ বিষয়ে চাক্ষুস জ্ঞান বা অভিজ্ঞতা লাভৰ এখন উপযুক্ত মঞ্চ বা উৎসৱ হৈছে হৰ্ণবিল উৎসৱ। ধনেশ পক্ষীৰ নামত উৎসৰ্গিত নাগালেণ্ডৰ এই উৎসৱে নগা জনগোষ্ঠীক সমৃদ্ধ কৰি তুলিছে । পৰ্যটক সকলৰ মূখ্য আকৰ্ষণ হৈ পৰিছে এই উৎসৱ।প্ৰতি বছৰে বহু পৰ্যটকৰ আগমন ঘটে।ইয়াৰ ফলত এই ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰি তোলাৰ ক্ষেত্ৰত বিশেষ সহায়ক হৈ পৰিছে।
