কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম ছাত্ৰ সন্থায়ো প্ৰতিবছৰৰ দৰে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী শ্বহীদক স্মৰণ কৰি এই দিৱস পালন কৰে । নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু স্থানীয় ৰাইজৰ সহযোগত কলিয়াবৰত আছুৱে কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰে ।কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা কেন্দ্ৰীয় শ্বহীদ দিৱসত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰে সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। এই কাৰ্যসূচীতে অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগক অথলে যাবলৈ নিদিওঁ। যেতিয়ালৈকে আমি লক্ষ্যত উপনীত হ’ব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। এতিয়া পৰিস্থিতি ক্রমে ভয়াৱহ পর্যায়লৈ গৈছে। অসম আন্দোলনৰ সময়ত অসমত যি পৰিস্থিতি আছিল এতিয়া তাতকৈ বেছি ভয়াৱহ হৈছে। আগতে জোঁৰ পুৰি হাত পালে বুলি কোৱা হৈছিল, কিন্তু এতিয়া কিলাকুটি পাৰ হৈ বাউসি পালে বুলি মন্তব্য কৰে মুখ্য উপদেষ্টাগৰাকীয়ে। তেওঁ কয়- ভাৰতবৰ্ষত এনে এখন ৰাজ্য নাই, য’ত ৪৬ বছৰ ধৰি নিজৰ ভাষা-সংস্কৃতি-জাতি ৰক্ষাৰ আন্দোলন কৰি থকা ৰাজ্য এই অসম ভুমি। যেতিয়ালৈকে আমি আমাৰ লক্ষ্যত উপনীত নহওঁ তেতিয়ালৈকে এই সংগ্রাম অব্যাহত থাকিব। আনহাতে কেন্দ্রীয় শ্বহীদ দিৱসত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই পতাকা উত্তোলন কৰি দিয়া ভাষণত কয়- সংগ্রাম যিমানেই দীঘলীয়া নহওক কিয় এই সংগ্রাম অব্যাহত থাকিব। অসম বিদেশীমুক্ত হ’ব লাগিব। এয়া আমাৰ শ্লোগান নহয়, এয়া আমাৰ সংকল্প। তাৰ কাৰণে আমাক লাগিব এখন শুদ্ধ এন আৰ চি। এতিয়া এন আৰ চি হ’ল। কিন্তু ৰজাঘৰীয়াৰ সদিচ্ছাৰ অভাৱত এন আৰ চি শুদ্ধ নহ’ল। এন আৰ চিত বিদেশীৰ নাম ৰৈ গ’ল। অসমত যেতিয়ালৈকে এখন শুদ্ধ এন আৰ চি নহয় তেতিয়ালৈকে ভোটাৰ তালিকাৰ পৰা বিদেশী নাম মুক্ত নহয়। এতিয়ালৈকে যিমান নির্বাচন হৈছে সকলো অবৈধ ভোটাৰ তালিকাৰে হৈছে। স্পষ্ট কথা, অসমত বিদেশীৰ নামত ধৰ্মৰ ভাগ ভাগ হ’বলৈ দিয়া নহ’ব। ইয়াৰ পাছতে শ্বহীদ বেদীত বন্তি প্রজ্বলন কৰে সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনে। অনুষ্ঠানত শিল্পীসকলে ‘হে শ্বহীদ তোমাক সহস্র প্রণাম’ শীর্ষক সমরেত সংগীতটি পৰিৱেশন কৰি উপস্থিত সকলোকে আৱেগিক কৰি তোলে। এই অনুষ্ঠানত ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত কলিয়াবৰৰ শ্বহীদ পৰিয়াল, বহুসংখ্যক জ্যেষ্ঠ নাগৰিক, বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া, আইমাতৃসকল আৰু ছাত্ৰ-ছাত্ৰীসকলে ৮৬০গছি বন্তি প্রজ্বলনেৰে অসমৰ শ্বহীদসকলক সোঁৱৰণ কৰে। ইয়াৰ পাছতে সর্বধর্ম প্রার্থনা সভাত ভাগৱত পাঠ, কোৰান আৰু বাইবেল পাঠ কৰা হয়। দুপৰীয়াৰ মুকলি সভাৰ আৰম্ভণিতে ছাত্ৰ সন্থাৰ শতাধিক সদস্যাই সমৱেত সংগীত পৰিৱেশন কৰে। সাধাৰণ সম্পাদক সমীৰণ ফুকনে আঁত ধৰা গাম্ভীর্যপূর্ণ বিশাল সভাখনত সভাপতিত্ব কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে আদৰণী সমিতিৰ মুখ্য সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক মৃগাংক শেখৰ ভৰালী হাজৰিকাই। আদৰণী ভাষণ দিয়ে উদ্যাপন সমিতিৰ সভাপতি নবীন বৰঠাকুৰে। মুখ্য অতিথি হিচাপে ভাষণ দিয়ে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হিতেশ ডেকাই। ভাষণত তেওঁ কয়, মোক হিতেশ ডেকা হিচাপে থিয় কৰি ভেটি গঢ় দিয়া অনুষ্ঠানটোৱে হৈছে সদৌ অসম ছাত্র সন্থা। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰে সাধাৰণ সম্পাদক সমীৰণ ফুকনে। অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে অংশগ্রহণ কৰি শ্বহীদ দিৱস উপলক্ষে প্রকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ উন্মোচন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেওঁৰ ভাষণত কয়, ‘কা’ আমি কেতিয়াও নামানো। সেয়া স্পষ্ট কথা। ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আমাৰ গোচৰ চলি আছে। অসমৰ ৩৫খন জিলাৰ ৮খনত ‘কা’ বলবৎ নোহোৱাৰ দৰে আন ২৭খন জিলাৰ পৰাও ‘কা’ উঠাই দিব লাগে। সেয়া আমাৰ দাবী।
