বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- স্বদেশ-স্বজাতিৰ সুৰক্ষাৰ হকে অসম আন্দোলনত প্রাণ আহুতি দিয়া শ্বহীদসকলক সুঁৱৰি আজি ৰাজ্যজুৰি পালন কৰা হ’ল শ্বহীদ দিৱস। এই শ্বহীদ দিৱসৰ দিনটোতে অসম আন্দোলনৰ তেজৰঙা ইতিহাস সুঁৱৰি গুৱাহাটীৰ বৰাগাঁৱত ৰাজ্য চৰকাৰে নির্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰক ক্ষেত্ৰ মকুলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বা শৰ্মাই। শ্বহীদ স্মাৰক ক্ষেত্ৰ মকুলি কৰি মুখ্যমন্ত্রী ড° শৰ্মাৰ ঘোষণা- আমাৰ জাতিয়ে আত্মসমর্পণ কৰিবলৈ শিকা নাই। আমি যুঁজিম আৰু জিকিম। আমাৰ মাটি কাঢ়ি লৈ যুৱক-যুৱতীৰ তেজেৰে অসমীয়াৰ মাটি ৰাঙলী কৰিছিল অচিনাকি লোকে। অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ হ’লে আমাৰ মাটি অচিনাকি লোকক বিক্ৰী নকৰিব। ৰাজ্য চৰকাৰে অচিনাকি লোকলৈ যাতে ভূমি হস্তান্তৰ নহয় তাক ৰুধিবলৈ প্রচেষ্টা চলাই আছে। অচিৰেই চৰকাৰে বিধানসভাত এখন আইন আনিব বিচাৰিছে। যি আইনৰ দ্বাৰা অসমৰ যি স্থানত অসমীয়া সংখ্যালঘু হ’বলৈ আৰম্ভ কৰিছে, সেই স্থানত কোনো মাটি তিনি প্ৰজন্মৰ অসমীয়া নহ’লে মাটি ক্ৰয় কৰিব নোৱাৰিব। অচিৰেই এই আইন অনা হ’ব। চৰকাৰে জাতিটোক উদ্ধাৰৰ বাবে-জীয়াই ৰখাৰ বাবে প্রচেষ্টা চলাইছে। কিন্তু চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে।

জাতি যদি জীয়াই থাকিব লাগে, আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে কাম কৰিব লাগিব। একো একোজন আন্দোলনকাৰী হিচাপে আমাৰ নিজৰ জীৱনক, আমাৰ সমাজক, গাঁওখনক লৈ আন্দোলন কৰিব লাগিব। আমাৰ নামঘৰ সুৰক্ষিত কৰি ৰাখিব লাগিব, আমাৰ বনাঞ্চল সুৰক্ষিত কৰি ৰাখিব লাগিব, আমাৰ সত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগিব, আমাৰ মাটি সুৰক্ষিত কৰি ৰাখিব লাগিব। এজনো যদি অচিনাকি লোকক আমি প্ৰেৰণা যোগাও, এবাৰো যদি অচিনাকি মানুহক বৰঘৰত সোমাবলৈ দিওঁ, আমাৰ জাতিটো লাহে লাহে শেষ হৈ যাব। সেই কাৰণে আহ্বান- অসম আন্দোলনৰ স্পিৰিট মনত ৰাখি আকৌ এবাৰ সংগ্ৰামত লিপ্ত হ’ব লাগিব। যি সংগ্রাম হ’ব সামাজিক, সাংস্কৃতিক, অর্থনৈতিক সংগ্রাম। চৰকাৰী প্ৰচেষ্টাৰে বহুখিনি কাম কৰা হৈছে। কিন্তু চৰকাৰৰ এনে প্রচেষ্টাই বহু দিনলৈ জাতিক সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। উল্লেখ্য যে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ সর্বোচ্চ ত্যাগক স্মৃতিৰ দৃষ্টিপটত সজীৱ কৰি ৰখাৰ লক্ষ্যৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ১৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰৰ মুকলি অনুষ্ঠানত অসম আন্দোলনৰ সেই তেজলগা ইতিহাসক পুনৰ সজীৱ কৰি তোলাই নহয়, জাতিৰ স্বাভিমান তথা অস্তিত্ব ৰক্ষাৰ এই আন্দোলনৰ লক্ষ্যক পুনৰ আগুৱাই নিয়াৰ বাবে প্ৰায় সকলোৱে আহ্বান জনালে।এই মকুলি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, বিমল বড়া, পীযূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী,ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙকে ধৰি অসম আন্দোলনৰ লগত জড়িত কেইবাগৰাকীও পুৰণি নেতাৰ সমান্তৰালকৈ শ্বহীদ পৰিয়ালবৰ্গ উপস্থিত আছিল।

উল্লেখ্য যে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ পুণ্য স্মৃতিত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰকক্ষেত্ৰত আৰু উদ্যান উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্রী ড° শৰ্মাই স্মাৰকক্ষেত্ৰত থকা শ্বহীদ প্রণাম জ্যোতি অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। মুখ্যমন্ত্ৰীয়ে শ্বহীদ স্মাৰক সৌধত স্থাপন কৰা অসম আন্দোলনৰ মহান শ্বহীদসকলৰ প্ৰতিমূর্তিসমূহো দর্শন কৰে। বৰাগাঁওস্থিত শ্বহীদ স্মাৰকক্ষেত্ৰত সুধাকণ্ঠৰ এই গীত পৰিৱেশনেৰে অনুষ্ঠিত শ্বহীদ দিৱসৰ এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- বিদেশী বিতাড়নক কেন্দ্ৰ কৰি আৰম্ভ হোৱা ঐতিহাসিক অসম আন্দোলনৰ সূত্রপাত হৈছিল অসমৰ জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত। অসম আন্দোলনে দীর্ঘকাল ধৰি ৰাজ্যৰ ইতিহাসত এক নিৰ্ণায়ক স্থান দখল কৰি আহিছে। অসমবাসীৰ স্বদেশপ্ৰেম আৰু ত্যাগৰ উৎকৃষ্ট নিদর্শন অসম আন্দোলন আছিল অসমৰ অস্তিত্ব, স্বাভিমান, ভাষা-কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ এক মহাসংগ্রাম। উল্লেখ্য যে প্রাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ২০১৯ চনৰ ১০ ডিচেম্বৰত আৰম্ভ কৰা শ্বহীদ স্মাৰকক্ষেত্ৰ সম্প্ৰসাৰিত হৈ আছে ১৫০ বিঘা মাটি। এই স্মাৰকটোৰ উচ্চতা ২২৫ ফুট । ইয়াৰ উচ্চ শিখৰত আৰোহণ কৰিলে গোটেই গুৱাহাটী মহানগৰীখন দেখা পোৱা যাব। শ্বহীদ স্মাৰকক্ষেত্ৰ মুকলি কৰি দিয়া ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই অচিনাকি লোকৰ আগ্রাসনে কিদৰে অসমীয়া জাতিক পুনৰ সংকটলৈ ঠেলি দিছে, তাক আঙুলিয়াই দিয়াই নহয় অচিনাকি মানুহৰ পৰা সতৰ্ক হৈ থাকিবলৈও ৰাজ্যবাসীক আহ্বান জনালে।

মুখ্যমন্ত্রী ড° শৰ্মাৰ স্পষ্ট মন্তব্য- আমাৰ জাতিয়ে আত্মসমর্পণ কৰিবলৈ শিকা নাই। আমি যুঁজিম আৰু জিকিম। ইয়াৰ পূৰ্বে ভাষণত তেওঁ কয়- বিগত ১০টা বছৰৰ অবিৰত সংগ্রামে আমাৰ জাতিটোক যথেষ্ট শক্তিশালী কৰিছে। এইবাৰ বিধানসভাত তিৱাৰী কমিছনৰ প্রতিবেদন, মেহতা কমিছনৰ প্ৰতিবেদন প্রস্তুত কৰা হৈছে। এই প্রতিবেদনত পাতে পাতে লিখা আছে কেনেকৈ অসমীয়া জাতিৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা হৈছিল, কেনেকৈ ধলপুৰৰ দৰে স্থানত আমাৰ মাটি কাঢ়ি লৈ, আমাৰ যুৱক-যুৱতীক তেজেৰে অসমীয়াৰ মাটি ৰাঙলী কৰা হৈছিল। আমাৰ চাৰিওফালে এতিয়া এক পৰিৱেশ নিৰ্মাণ কৰা হৈছে। অসমৰ বনভূমিসমূহ এখন এখনকৈ ধ্বংস কৰা হৈছে। এটা সময় আহিছিল যি সময়ত অসমীয়া যুৱতীকো তেওঁলোকে হাতত ধৰি টানি নিবলৈ সাহস গোটাইছিল। আমাৰ ওপৰত এই অচিনাকি লোকসকলে শক্তিশালী হ’বলৈ চেষ্টা চলাই আছে। সেয়াই নহয়, অচিনাকি লোকসকলে আমাৰ বৰঘৰলৈ সোমাইছিল। আমাৰ নামঘৰ-সত্ৰৰ মাটিবোৰ এই অচিনাকি লোকসকলে দখল কৰিছিল। এই অচিনাকি লোকসকলে এদিন কাজিৰঙাৰ মাজলৈ সোমাই গৈ কাজিৰঙাৰ গঁড়সমূহ এটা এটাকৈ হত্যা কৰি আমাৰ জাতিটোৰ গৌৰৱক মাটিৰ লগত মিহলাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে। গোৱালপাৰা, ধুবুৰী এই জিলাসমূহত লাহে লাহে অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ গৌৰৱক এইসকল লোকে মাটিত মিহলি কৰি আমাৰ মাটি, আমাৰ সংস্কৃতিক ভৰিৰে আঘাত দিবলৈ প্ৰচেষ্টা কৰিছিল। আমাৰ সাংস্কৃতিক প্ৰকল্পৰ ওপৰতো চলিছিল আক্রমণ। অসমীয়া জাতিৰ অৰ্থনৈতিক স্বাভিমানৰ ওপৰত তেওঁলোকে আক্রমণ আৰম্ভ কৰিছিল। তেওঁলোকে হুংকাৰ দিছিল-আমি কাম নকৰিলে অসমীয়া জাতি কেনেকৈ জীয়াই থাকে চাওঁ, তেনেকৈও অসমীয়াক প্রত্যাহ্বান জনাইছিল। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাতো তেওঁলোকে হস্তগত কৰিছিল। পৰিতাপৰ বিষয় যে এনে সময়ত আমাৰ জাতিটোৰ একাংশ মৃধাফুটা লোকে তেওঁলোকৰ ওচৰত আত্মসমর্পণ কৰিছিল। সাম্প্রদায়িক সম্প্রীতিৰ নামত অসমৰ জাতি-মাটি-ভেটিক লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ ৰচনা হৈছিল। লাহে লাহে আমাক এইসকল লোকৰ ওচৰত আত্মসমর্পণ কৰোৱাৰ বাবে প্ৰস্তুত কৰোৱা হৈছিল। কিন্তু ৮৬০গৰাকী শ্বহীদৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ অসমীয়া জাতিৰ হৈ যুঁজিবলৈ সাজু হৈছিলোঁ। ২০১৪ চন, ২০১৬ চনৰ আৰু ২০২১ প্রতিটো নির্বাচনতে সংকল্প লৈছিলোঁ যে আমাৰ ৰাজনৈতিক ভৱিষ্যৎ কাৰোবাৰ ওচৰত হস্তান্তৰিত হ’বলৈ নিদিওঁ। অসমীয়াই ৰাজনৈতিকভাবে, সাংস্কৃতিকভাবে, অর্থনৈতিকভাবে এঘড়ী যুঁজিবলৈ সাজু হৈছিল। কিন্তু ১০ বছৰ পাছত আমি ক’ব পাৰোঁ এতিয়া যদি অসমীয়া জাতিৰ লগত কোনোবাই যুঁজিবলৈ সাহস কৰে, তেওঁক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ আজি আমি প্রস্তুত। প্রয়োজনত এঘড়ী যুঁজিবলৈ আমি সাজু। চাওঁতে চাওঁতে কাজিৰঙাৰ গঁড় হত্যা বন্ধ হ’ল, অসমৰ বনজ সম্পদসমূহৰ লুণ্ঠন কৰা অচিনাকি লোকৰ পৰা কাঢ়ি আনিবলৈ আমি সক্ষম হ’লোঁ।

মুখ্যমন্ত্রীয়ে পুনৰ কয়- অসম আন্দোলনৰ সেই দিনবোৰ মনত ৰাখি আমি পুনৰ এক সংগ্ৰামত জড়িত হ’ব লাগিব। এই সংগ্ৰামৰ জৰিয়তে আমি সুৰক্ষিত কৰিব লাগিব আমাৰ সত্ৰ, নামঘৰ, আমাৰ গাঁওসমূহ। অসমীয়া এনে এটা জাতি যি জাতিয়ে আৱহমান কালৰে পৰা আমাৰ স্বাভিমান ৰক্ষা কৰি আহিছে। আজিও প্রতিকূলতাৰ মাজতো জাতিটোক জীয়াই ৰখাৰ বাবে আমি সংকল্প ল’ব লাগিব আৰু জাতিটোক সুৰক্ষিত কৰিব লাগিব। শ্বহীদ দিৱসৰ এই দিনটোত সকলো জিলাতে আৰু সকলো সমজিলাৰ সদৰতে শ্বহীদ দিৱস পালন কৰা হৈছে। এই দিনটোতে সকলো অসমীয়াকে সামূহিক সংকল্প ল’বলৈ মই আহ্বান জনাইছোঁ। আমি যেন আমাৰ জাতিটোক জীয়াই ৰাখো আৰু অচিনাকি লোকৰ ওচৰত যাতে আত্মসমর্পণ নকৰোঁ, যিধৰণে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে আত্মসমর্পণ কৰা নাছিল, ধূলাৰ শ্বহীদে, ধলপুৰৰ শ্বহীদে যিদৰে আত্মসমর্পণ কৰা নাছিল। আমিও ভবিষ্যতে যাতে আত্মসমর্পণ নকৰোঁ, তাৰ বাবে আমি সংকল্প ল’ব লাগিব। আমি আত্মসমর্পণ কৰিবলৈ শিকা নাই, আমি আত্মসমর্পণ নকৰোঁ। শেষ দিনটোলৈকে আমি যুঁজিম আৰু যুঁজি আমি জিকিম। এই বজ্র কঠোৰ সংকল্পই আমাক প্ৰেৰণা যোগাই যাব। উদাত্তকণ্ঠেৰে মুখ্যমন্ত্রী ড° শর্মাই কয়- জাতিয়ে যদি জাতীয় সংকল্প নলয়, আমাৰ জাতিটো কেতিয়াও জীয়াই নাথাকে। আমি সংকল্প ল’ব লাগিব- আমি আমাৰ এটুকুৰা মাটিও, যিমানেই পৰিয়ালৰ অসুবিধা নহওক, অর্থনৈতিক অসুবিধা নহওক কিয় আমি কেতিয়াও অচিনাকি লোকক মাটি বিক্ৰী নকৰোঁ। আমাৰ মাটি যদি অচিনাকি মানুহৰ হাতলৈ যায়, আমি জাতি হিচাপে জীয়াই থাকিব নোৱাৰিম। প্ৰতিগৰাকী ব্যৱসায়ীয়ে সিদ্ধান্ত ল’ব লাগিব, প্ৰতিগৰাকী উদ্যোগপতিয়ে সিদ্ধান্ত ল’ব লাগিব যে আমাৰ প্ৰতিষ্ঠানত অচিনাকি মানুহক চাকৰি নিদিওঁ। আমি আমাৰ নিজৰ যুৱক-যুৱতীক চাকৰি দিম। আমি সংকল্প ল’ব লাগিব মোৰ খেতিত নিজে খেতি কৰিম, মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম। অচিনাকি লোকে এবছৰ মাটি চহাব, দুবছৰ মাটি চহাব, তৃতীয় বছৰত ক’ব- এই ভূমিৰ মালিক মই।
