অসম গ্ৰন্থমেলা, শিলচৰৰ সফল সামৰণি
সাহিত্য-সংস্কৃতিৰ সৌৰভ বিলাই নিজম পৰিল পুলিচ পেৰেড গ্ৰাউণ্ড
সকলো প্ৰত্যাহ্বান নেওচি কিতাপৰ জয়যাত্ৰা অব্যাহত থাকিবঃ ড° ৰাজীৱ মোহন পন্ত
ৰঙিলী বাৰ্ত্তাসেৱা- ভাষা-সাহিত্য, চলচ্চিত্ৰ-সংগীত, সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি, সমাজ-ইতিহাস আদি বিভিন্ন বিষয়ৰ বৌদ্ধিক আলোচনা, কবিতা পাঠ, সাংস্কৃতিক প্ৰতিযোগিতাৰে বিগত ১০ দিনজুৰি উৎসৱমুখৰ হৈ থকা অসম গ্ৰন্থমেলাৰ সফল সমাপ্তিৰে নিজম পৰিল শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ড ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিলচৰৰ আজি বিয়লি সামৰণী সভা অনুষ্ঠিত হয় ৷ গ্ৰন্থমেলাৰ অনুষ্ঠিত সভাখনত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰাজীৱ মোহন পন্তে ৷ তেওঁ ভাষণত কয় যে অসম চৰকাৰে ২০২৫ বৰ্ষটোক গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰি গ্ৰন্থ-সংস্কৃতি প্ৰতিষ্ঠা কৰা আৰু অধ্যয়নৰ সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ যি পদক্ষেপ লৈছে এয়া অভূতপূৰ্ব ৷ চৰকাৰ এখনে এনেদৰে গ্ৰন্থৰ পৃষ্ঠপোষকতা কৰাটো আদৰণীয় আৰু অনুকৰণীয় ৷ বৰ্তমানৰ বিভিন্ন চমৎকাৰী ঘটনা, যেনে মোবাইলৰ ব্যাপক ব্যৱহাৰ, সামাজিক মাধ্যমৰ প্ৰভাৱ, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ আদিয়ে সৃষ্টিশীল ক্ষেত্ৰখনৰ লগতে গ্ৰন্থৰ পৃথিৱীকো আক্ৰান্ত কৰিছে ৷ কিন্তু মোৰ গভীৰ বিশ্বাস আছে যে সকলো ধৰণৰ প্ৰত্যাহ্বান নেওচি কিতাপে নিজৰ জয়যাত্ৰা অব্যাহত ৰাখিব ৷ অসম গ্ৰন্থমেলাই এই প্ৰতিশ্ৰুতিকে বহন কৰিছে ৷ তেওঁ লগতে কয় যে নতুন প্ৰজন্মই অধ্যয়ন নকৰা বুলি একাংশই উত্থাপন কৰি অহা অভিযোগ সম্পূৰ্ণ সত্য নহয় ৷ যুৱ প্ৰজন্মৰ মাজত অধ্যয়নৰ প্ৰতি আগ্ৰহ দেখিবলৈ পোৱা যায় ৷ আনকি বহুতে ভাষা-সাহিত্যৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে কাম কৰি আহিছে ৷ জ্ঞানাৰ্জন আৰু প্ৰজ্ঞাৰ সাধনা মানৱ সভ্যতাৰ মূল ভেটি ৷ গ্ৰন্থ অবিহনে, জ্ঞানৰ চৰ্চা নোহোৱাকৈ এখন সভ্য সমাজ নিৰ্মাণ কৰাটো অসম্ভৱ ৷ তেওঁ পুনৰ কয় যে শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি বৰাক উপত্যকাক বৌদ্ধিক দিশত সমৃদ্ধ কৰিলে ৷ এয়া আশা আৰু আস্থাৰ বতৰা ৷ বিশিষ্ট লেখক-গৱেষক ড° অমলেন্দু ভট্টাচাৰ্যই সভাখনত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে ৷ ভাষণত তেওঁ কয়—“ শিলচৰত অসম গ্ৰন্থমেলা আয়োজন কৰি অসম প্ৰকাশন পৰিষদে এই অঞ্চলৰ বৌদ্ধিক বিকাশৰ গতি অধিক তৰান্বিত কৰাৰ বাবে যি প্ৰচেষ্টা চলাইছে এয়া অতি সুন্দৰ ৷ গ্ৰন্থ পঠনৰ সংস্কৃতি হৈছে সুসভ্য জাতিৰ নিদৰ্শন ৷ জ্ঞানৰ পোহৰেৰে সমাজক আলোকিত কৰাৰ ক্ষেত্ৰত গ্ৰন্থ অধ্যয়নেই সৰ্বোৎকৃষ্ট পন্থা ৷ দেশৰ সুন্দৰ ভৱিষ্যৎ নিৰ্মাণৰ বাবে গ্ৰন্থ হৈছে নিৰ্ভৰযোগ্য আশ্ৰয় ৷ সেয়ে গ্ৰন্থমেলাবোৰক এক সামূহিক বৌদ্ধিক যাত্ৰা বুলি অভিহিত কৰিব পৰা যায় ৷” তেওঁ গ্ৰন্থৰ বিষয়ে উল্লেখ কৰি পুনৰ কয়—“সভ্যতাৰ শিপা বিচাৰিবলৈ হ’লে গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব ৷ সেয়ে গ্ৰন্থৰ সভ্যতাৰ মহত্ত্ব সৃষ্টি আৰু সেইবাবেই গ্ৰন্থই অমৰত্বঢ লাভ কৰিছে ৷ ভাৰতীয় সভ্যতাত অতি প্ৰাচীন কালৰে পৰা গ্ৰন্থৰ প্ৰচলন আছিল ৷ মহাকাব্য ৰামায়ণ আৰু মহাভাৰত ইয়াৰে জলজলপটপট উদাহৰণ ৷ ভাৰতত গ্ৰন্থৰ পৰম্পৰা ঋষি সকলৰ কালৰ পৰা এতিয়ালৈ অক্ষুণ্ণ আছে আৰু অনাদি কাললৈ থাকিব ৷ গ্ৰন্থ কোনোদিনে শেষ হৈ নাযায় ৷” সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি লেখক-গৱেষক ড° ৰুহিন দেবে কয় যে শিলচৰত দ্বিতীয় বাৰলৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰে ইয়াৰ গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ, জ্ঞান চৰ্চাৰ পৰিৱেশ সুদৃঢ় কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া শলাগনীয় ৷ গ্ৰন্থমেলা মানেই জ্ঞানৰ থলী ৷ বিভিন্ন বিষয়ৰ কিতাপ আজিকালি উপলব্ধ হৈছে ৷ কিন্তু সেই কিতাপহে অমৰ হৈ থাকিব নাইবা যুগে যুগে প্ৰচলিত হৈ থাকিব যি কিতাপে প্ৰকৃততে জ্ঞান বিলাই দিব পাৰে, পাঠকৰ মনত নতুন চিন্তা জগাই তুলিব পাৰে আৰু শুদ্ধ তথ্য প্ৰদান কৰিব পাৰে ৷ তেওঁ উঠি অহা ল’ৰা-ছোৱালীবোৰক যিমান পাৰি মোবাইল ফোনৰ অপব্যৱহাৰৰ পৰা আঁতৰাই ৰাখি কিতাপৰ সান্নিধ্যত সময় অতিবাহিত কৰাৰ পৰিৱেশ ৰচনা কৰিবলৈ অভিভাৱক সকলক আহ্বান জনায় ৷ সভাখনৰ আদৰণী ভাষণ আগবঢ়াই অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটো গ্ৰন্থ-বৰ্ষ হিচাপে ঘোষণা কৰি লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ সকলক উৎসাহিত কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰিকল্পনা অনুসৰি গ্ৰন্থ-বৰ্ষৰে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে ৷ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰকাশ সাহিত্য গোটৰ জৰিয়তে সৃজনীশীল সাহিত্যক লৈ আলোচনা সত্ৰ, মহাবিদ্যালয় গ্ৰন্থমেলা আদি অনুষ্ঠিত কৰি আহিছে অসম প্ৰকাশন পৰিষদে ৷ সচিব কলিতাই লগতে কয় যে সম্প্ৰতি মোবাইলৰ ব্যাপক ব্যৱহাৰ আৰু ডিজিটেল মাধ্যমৰ আগ্ৰাসনৰ পৰিণতিত ছপা মাধ্যম অৰ্থাৎ গ্ৰন্থ, সংবাদ পত্ৰ, আলোচনী সমূহলৈ প্ৰত্যাহ্বান নমাই আনিছে ৷ ক’ভিড মহামাৰীৰ ফলতো ছপা মাধ্যমৰ বিস্তৰ ক্ষতি সাধন হৈছিল ৷ কাৰ্যতঃ এয়া আছিল সামগ্ৰিকভাৱে গ্ৰন্থৰ জগতখনৰ ওপৰত গুৰুতৰ আঘাত ৷ কিন্তু গ্ৰন্থৰ বিকল্প যে আন একো হ’ব নোৱাৰে সেয়া সকলোৱে একেমুখে স্বীকাৰ কৰে ৷ সেয়েহে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ চনৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলাৰ আয়োজন কৰি ৰাজ্যখনত এটা আশাব্যঞ্জক বাতাৱৰণ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা হৈছিল ৷ এতিয়া কেৱল গুৱাহাটী মহানগৰীতে আৱদ্ধ নাৰাখি ৰাজ্যখনৰ জিলাই জিলাই অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি অহা হৈছে ৷ তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুচিন্তিত পৰিকল্পনা তথা দূৰদৰ্শিতাৰ বাবেই এয়া সম্ভৱ হৈছে ৷ অসম গ্ৰন্থমেলা, শিলচৰ এই প্ৰয়াসৰে এক অংশ আছিল বুলি বক্তব্য আগবঢ়াই ইয়াত অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱা বিদ্যায়তনিক অনুষ্ঠান, সংবাদ মাধ্যমকে ধৰি সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰে সচিব কলিতাই ৷ নবস্মিতা পাল আৰু নম্ৰতা পালে পৰিৱেশন কৰা এটি ৰবীন্দ্ৰ সংগীতেৰে আৰম্ভ হোৱা সামৰণী সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে ৷ উল্লেখ্য যে বিগত দিনকেইটাত অসম গ্ৰন্থমেলা, শিলচৰৰ বাকৰিত বিভিন্ন শিক্ষানুষ্ঠানৰ মাজত অনুষ্ঠিত হোৱা সাংস্কৃতিক প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি আজিৰ সামৰণী সভাত বঁটা প্ৰদান কৰা হয় ৷ সেই অনুসৰি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ে প্ৰথম, ৰামানুজ বিদ্যা মন্দিৰ হায়াৰ ছেকেণ্ডাৰী স্কুলে দ্বিতীয়, কাঞ্চনকান্তি বিদ্যা মন্দিৰে তৃতীয় আৰু ডি ডি এন কে গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷
