জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ৰাজ্যৰ চাহ বাগিচা এলেকা আৰু গ্ৰামাঞ্চলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ আৰম্ভ কৰিছে। প্ৰতিবাদৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুযায়ী শোণিতপুৰ আৰু নগাঁও জিলাৰ গ্ৰামাঞ্চল আৰু চাহ বাগিচা এলেকাসমূহত স্থানীয় কংগ্ৰেছ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। জলজীৱন মিছনৰ কাম-কাজৰ প্ৰকৃত স্বৰূপ উদঙাই দিবলৈ আৰম্ভ কৰা এই প্ৰতিবাদী কাৰ্যসূচী অহা ২০ ডিচেম্বৰ পৰ্যন্ত চলিব। শোণিতপুৰ আৰু নগাঁও জিলাৰ পিছত পৰ্যায়ক্ৰমে অসমৰ বাকী জিলাসমূহতো আঁচনিখন ৰূপায়ণ হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। উল্লেখ্য যে, সংসদৰ চলিত শীতকালীন অধিৱেশনতো লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে অসমত ফ্লপশ্ব’ত পৰিণত হোৱা জলজীৱন মিছনৰ প্ৰসংগ উত্থাপন কৰিছে। জলজীৱন মিছনৰ ঠিকাদাৰ-কৰ্মচাৰীয়ে আজি পৰ্যন্ত কামৰ বাবদ পাবলগীয়া ধন নোপোৱাত হাজাৰ হাজাৰ লোকৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে। আনহাতে, ব্যাপক কমিছনৰ অংকৰ ফলত আঁচনিখনৰ কামসমূহ সঠিক নোহোৱাত শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সমগ্ৰ অসমতে ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। এনে পৰিপ্ৰেক্ষিততে ৰাইজৰ দুখ-দুৰ্দশাৰ সমভাগী হৈ প্ৰদেশ কংগ্ৰেছে আজিৰে পৰা এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিবলৈ বাধ্য হৈ পৰিছে বুলি জানিবলৈ দিছে দলটোৰ শীৰ্ষ সূত্ৰই।
