ৰাজ্যৰ ১১,২৫০ শিক্ষার্থীলৈ স্কুটাৰ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে ড০ বাণীকান্ত কাকতি মেধা বঁটা।ড° বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ স্কুটাৰ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই আঁচনিৰ অধীনত এইবাৰ ১১,২৫০ গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হৈছে, ইয়াৰে ৬,৮৬০গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্র। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ড° বাণীকান্ত কাকতি মেধা বঁটাৰ জৰিয়তে ২০১৭-১৮ বৰ্ষৰ পৰা ২০২৪-২৫ বর্ষলৈ মুঠ ১,৮৬,৪৪২গৰাকী শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰিছে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে ১০৪৩ কোটিৰো অধিক পুঁজি ব্যয় কৰিছে। স্কুটাৰ লাভ কৰা শিক্ষাৰ্থীসকলক শুভেচ্ছা জনাই মুখ্যমন্ত্রীয়ে তেওঁলোকক দুটা বিশেষ কথা মানি চলিবলৈ আহ্বান জনায়, সেয়া হৈছে দুচকীয়া বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ লাভ নকৰালৈকে স্কুটাৰ নচলোৱা আৰু স্কুটাৰ চলোৱাৰ সময়ত সদায়েই হেলমেট পৰিধান কৰা। মুখ্যমন্ত্রীয়ে কয় যে এইবাৰ ড° বাণীকান্ত কাকতি মেধা বঁটা আঁচনিখনৰ ৰূপায়ণত সামান্য পৰিৱৰ্তন অনা হৈছে। সেয়েহে বিগত বৰ্ষৰ ৪৮,৬৭৩ গৰাকী শিক্ষাৰ্থীৰ পৰিৱৰ্তে এইবাৰ স্কুটাৰপ্ৰাপক শিক্ষাৰ্থীৰ সংখ্যা ১১,২৫০ গৰাকীলৈ হ্রাস পাইছে। চৰকাৰে ক্রমান্বয়ে ‘নিযুত মইনা’ আঁচনিৰ পৰিসৰ অধিক সম্প্ৰসাৰণ কৰি থকা বাবেও এই সংখ্যা হ্রাস পাইছে বুলি ব্যক্ত কৰি তেওঁ কয় যে স্কুটাৰ লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা হ্রাস পালেও ‘নিযুত মইনা’ আঁচনিয়ে ৫ লাখৰো অধিক ছাত্ৰীক সামৰি লৈছে।

ছাত্র-ছাত্রীসকলক জীৱনত সদায়েই ইতিবাচক চিন্তাধাৰাক আঁকোৱালি ল’বলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয়-যোগাত্মক চিন্তাধাৰাই উত্তৰণৰ বাট দেখুৱাব। কিন্তু নিৰাশাক আঁকোৱালি লোৱা বা নেতিবাচক চিন্তাক সাবটি থকাসকলে সমাজত নৈৰাজ্যৰ সৃষ্টিত অৰিহণা যোগাব। এনে ছাত্র-ছাত্রী ক্রমান্বয়ে বিপথগামী হ’বলৈ আৰম্ভ কৰে। এনেধৰণৰ ছাত্ৰ-ছাত্ৰীসকল লাহে লাহে ড্ৰাগছৰ দৰে মাদক দ্ৰব্যৰ গ্ৰাসত পৰে, সমাজবিৰোধী কামত লিপ্ত হয় বা অন্যান্য অপৰাধমূলক কামত জড়িত হৈ পৰে, যি এটা সময়ত সমাজৰ বাবে চিন্তাৰ কাৰণ হৈ উঠে। ৰাজ্য চৰকাৰে সেয়ে এনে ঋণাত্মক মানসিকতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰথমৰেপৰা চিন্তা-চৰ্চা কৰি অহাৰ লগতে শৈশৱৰে পৰা ছাত্ৰ-ছাত্ৰীৰ মনত নিজৰ চৌপাশ, সমাজ আৰু নিজক লৈ এক সদর্থক দৃষ্টিভংগীৰ গঢ় দিয়াৰ বাবে প্ৰয়াস কৰি আহিছে। ইতিবাচক চিন্তাধাৰাৰ অধিকাৰী শিক্ষাৰ্থীৰ মাজত আত্মবিশ্বাস প্রবল। এনে শিক্ষার্থীয়ে এবাৰত আশাব্যঞ্জক ফলাফল নাপালেও হতাশ নহৈ দুগুণ উদ্যমেৰে পৰৱৰ্তীবাৰৰ বাবে নিজকে সাজু কৰি তুলিবলৈ সক্ষম হয়। তেওঁ কয়- ইতিবাচক চিন্তাধাৰাৰ অধিকাৰীসকলক সমাজেও সমীহ কৰে আৰু সমান্তৰালভাৱে তেওঁলোকেৰ চকুতো সমাজৰ ভাল কথা, ভাল কামবোৰে ধৰা দিয়ে। বিপৰীতে নঞর্থক দৃষ্টিভংগীৰ লোকসকলে প্রতিটো কথাতে খুঁত দেখা পায়। মানুহৰ মন আৰু কৃত্রিম বুদ্ধিমতাৰ মাজত চিন্তাৰ সামঞ্জস্য আছে। যাৰ যি খুঁচৰাৰ অভ্যাস আৰু মানসিকতা, সেই অনুসৰিয়েই ব্যক্তিত্বই গঢ় লয়।ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে আদৰণী ভাষণ দিয়া এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও ভাষণ দিয়ে। অনুষ্ঠানত উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক দেৱব্রত দাস, বিভাগৰ সঞ্চালিকা পমী বৰুৱাকে ধৰি অন্যান্য বিষয়ববীয়াসকল, হিৰো মটক’ৰ্পৰ প্ৰতিনিধি, বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাসকল আৰু শিক্ষার্থীসকল উপস্থিত থাকে।
