মানপাৰাত লিটল জিনিয়াছ প্ৰি স্কুলত আৰ্ট এণ্ড ক্ৰাফটৰ প্ৰদৰ্শনী
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ মানপাৰাৰ এম চি বড়ো পথস্থিত লিটল জিনিয়াছ প্ৰি স্কুল প্ৰাংগনত অলপতে কণ কণ শিশুসকলৰ মাজত আৰ্ট এণ্ড ক্ৰাফটৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়৷বিদ্যালয়ৰ অধ্যক্ষা দীপা শৰ্মাই আঁত ধৰা অনুষ্ঠানত শুভাৰম্ভ কৰে গুৱাহাটী পৌৰনিগমৰ ১১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱীয়ে৷ অনুষ্ঠানত সমাজকৰ্মী, শিল্পী ৰঞ্জন বড়ো, সমাজৰ্মী হিৰণ্য শৰ্মাকে আদি কৰি কেবাজনো শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে৷ উক্ত অনুষ্ঠানত প্ৰায় ৪০ জন কণ কণ ছাত্ৰ-ছাত্ৰীয়ে চিত্ৰ প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰে৷
