লেখক-পাঠক সমাৰোহেৰে জীপাল অসম গ্ৰন্থমেলা

লেখক-পাঠক সমাৰোহেৰে জীপাল অসম গ্ৰন্থমেলা
গ্ৰন্থৰ সুবাসেৰে উমাল শীতৰ সন্ধিয়া
কবিতা আবৃত্তি-চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাষা-সাহিত্য,সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ৰ চৰ্চা, বহুভাষিক কবি সন্মিলন, শিশুৰ দিন উদযাপনেৰে আকৰ্ষণীয় হৈ পৰিছে অসম গ্ৰন্থমেলা, শিলচৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ পুলিচ পেৰেড গ্ৰাউণ্ডত যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাত শীতৰ সন্ধিয়াক উমাল কৰি তুলিছে গ্ৰন্থৰ সুবাসে ৷ আজি গ্ৰন্থমেলাৰ বাকৰিত আয়োজন কৰা হয় “সাহিত্য আলচ” শীৰ্ষক লেখক-পাঠক সমাৰোহ ৷ বিশিষ্ট লেখক-সাহিত্যিক নিবেদিতা চক্ৰবৰ্তীয়ে এই অনুষ্ঠানটি সুন্দৰকৈ পৰিচালিত কৰি আকৰ্ষণীয় আৰু উপভোগ্য কৰি তোলে ৷ তেওঁ কয় যে লেখক-পাঠকৰ মাজত সম্পৰ্ক এটা গঢ়ি উঠেই ৷ আজিৰ দৰে যিসময়ত তথ্য-প্ৰযুক্তিৰ উত্থান ঘটা নাছিল, বৈদ্যুতিন মাধ্যম আৰু সামাজিক মাধ্যমৰ ক্ষিপ্ৰ যোগাযোগ ব্যৱস্থা নাছিল তেতিয়াও কিন্তু লেখক আৰু পাঠকৰ মাজত এট যোগাযোগ গঢ়ি উঠিছিল ৷ সেয়া সৃষ্টিৰ প্ৰতি থকা পাঠকৰ মনৰ আগ্ৰহ আৰু গ্ৰন্থ অধ্যয়নৰ জৰিয়তে সম্ভৱ হৈ উঠিছিল ৷ অৰ্থাৎ এজন ঔপন্যাসিক বা গল্পকাৰে, এজন নাট্যকাৰ বা গীতিকাৰে , এজন চিত্ৰকৰ বা সংগীত শিল্পীয়ে তেওঁলোকৰ সৃষ্টিৰ প্ৰতি আগ্ৰহ জন্ম দিব পাৰিব লাগিব ৷ এইক্ষেত্ৰত পাঠক বা শ্ৰোতা-দৰ্শকক সেইবোৰ সৃষ্টিয়ে মন-মগজুত স্পৰ্শ কৰিবলৈ সক্ষম হ’ব লাগিব ৷ এইটো দিশৰ পৰা লেখক-পাঠক সমাৰোহৰ গুৰুত্ব ব্যাপক ৷ কাৰণ ইয়াত উভয় পক্ষই মনৰ চাহিদাৰ বিষয়ে অৱগত হ’ব পাৰে আৰু মত বিনিময় কৰিব পাৰে ৷ চক্ৰবৰ্তীয়ে শিলচৰত অসম গ্ৰন্থমেলা আয়োজন কৰাটো সুখৰ বতৰা বুলি সদৰী কৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক ধন্যবাদ জ্ঞাপন কৰে ৷ লেখক-পাঠক সমাৰোহত অংশগ্ৰহণ কৰে আশুতোষ দাস, হিমাশিস ভট্টাচাৰ্য, মহুৱা চৌধুৰী, বিদ্যুৎজ্যোতি পুৰকায়স্থ, শমিতা ভট্টাচাৰ্য, অৰ্চনা দাস, মিতা দাস পুৰকায়স্থ, মঞ্জৰি হীৰামণি ৰয়, ড° গনেশ নন্দী, কস্তুৰীহোম চৌধুৰী, হেমন্ত কুমাৰ বৰাই৷ ইপিনে সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে নেতাজী বিদ্যা ভৱন গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল, লিটিল পিলাৰ স্কুল আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ে ৷

কবিতা আবৃত্তি-চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল

অসম গ্ৰন্থমেলা, শিলচৰত আয়োজিত “শিশুৰ দিন”ত অনুষ্ঠিত হৈ যোৱা কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ ফলাফল সমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে ৷ সেই অনুসৰি কবিতা আবৃত্তি প্ৰতিযোগিতাৰ “ক” শাখাত সমৃতা দাসে প্ৰথম, পল্লৱী দাসে দ্বিতীয় আৰু সুৰুচি দাসে তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে সোমিয়া মালাকৰ, সৌমিত্ৰ পাল আৰু ভূমিকা দাসে ৷ “খ” শাখাত উপাসনা দে’ই প্ৰথম, সোমদত্ত মজুমদাৰে দ্বিতীয় আৰু সাৰিকা খানে তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে কমলিকা দেৱ, মনালিকা চন্দ আৰু শ্ৰীজা দাসে ৷ চিত্ৰাংকণ প্ৰতিযোগিতাৰ “ক” শাখাত উমাইৰা চুলতানা চৌধুৰীয়ে প্ৰথম, আৰ্চী দাসে দ্বিতীয় আৰু বেদান্ত দেৱে তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে পৃথ্বীৰাজ পাল, আৰমান চক্ৰৱৰ্তী আৰু কৃষৰাজ দে’ই ৷ “খ” শাখাত স্বপ্ননীল চক্ৰৱৰ্তীয়ে প্ৰথম, অৰ্ঘ সূত্ৰধাৰে দ্বিতীয় আৰু আয়ূসী পালে তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে আয়ন দাস, সুহানা বেগম বৰভূঞা আৰু সুশ্ৰুত দে’ই ৷ “গ” শাখাত সোহম নাথে প্ৰথম, প্ৰগ্না দেৱনাথে দ্বিতীয় আৰু সুব্ৰত দাসে তৃতীয় স্থান লাভ কৰিছে ৷ ইয়াত উদগনি বঁটা লাভ কৰিছে ঋতিষা দত্ত, ভূমিকা দেৱ আৰু প্ৰিয়াংশী শুকল্লবৈদ্যই ৷