শ্ৰম, শ্ৰমদান আৰু তৰুণ শক্তি : জাতি গঠনৰ আধাৰ
নলিনী ৰঞ্জন ভূঞা, জামুগুৰিহাট, শোণিতপুৰ
মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ ইতিহাস গভীৰভাৱে লক্ষ্য কৰিলে দেখা যায় যে- পৃথিৱীৰ বুকুত গঢ় লৈ উঠা প্ৰতিটো সভ্যতাৰ মৌলিক ভিত্তি হৈছে কঠোৰ শ্ৰম। জীয়াই থকাৰ তাড়ণাত মানুহে আদিম অৱস্থাৰ পৰাই প্ৰকৃতিৰ সৈতে সংগ্ৰাম কৰি আহিছে ৷ তেতিয়াৰ পৰা আৰম্ভ কৰি এতিয়াৰ এই বিজ্ঞান-প্ৰযুক্তিৰ চৰম শিখৰত উপনীত হোৱালৈকে, প্ৰতিটো খোজতেই নিহিত হৈ আছে মানুহৰ ঘাম আৰু পৰিশ্ৰম। যিকোনো এটা জাতি বা দেশৰ মেৰুদণ্ড স্বৰূপ তৰুণ প্ৰজন্মই যেতিয়া এই শ্ৰমৰ মৰ্যাদা হৃদয়েৰে অনুভৱ কৰে, তেতিয়াই সেই দেশৰ অৰ্থনৈতিক আৰু সামাজিক ভেটি শক্তিশালী হৈ উঠে। শ্ৰম কেৱল অৰ্থ উপাৰ্জনৰ মাধ্যম নহয়, ই এখন সমাজৰ প্ৰাণ স্পন্দন স্বৰূপ। কিন্তু বৰ্তমান সময়ত আমাৰ সমাজ ব্যৱস্থাত শ্ৰম আৰু তৰুণ শক্তিৰ মাজত গঢ় লৈ উঠা ব্যৱধানে এক চিন্তনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। বিশেষকৈ আমাৰ ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো কেৱল শ্ৰম বিমুখ মানসিকতাৰ বাবে আমি বহু ক্ষেত্ৰত পিছপৰি আছো। সেয়েহে আজিৰ প্ৰেক্ষাপটত শ্ৰম, শ্ৰমদান আৰু তৰুণ শক্তিৰ সদ্ব্যৱহাৰৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।
এখন দেশৰ সৰ্বমুঠ জনসংখ্যাৰ মাজত তৰুণ বা যুৱচামেই হৈছে আটাইতকৈ শক্তিশালী সম্পদ। তেওঁলোকৰ শাৰীৰিক সক্ষমতা, মানসিক সতেজতা আৰু নতুন কিবা এটা কৰাৰ অদম্য হেঁপাহে দেশৰ ভৱিষ্যত নিৰ্ণয় কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত জাপান বা জাৰ্মানীৰ দৰে ধ্বংসপ্ৰাপ্ত দেশবোৰে কেৱল তেওঁলোকৰ নাগৰিক আৰু তৰুণ প্ৰজন্মৰ কঠোৰ শ্ৰমৰ জৰিয়তে সম্প্ৰতি বিশ্বৰ আগশাৰীৰ ধনী ৰাষ্ট্ৰত পৰিণত হৈছে। সেই দেশবোৰত শ্ৰমক ঈশ্বৰৰ উপাসনা বুলি গণ্য কৰা হয়। সাধাৰণতে যি শ্ৰমৰ দ্বাৰা ব্যক্তিৰ ব্যক্তিত্ব সাধন হয় আৰু কোনো কৰ্ম উৎপাদনৰে নিজৰ, দহৰ আৰু দেশৰ উপকাৰ সাধন হয় সেয়াহে প্ৰকৃত শ্ৰম ৷ সকলো ভাল শ্ৰমৰে মৰ্যদা আছে ৷ সমাজৰ যি লোকে শ্ৰম নকৰে সেই লোক সোৰোপা হয় আৰু সমাজত গৰিহণাৰ পাত্ৰ হয় ৷ শ্ৰম কেইবা ধৰণৰে কৰা হয় ৷ মন আৰু মগজুৰে যি শ্ৰম কৰা হয় তাক মানসিক শ্ৰম বোলা হয় আৰু শৰীৰৰ দ্বাৰা হাতেকামে যি শ্ৰম কৰা হয় সেয়া শাৰিৰীক শ্ৰম ৷ পঢ়া শুনাকে ধৰি সাহিত্য সৃষ্টি, কাৰ্যালয়ৰ কাম, ডবা-লুডু আদি খেলা মানসিক শ্ৰমৰ অন্তৰ্ভূক্ত ৷ আনহাতে কোৰ মৰা, খৰি ফলা, কৃষিকৰ্ম, গৰুগাই পালন, ফেক্টৰীত কাম কৰা, ৰিক্সা-গাড়ী আদি চলোৱা শাৰিৰীক শ্ৰমৰ অন্তৰ্ভূক্ত ৷ ইয়াৰ উপৰিও ঘৰৰ পৰা বাহিৰত গৈ যি শ্ৰম কৰা হয় সেয়া বহিঃশ্ৰম আৰু ঘৰৰ ভিতৰতে থাকি যি শ্ৰম কৰা হয় সেয়াক আন্তঃশ্ৰম বোলা হয় ৷ শ্ৰম কাৰ্যৰ অন্তৰালত নীহিত হৈ থাকে ধৈৰ্য,সহনশীলতা,ত্যাগ আৰু সেৱা মনোভাৱৰ দৰে গুণ সমূহ ৷ কিন্তু পৰিতাপৰ বিষয় যে আমাৰ সমাজত কায়িক শ্ৰম অৰ্থাৎ শাৰীৰিক শ্ৰমক এক নিম্ন দৃষ্টিভংগীৰে চোৱা হয়। আমাৰ শিক্ষা ব্যৱস্থাই আমাক ডিগ্ৰীধাৰী কৰিছে সঁচা, কিন্তু শ্ৰমৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ হয়তো সম্পূৰ্ণৰূপে শিকাব পৰা নাই ফলস্বৰূপে– আমাৰ তৰুণ প্ৰজন্মৰ এটা বৃহৎ অংশই খেতি পথাৰত কাম কৰা বা সৰু-সুৰা ব্যৱসায় কৰাতকৈ ঘৰত নিবনুৱা হৈ বহি থকাটোকে শ্ৰেয় বুলি ভাবিবলৈ লৈছে। এই মানসিকতাই কেৱল ব্যক্তিগত জীৱনকেই নহয়, সমগ্ৰ ৰাজ্যৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে।
অসমৰ অৰ্থনৈতিক দুৰৱস্থাৰ অন্যতম প্ৰধান কাৰণ হৈছে আমাৰ এই শ্ৰম বিমুখতা। আমাৰ ৰাজ্যৰ বজাৰ বোৰত উপলব্ধ শাক-পাচলি, মাছ-মাংস, কণীৰ পৰা আৰম্ভ কৰি দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীলৈকে প্ৰায়বোৰ বস্তু বহিঃৰাজ্যৰ পৰা আমদানী কৰিবলগীয়া হয়। আনকি আমাৰ ঘৰ-দুৱাৰ সজা, ৰাস্তা-ঘাট নিৰ্মাণ কৰা বা চুলি কটাৰ দৰে সেৱা মূলক কামবোৰৰ বাবেও আমি বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ফলত প্ৰতিদিনে কোটি কোটি টকা আমাৰ ৰাজ্যৰ পৰা বাহিৰলৈ ওলাই গৈছে। অথচ আমাৰ লাখ লাখ শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ আশাত দিনৰ পাছত দিন অতিবাহিত কৰি হতাশাত ভুগিছে। যদি আমাৰ তৰুণ শক্তিয়ে এই লাজ আৰু হীনমন্যতা ত্যাগ কৰি নিজৰ কাম নিজে কৰিবলৈ আগবাঢ়ি আহে, তেতিয়া এক বৃহৎ পৰিমাণৰ ধন ৰাজ্যৰ ভিতৰতে থাকি যাব আৰু আমাৰ অৰ্থনীতি স্বাৱলম্বী হৈ উঠিব। শ্ৰমৰ কোনো বিকল্প নাই আৰু কোনো কামেই সৰু নহয়- এই ধাৰণাটো বাস্তৱত প্ৰতিফলিত কৰাৰ দায়িত্ব আজিৰ তৰুণ প্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰিছে ।
শ্ৰমৰ সমান্তৰাল ভাৱে ‘শ্ৰমদান’ৰ ধাৰণাটোৱেও সমাজ গঠনত এক বৈপ্লৱিক ভূমিকা পালন কৰিব পাৰে। শ্ৰমদান মানে হৈছে কোনো পাৰিশ্ৰমিকৰ আশা নকৰাকৈ সমাজৰ কল্যাণৰ বাবে স্বেচ্ছাই কৰা কাম। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে শ্ৰমদানক এক মহৎ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। তেখেতে কৈছিল যে– যি মানুহে দিনটোত অলপ সময়ো কায়িক শ্ৰম নকৰে, তেওঁৰ খোৱাৰ অধিকাৰ নাই। আজিৰ ভোগবাদী সমাজত আমি ইমানেই আত্মকেন্দ্ৰিক হৈ পৰিছো যে– সমাজৰ বাবে কিবা এটা কৰাৰ কথা আমি অনুভৱেই নকৰো ৷ সাধাৰণতে আমাৰ গাঁও বা নগৰৰ সাধাৰণ ৰাস্তা এটা বেয়া হ’লে আমি চৰকাৰক সমালোচনা কৰিয়েই দায়িত্ব শেষ কৰো। কিন্তু সেই ঠাইৰ লোক বা যুৱক-যুৱতী সকলে যদি সপ্তাহত এদিন বা মাহত এদিন একগোট হৈ শ্ৰমদানৰ জৰিয়তে সেই ৰাস্তা মেৰামতি কৰে, নলা-নৰ্দমা পৰিষ্কাৰ কৰে অথবা গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰে, তেতিয়া আমাৰ সমাজৰ চেহেৰাই সলনি হৈ যাব বুলি কব পাৰি । শ্ৰমদানে কেৱল বাহ্যিক পৰিৱেশ চাফা নকৰে, ই মানুহৰ মনৰ পৰা অহংকাৰ আৰু ভেদাভেদৰ ভাৱ দূৰ কৰি একতাৰ সৃষ্টি কৰে ।
শ্ৰম আৰু শ্ৰমদানৰ অভ্যাস গঢ়ি তুলিবলৈ হ’লে আমাৰ শৈক্ষিক পাঠ্যক্ৰমতো কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে। ছাত্ৰাৱস্থাৰ পৰাই শিশুক কায়িক শ্ৰমৰ সৈতে পৰিচয় কৰাই দিয়াতো প্ৰয়োজন । বিদ্যালয়ৰ ফুলৰ বাগিচা চাফা কৰা, শ্ৰেণীকোঠা পৰিষ্কাৰ কৰা বা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ স্থান পৰিষ্কাৰ কৰাৰ দৰে কামবোৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই কৰাব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকৰ মনত কামৰ প্ৰতি সন্মান জাগি উঠে ৷ তেতিয়া ভৱিষ্যতে যিকোনো কাম কৰিবলৈ তেওঁলোকে সংকোচ নকৰা হব । আজিৰ যান্ত্ৰিকতাৰ ভীৰত মানুহৰ শাৰীৰিক শ্ৰম কমি গৈছে, যাৰ ফল স্বৰূপে কম বয়সতে বিভিন্ন বেমাৰে মানুহক আক্ৰান্ত কৰিছে। শ্ৰমদান আৰু নিয়মিত কায়িক শ্ৰমে তৰুণ প্ৰজন্মক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ কৰি ৰখাৰ ক্ষেত্ৰতো সহায় কৰে। সুস্থ শৰীৰ আৰু সুস্থ মন থাকিলেহে এখন সুস্থ সমাজ গঢ়ি তোলা সম্ভৱ।
তৰুণ শক্তিক বিপথে যোৱাৰ পৰা ৰক্ষা কৰিবলৈ শ্ৰম এক মহৌষধ। বৰ্তমান সময়ত নিবনুৱা সমস্যাৰ বাবে বহু যুৱক-যুৱতী হতাশাত ভূগিছে ৷ বহু সংখ্যকে ড্ৰাগছ বা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হোৱা দেখা গৈছে। কিন্তু যি সকল যুৱক কৰ্মব্যস্ত, যিসকলে কৃষি বা পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ চেষ্টা কৰি আছে, যি সকল কৃষি কাৰ্যত জৰিত হৈ পৰিছে তেওঁলোকৰ মনলৈ সাধাৰণতে কু-চিন্তা নাহে। ‘কৰ্মই ধৰ্ম’— এই মন্ত্ৰ সাৰোগত কৰি আগবাঢ়ি যোৱা তৰুণ প্ৰজন্মইহে দেশক প্ৰকৃত উন্নতিৰ পথ দেখুৱাব পাৰে। চৰকাৰী আঁচনিৰ বাবে হাত পাতি থকাতকৈ নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ আনন্দই বেলেগ। আমাৰ ৰাজ্যত কৃষি, মীন পালন, বাৰীত শস্য উৎপাদন আদি ক্ষেত্ৰত অপাৰ সম্ভাৱনা আছে। আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি আমাৰ তৰুণ সকলে এই ক্ষেত্ৰ বোৰত বিপ্লৱ আনিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন কেৱল মানসিকতাৰ পৰিৱৰ্তন আৰু কঠোৰ শ্ৰম কৰাৰ মানসিক প্ৰস্তুতি।
পৰিশেষত ইয়াকে ক’ব পাৰি যে– এটা জাতিৰ উত্থান নিৰ্ভৰ কৰে সেই জাতিৰ তৰুণ প্ৰজন্মৰ শ্ৰমৰ ওপৰত। কেৱল ভাষণ বা প্ৰতিশ্ৰুতিৰে দেশ নিৰ্মাণ নহয়। ইয়াৰ বাবে লাগে ত্যাগ আৰু আদৰ্শ। শ্ৰমদানৰ জৰিয়তে সমাজ সংস্কাৰ আৰু শ্ৰমৰ জৰিয়তে অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা অৰ্জন— এয়াই হোৱা উচিত আজিৰ তৰুণ শক্তিৰ মূল লক্ষ্য। অসমীয়া জাতি জীয়াই থাকিবলৈ হ’লে আমি এলাহ পৰিহাৰ কৰিবই লাগিব। যেতিয়া প্ৰতিজন তৰুণে নিজৰ কৰ্তব্য বুলি শ্ৰমক আদৰি ল’ব, যেতিয়া শ্ৰমদান এক সামাজিক উৎসৱত পৰিণত হ’ব, তেতিয়াহে আমি বিশ্বৰ দৰবাৰত এটা অৰ্থনৈতিক ভাৱে শক্তিশালী জাতি হিচাপে মূৰ তুলি থিয় দিব পাৰিম। আমি আশা কৰা সোণৰ অসম গঢ়াৰ সপোন তেতিয়াহে সঁচা হ’ব, যেতিয়া আমাৰ পথাৰবোৰ আমাৰ তৰুণৰ ঘামেৰে জীপাল হৈ উঠিব আৰু আমাৰ উদ্যোগবোৰ আমাৰ তৰুণৰ দক্ষ হাতৰ পৰশত সজীৱ হৈ উঠিব। আমি সকলোৱে মিলি শ্ৰমক সন্মান জনাই শ্ৰমদানৰ জৰিয়তে এক নৱজাগৰণৰ সূচনা নিশ্চয়কৈ কৰিব পাৰিম বুলি আশা কৰিব পাৰি ৷
(লেখক অৱসৰপ্ৰাপ্ত শিক্ষক, উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়) , জ্যেষ্ঠ সাংবাদিক, প্ৰতিষ্ঠাপক সম্পাদক — শোণিতপুৰ জিলা সাংবাদিক সন্থা ৷
