সাৰথি
প্ৰভাত বণিয়া
দিনক দিনে বাঢ়ি অহা অসহনশীলতা
ভেঙুচালী,ককৰ্থনা,কটাক্ষ
গুৰু গোঁসাই নমনা অস্থিৰ পৰিৱেশ ধামখুমীয়া মানসিকতা :
ভূলুণ্ঠিত হয় ব্যক্তি আৰু ব্যক্তিত্বৰ মান মৰ্য্যদা ।
হে আমাৰ অনাগত ভৱিষ্যতৰ প্ৰজন্ম
তোমাৰ বাবেই আৰতি কৰো দিন-ৰাতি,
গটাই দিব খোজো তোমাক আমাৰ
অন্তৰাত্মা স্থাৱৰ অস্থাৱৰ সমস্ত সা-সম্পত্তি
পৃথিৱী সুৰক্ষাৰ আজীৱন দায়িত্ব
তোমাতে অৰ্পণ কৰিব খোজো
তুমি সাহসী সবল দূৰদৃষ্টি সম্পন্ন সুপুৰুষ
নিৰহংকাৰী সুন্দৰতাৰ প্ৰতীক পোহৰাই তুলিবা
পংকিলতাত আছন্ন গৰ্বিত মানুহৰ অন্ধকাৰ কুঠৰী
তুমি আমাৰ বহু যুগৰ আৰাধনাৰ ফচল
জীৱনৰ দিগদ্ৰষ্টা
যাত্ৰা পথৰ
অন্তিম সাৰথি
থৈ যাম তোমাৰ হাততে আমাৰ সঞ্চিত
চিৰ জ্যোতিষ্মান স্মৃতি বৈভৱ।
