মাকুমত নৈশ বাছ-এম্বুলেঞ্চৰ মাজত মুখামুখি সংঘর্ষ

মাকুমত নৈশ বাছ-এম্বুলেঞ্চৰ মাজত মুখামুখি সংঘর্ষ

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে পুৱাই তিনিচুকীয়াৰ মাকুম শুকান পুখুৰী অঞ্চলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্রায় ৬ বজাত মাকুমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ শুকানপুখুৰীত সংঘটিত হোৱা ভয়ানক পথ দুর্ঘটনাই জিলাখনত এক শোকৰ ছাঁ পেলাইছে। গুৱাহাটীৰ পৰা নামচাই অভিমুখে গৈ থকা এ এছ ০১ কে চি ৭৭৯৯ নম্বৰৰ ‘দ্বীপ’ নামৰ নৈশবাছ আৰু ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী কঢ়িয়াই নিয়া পাৱৈ চাহ বাগিচাৰ এ এছ ০১ আৰ চি ৫৪৭৩ নম্বৰৰ এম্বুলেঞ্চৰ মাজত সংঘটিত হোৱা ভয়ানক পথ দুৰ্ঘটনাৰ ফলত এম্বুলেঞ্চখনৰ দুগৰাকী যাত্রী থিতাতে নিহত হোৱাৰ লগতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত আন দুগৰাকী নিহত হয়। মৃত চাৰিগৰাকীৰ ভিতৰত পাৱৈ চাহ বাগিচাৰ ৫৫ বছৰীয়া গোবিন ভূঞা  আৰু ৫০ বছৰীয়া পত্নী মিঞ্জু ভূঞা, ৫৬ বছৰীয়া কুমাৰ ছেত্রী  আৰু অঞ্জুমণি কলিতা। গোবিন ভূঞা আৰু মিঞ্জু ভূঞা পতি-পত্নী। এম্বুলেঞ্চখনত মুঠ ১৫গৰাকী ৰোগী আৰু সহযাত্ৰী আছিল। ১৫গৰাকীৰ তিনিগৰাকী নিহত, আন ১২গৰাকীক সংকটজনক অৱস্থাত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্রথমে ভর্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ ততাতৈয়াকৈ ১০ গৰাকীক প্ৰেৰণ কৰা হয়।তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত জিলা আযুক্ত স্বপ্নীল পালে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ঘটনাটো গুৰুত্বসহকাৰে লোৱা বুলি সদৰী কৰে। ইফালে ঘটনাস্থলীত তিনিচুকীয়া সদৰ থানা আৰু মাকুম থানাৰ বৃহৎ দলে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। সমান্তৰালভাৱে দুৰ্ঘটনাগ্রস্ত দুয়োখন বাহন আৰক্ষীয়ে জব্দ কৰি মাকুম থানালৈ লৈ যায় আৰু নৈশবাছখনৰ চালকজনক আটক কৰি তদন্ত আৰম্ভ কৰে।