মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা বৈঠকৰ সিদ্ধান্ত সন্দৰ্ভত আছুৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২২ নৱেম্বৰত দিছপুৰত মুখ্যমন্ত্ৰীৰ কার্যালয় সভাকক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনক লৈ অনুষ্ঠিত তৃতীয়লানি বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰি উজান বজাৰৰ শ্বহীদ ন্যাসত আয়োজিত এখন সংবাদ মেল সম্বোধন কৰে আছুৰ নেতৃত্বই। প্রতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা লোৱাৰ লগতে এই সিদ্ধান্তৰ বিষয়ে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে অৱগত কৰিব বুলি সভাপতি উৎপল শর্মাই সংবাদ মেলত সদৰী কৰিছে। তেওঁ কয় যে ৰাজ্যিক কেবিনেটে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত মুঠ ৬৭টা বিষয় চিনাক্ত কৰিছে। ইয়াৰে ৪০টা বিষয় পোনপটীয়াকৈ ৰাজ্য চৰকাৰৰ আওতাত পৰাৰ লগতে ১৫টা বিষয় পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ আওতাত আৰু ১২টা বিষয় উভয় চৰকাৰৰ অৰ্থাৎ কেন্দ্ৰ-ৰাজ্য দুয়োৰে আওতাত পৰে। তেওঁ কয় যে বৈঠকত অসম চৰকাৰৰ আওতাত পৰা আৰু উভয় চৰকাৰৰ আওতাত পৰা পৰামৰ্শসমূহৰ লগতে অসম চৰকাৰৰ কৰণীয়খিনিকে ধৰি মুঠ ৫২টা বিষয় কাৰ্যকৰীকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। তদুপৰি প্ৰথম আৰু দ্বিতীয়লানি আলোচনাত গ্রহণ কৰা সিদ্ধান্তসমূহ ২০২৫-২৬ বৰ্ষৰ অসম চৰকাৰৰ ৰাজ্যিক বাজেটত উল্লেখ কৰা হৈছে। সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণৰ অগ্রগতি সন্দৰ্ভতো ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে ব্যাখ্যা দাঙি ধৰে। ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তসমূহ সন্দৰ্ভত আছুৰ সভাপতি উৎপল শর্মাই কেতবোৰ পৰামৰ্শ সদৰী কৰি কয় যে ৰাজ্যভাষা আইন নিখুঁতভাবে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অনতিপলমে সকলো ব্যৱস্থা গ্রহণ কৰাৰ বাবে আছুই দাবী জনাইছে। কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰৰ সকলো আইন, অধিসূচনা, নিয়মাবলী, নির্দেশাবলী অসমীয়া ভাষাত প্ৰকাশৰ ব্যৱস্থা কৰাৰ কথা যোৱা ১৪ এপ্ৰিলৰ পৰাই কাৰ্যকৰী হোৱাৰ কথা আছিল যদিও এতিয়ালৈকে নোহোৱাত আছুই বৈঠকত আপত্তি দর্শাইছে। এইক্ষেত্রত মুখ্যমন্ত্রীয়েও শীঘ্রেই কার্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য সচিবক নির্দেশ দিয়া বুলি সভাপতি শর্মাই সংবাদ মেলত সদৰী কৰিছে। তদুপৰি অসমভূমি আৰু ৰাজহ নিয়ন্ত্রণ আইন ১৮৮৬ৰ যাৱতীয় সংশোধনৰ সিদ্ধান্ত, সত্ৰ, নামঘৰ আৰু আন খিলঞ্জীয়া ধর্মীয় অনুষ্ঠানক বিধিগত সুৰক্ষা প্ৰদানৰ সিদ্ধান্ত বৈঠকত লোৱা হৈছে। এই পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ ‘অসম সত্ৰ সংৰক্ষণ আৰু বিকাশ আয়োগ’ শীঘ্রেই গঠন কৰা হ’ব বুলি চৰকাৰে বৈঠকত সদৰী কৰিছে। অসমৰ মূল কৃষিভূমি বিশেষ জৰীপৰ জৰিয়তে চিনাক্ত কৰা সন্দৰ্ভতো ৰাজ্য চৰকাৰে ভূমি আৰু ৰাজহ বিভাগক জৰীপৰ ৰূপৰেখা অংকন কৰাৰ নির্দেশ দিয়াৰ সিদ্ধান্ত বৈঠকত লোৱা হৈছে। তদুপৰি ভূমিৰ তথ্য সংৰক্ষণৰ বাবে ভূ-আধাৰ ব্যৱস্থা কাৰ্যকৰী কৰা, ৰাজ্যভাষা প্রয়োগ সঞ্চালকালয়ক পূৰ্ণ পৰ্যায়ৰ স্বতন্ত্র সঞ্চালকালয় হিচাপে গঢ়ি তোলাৰো সিদ্ধান্ত বৈঠকত লোৱা হৈছে। তদুপৰি ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া শিক্ষা বর্ষত অষ্টম শ্ৰেণীলৈ অসম বুৰঞ্জী বাধ্যতামূলক কৰাৰ সিদ্ধান্তও বৈঠকত লোৱা হৈছে। এইক্ষেত্রত মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট বিভাগক যাৱতীয় পদক্ষেপ লোৱাৰ নিৰ্দেশ দিছে। বুৰঞ্জী বিষয়ৰ লগতে অসমৰ ভূগোল সম্পর্কীয় পাঠ্যক্ৰমো সন্নিৱিষ্ট কৰাৰ উপৰি অসম চৰকাৰৰ উদ্যোগত অসমীয়া মানুহৰ ইতিহাস প্রস্তুত কৰি উলিওৱা হ’ব। ব্রহ্মপুত্র উপত্যকাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয় বাধ্যতামূলক হোৱাৰ লগত বিটিআৰ এলেকাত বড়ো/অসমীয়া বিষয় বাধ্যতামূলক কৰাৰো নির্দেশনা সন্দৰ্ভত চৰকাৰে শীঘ্ৰেই জাননী জাৰি কৰিব। ইফালে, অসমীয়া আৰু অন্যান্য জনজাতীয়, জনগোষ্ঠীয় ভাষাৰ বাবে গুৱাহাটীত এটি আধুনিক বহুভাষিক কেন্দ্রীয় পুথিভঁৰাল নিৰ্মাণৰ সিদ্ধান্তও বৈঠকত লোৱা হয়। অসমৰ সামগ্রিক অর্থনৈতিক উন্নয়ন আৰু সংস্থাপনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেল, প্রাকৃতিক গেছ, কয়লা, চূণশিলকে ধৰি আন আন প্রাকৃতিক সম্পদসমূহৰ ভিত্তিত ৰাজ্যখনৰ মূল্য সংযোজনৰ ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিবলৈও আছুই চৰকাৰক বৈঠকত পৰামৰ্শ আগবঢ়াইছে। এই বিষয়ত চৰকাৰেও এক মত প্রকাশ কৰি সংশ্লিষ্ট বিভাগসমূহক ছাত্ৰ সন্থাৰ হকে আলোচনাত মিলিত হ’বলৈ নির্দেশ দিয়ে। আনহাতে, এবছৰৰ ভিতৰতে অসম বিশ্ববিদ্যালয়ৰ শিলচৰ চৌহদত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন আৰু তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ চৌহদত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা আসনৰ সৈতে দুয়োখন বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ খোলাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব। প্ৰতিখন জিলা সদৰত ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন’ নামেৰে একোটা অত্যাধুনিক বহুমুখী সাংস্কৃতিক প্রকল্প নির্মাণ, প্রতিটো জনগোষ্ঠী-জনজাতিৰ বাবে প্ৰতিখন জিলাত সুকীয়াকে বহুমুখী সাংস্কৃতিক প্রকল্প নিৰ্ধাৰণৰ সিদ্ধান্ত বৈঠকত লোৱা হয়। পশ্চিমবংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰ সংৰক্ষণ আৰু বিকাশৰ বাবে ৰাজ্য চৰকাৰে ৫০ কোটি টকাৰ পুঁজি আবণ্টন কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে মধুপুৰ সত্ৰক ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি আজানপীৰ ৰচিত জিকিৰ আৰু জাৰীসমূহ সংৰক্ষণৰ ব্যৱস্থা, অসম চুক্তিমর্মে স্থাপিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ১০০ কোটি টকাৰ বিশেষ পুঁজি আবণ্টন, জ্যোতি চিত্রবনক লৈ নতুন ৰূপৰেখা প্ৰস্তুতৰ সিদ্ধান্ত বৈঠকত লোৱা হয়। অসমৰ জনজাতীয় আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তত সংগ্ৰহালয় স্থাপন আৰু অসমৰ সকলো খিলঞ্জীয়া ভাষাৰ সুৰক্ষা সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে এখন স্বায়ত্তশাসিত ভাষা আৰু সাহিত্য অকাডেমি/পৰিষদ গঠন কৰা হ’ব। চন্দ্ৰপুৰৰ অসমৰ ঐতিহ্য আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰত এখন নৃগোষ্ঠীয় গাঁও স্থাপন, অসম ৰাজ্যিক জৈৱ-বৈচিত্র্য ব’ৰ্ডক শক্তিশালীকৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি ৰাজ্য চৰকাৰৰ সকলো নিযুক্তি প্রক্রিয়াত অসমীয়া ভাষাৰ প্ৰশ্নকাকত এখন বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হয়। অৱশ্যে ৰাক উপত্যকাৰ জিলা, বিটিআৰ আৰু পাহাৰীয়া জিলাসমূহৰ বাবে প্রয়োজনীয় বিকল্প ব্যবস্থা গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তি তথা ব্যক্তিগত খণ্ডত নিযুক্তিৰ ক্ষেত্ৰতো অসমীয়া ভাষাৰ জ্ঞান অগ্ৰাধিকাৰযোগ্য অৰ্হতা হিচাপে গণ্য কৰাৰো সিদ্ধান্ত বৈঠকত লোৱা হয়। ইপিনে, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলীৰ ভিত্তিত ৫২টা বিষয়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহ নির্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অসমৰ মুখ্য সচিব সমন্বিতে এখন তদাৰকী সমিতি গঠনৰ সিদ্ধান্তও বৈঠকত লোৱা হয়। এই তদাৰকী সমিতিত আছুৰ সভাপতি, সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টা অংশীদাৰ হ’ব। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ পৰা ১৫টা বিষয় সন্দর্ভত আলোচনাৰ বাবে অহা ডিচেম্বৰ-জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাবনা আছে আছ নেতত্বৰ। আছৰ সভাপতি উৎপল শর্মাই সদৰী কৰা মতে, কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পদক্ষেপ ল’বলৈ আছুই মুখ্যমন্ত্রীক জনোৱা আহ্বানক মুখ্যমন্ত্রী ড° শর্মাই ইতিবাচক সঁহাৰি জনাইছে। সংবাদ মেলত শেহতীয়াকৈ অসম চৰকাৰৰ সৈতে হৈ যোৱা বৈঠকৰ সিদ্ধান্তসমূহ সদৰী কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই কয় যে খিলঞ্জীয়াক ৰক্ষাকবচ নিদিয়াপর্যন্ত আছু ক্ষান্ত নহয়। উল্লেখ্য যে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা উপ-সমিতিৰ বিস্তৃত প্রতিবেদন যোৱা ২২ নৱেম্বৰত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত দাখিল কৰে। সংবাদ মেলযোগে আছুৰ সভাপতি উৎপল শর্মাই অসম চুক্তিৰ সকলো দফা ৰূপায়ণৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি মন্তব্য কৰে। তেওঁ কয় যে ইতিমধ্যে চুক্তিখনৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে চৰকাৰেই গঠন কৰা উপ-সমিতিয়ে বিস্তৃত প্রতিবেদন দাখিল কৰিছে। প্রতিবেদনখনত অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণেৰে বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ বিস্তৃত পৰামৰ্শাৱলীৰ লগতে আন আন দফা ৰূপায়ণৰ পৰামৰ্শসমূহো আগবঢ়োৱা হৈছে। আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই কয় যে বিগত ৪০ বছৰ আগতে ৰূপায়ণ হৈছে অসম চুক্তি। আজিলৈকে আমি ফলাফল পোৱা নাই। বিগত ৪০টা বছৰে নিজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে আন্দোলন কৰি থকা অসমীয়াই হৈছে ভাৰতৰ একমাত্র জাতি। সমস্যা সমাধান হ’বই লাগিব। প্রতিবেদনো উপ-সমিতিয়ে দাখিল কৰিছে। এতিয়া সকলো পৰামৰ্শ নির্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰাৰ দায়িত্ব চৰকাৰৰ। উল্লেখ্য যে অসম চুক্তিৰ ৰূপায়ণ মন্ত্রী অতুল বৰাৰ অধ্যক্ষতাত কেবিনেট মন্ত্রী পীযূষ হাজৰিকা, অজন্তা নেওগ, আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যক লৈ এই উপ-সমিতিখন গঠন কৰা হৈছিল।
