চিত্ৰগল্প – কবিতা শৰ্মা

Pc- EUMETSAT

চিত্ৰগল্প

কবিতা শৰ্মা
গোলাঘাট, চিনাতলী

“Water,water,every where
Nor any drop to drink”
(S T Coleridge)

চিত্ৰগল্প এটা
সাঁতুৰি আছে

বিস্তীৰ্ণ জলৰাশিত
সাঁতুৰিছে
অথচ
পিয়াহত ডিঙিটো শুকাইছে

জল তৰংগৰ
ৰোমাঞ্চকৰ আন্দোলনত
চিত্ৰগল্পই হাঁহিছে

সাঁতুৰি আছে
সাঁতুৰি আছে
অণ্ঠকণ্ঠ পিছে শুকাইছে

কান্দিছে
ভাগৰিছে
শুইছে

টোপনিত কোনোবা আহিছে
প্ৰিয়বন্ধু নীটছে :

“ কি হে বন্ধু
পিয়াহত মৰিছা

মৰা মৰা
মোৰ মৰমৰ শূন্যটোৰ বাদে
মিছা মিছা
সকলো মিছা
গড্ ইজ্ ডেড্
মোৰ আলিংগন ল’বা”

চিত্ৰগল্প মৰিছে

নিৰ্বাক সমাধিত
সবাক বিস্ময়

দগ্ধ অবাক উপলব্ধি