গুৱাহাটীত আৰএছএছৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতৰ বৌদ্ধিক মত বিনিময়

গুৱাহাটীত আৰএছএছৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতৰ বৌদ্ধিক মত বিনিময়

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবর্ষ পূর্ণ উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে ১৮ নৱেম্বৰ অৰ্থাৎ প্ৰথম দিনা আবেলি ৪ বজাত সুদর্শনালয়ত  অনুষ্ঠিত কাৰ্যক্ৰমত উপস্থিত থাকে। এই অনুষ্ঠিত কাৰ্যক্ৰমত উপস্থিত থাকি তেওঁ কয় যে ভাৰত বৰ্ষৰ প্ৰতি প্রেম-শ্রদ্ধা কৰা সকলোৱেই হিন্দু। আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক অধিক বুজি পোৱাৰ চেষ্টা ক্রমান্বয়ে সমাজত বাঢ়ি অহাৰ লগে লগে সংঘৰ নাম জনসমাজত প্রসিদ্ধ হৈছে। কিন্তু বর্তমানো সংঘৰ কাৰ্যপ্রণালী সম্পর্কে বহু মানুহ সিমান পৰিচিত নহয়। আটায়ে সংঘক ওচৰৰ পৰা বুজিবলৈ চেষ্টা কৰা উচিত। কেৱল স্বয়ংসেৱকক দেখি বা তেওঁলোকৰ কাৰ্যপদ্ধতিৰ দ্বাৰা মানুহে সংঘক বুজি বলৈ চেষ্টা কৰে। কিন্তু এয়া সম্পূর্ণ নহয়। সংঘই কাকো বিনাশ কৰিবলৈ সৃষ্টি হোৱা নাই, নতুবা তাৎক্ষণিকভাৱে সংঘৰ উৎপত্তি হোৱা নাই। সংঘই নিজ দেশক মহাশক্তি নহয়, বিশ্বগুৰু হিচাপে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে। ডাঃ হেডগেৱাৰৰ জীৱন-দৰ্শন সন্দৰ্ভত আলোকপাত কৰে। সংঘ কোনো প্রতিষ্ঠান নতুবা অইন অনুষ্ঠানৰ মাৰ্গদৰ্শনত পৰিচালিত নহয়। গোটেই বিশ্বই বৰ্তমান ভাৰতবৰ্ষৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে। ভাৰতবৰ্ষৰ সভ্যতা-সংস্কৃতিয়ে গোটেই বিশ্বক মাৰ্গদৰ্শন কৰিব পাৰে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰত আৰু হিন্দু এই দুয়োটা ধাৰণাই সমার্থক। ভাৰত বৰ্ষক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ প্রয়োজনীয়তা নাই। হাজাৰ হাজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিৰে সমৃদ্ধভাৰত সদায় হিন্দু ৰাষ্ট্ৰ হিচাপে জিলিকি আছে। হিন্দু এক ধর্ম নহয়, হিন্দু হৈছে এক সভ্যতা-সংস্কৃতিৰ ধাৰক আৰু বাহক। ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিজন ভাৰতীয়ই যি ভাৰতীয়ত্বক লৈ গৌৰৱবোধ কৰে সেই সকলো জনগণেই হিন্দু। সৰসংঘচালক ডাঃ মোহন ভাগৱতে পঞ্চপৰিৱৰ্তনৰ মূল বিষয় সামাজিক সমসতা, কুটুম্ব প্রবোধন, নাগৰিক কৰ্তব্য, স্বদেশী আৰু আত্মনিৰ্ভৰশীলতা, পৰ্যাবৰণ সংৰক্ষণ -এই আটাইকেইটা বিষয়ত তেওঁ বক্তব্য প্রদান কৰে। বিশেষকৈ পঞ্চ পৰিৱৰ্তনৰ এক বিষয় কুটুম্ব প্রবোধনত গুৰুত্ব আৰোপ কৰি ব্যাখ্যা আগবঢ়ায় যে ভাৰতৰ প্ৰতিটো পৰিয়ালে নিজৰ পূৰ্বপুৰুষৰ ঐতিহ্যময় গাথা স্মৰণ কৰিব লাগে তথা পৰিয়ালৰ নতুন প্রজন্মক নিজ সমাজ তথা দেশৰ প্ৰতি কৰ্তব্যবোধৰ গুৰুত্ব সন্দৰ্ভত দিক দৰ্শন কৰিব লাগে। সভাত উপস্থিত পাঁচ শতাধিক প্রবুদ্ধ নাগৰিক উপস্থিত থকা কার্যক্রমত উপস্থিত বিভিন্ন প্ৰশ্নৰ উত্তৰত ভাগৱতে ভাৰতৰ স্বাধীনতা আন্দোলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অৱদান সম্পর্কে বিস্তৃত ব্যাখ্যা কৰে। তেওঁ পুনৰ উল্লেখ কৰে- ডাঃ হেডগেৱাৰে অসহযোগ আন্দোলনৰ সময়ত কাৰাবাস খাটিছিল। অনুৰূপ ধৰণে ৰাষ্ট্ৰৰ অসংখ্য স্বয়ংসেৱকে দেশৰ বিভিন্ন প্রান্তত স্বাধীনতা আন্দোলনৰ প্ৰতিটো ঐতিহাসিক মুহূর্তত নিজ নিজ ত্যাগ আৰু বলিদানেৰে মাতৃভূমিক সমৃদ্ধকৰিছিল। তেওঁৰ মতে ভাৰত তথা উত্তৰ-পূবৰ বৈচিত্র্য আমাৰ একাত্মতাৰ প্ৰতিফলন। এইখিনিতে তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মই নিজৰ আদৰ্শ হিচাপে ঐতিহাসিক চৰিত্ৰ যেনে লাচিত বৰফুকন নতুবা মহাপুৰুষ শংকৰদেৱক অনুকৰণ কৰিব পাৰে। তদুপৰি অসমত চলি অহা অনুপ্ৰৱেশৰ বিষয়ত তেওঁ চিন্তা ব্যক্ত কৰি এইক্ষেত্ৰত সমাজ তথা চৰকাৰৰ গুৰুত্ব সম্পর্কে মত পোষণ কৰে। তদুপৰি অসমত যি জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে সেই ক্ষেত্রতো তেওঁ হিন্দু সমাজৰ ক্ষেত্ৰত তিনি সন্তানৰ নীতিত গুৰুত্ব আৰোপ কৰে। তেওঁ পুনৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ব্যৱহাৰৰ দিশত কিছু সীমাবদ্ধতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ দৃষ্টিভংগী আগবঢ়ায়। তদুপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত চলি থকা ধৰ্মান্তৰকৰণ বিষয়ত ৰাইজক সজাগ হ’বলৈ আহ্বান জনায়। শেষত উপস্থিত থকা সমূহ প্রমুখ নাগৰিকৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকে যাতে একাত্মবোধেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিজ নিজ অৱদান আগবঢ়ায় সেই ক্ষেত্রত তেওঁ আটাইকে এক গুৰুত্বপূৰ্ণ আহ্বান জনায়। ডাঃ মোহন ভাগৱতে গুৱাহাটীত দুদিন উপস্থিত থাকি ২০ নৱেম্বৰৰ দিনা মণিপুৰ অভিমুখে ৰাওনা হ’ব।