কাহিলীপাৰাৰ বাসগৃহত প্ৰাণৰ শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াই আজি উদযাপন কৰিছে প্ৰাণৰশিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন। পূৰ্বৰ দৰেই নিশাৰ পৰাই জুবিনদাৰ জন্মদিন বুলি অনুৰাগীসকল ব্যস্ত হৈ আছে ৷ সকলোৱে গাত পাতি লৈছে ভিন্ন কাম ৷ সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈও অগণন সোঁত জুবিন অনুৰাগীৰ ৷ জুবিন গাৰ্গৰ কাহিলিপাৰাৰ ঘৰত নিশা ১২ বজাৰ লগে লগে কেক কাটি জন্মদিন উদযাপন পিতৃ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গৰ। কাহিলিপাৰাৰ বাসভৱনৰ সন্মুখত জুবিন গাৰ্গৰ জন্মদিন উদযাপন অজস্ৰ অনুৰাগীৰ। আনহাতে আজি পুৱা শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত পুৱাৰে পৰা আয়তীসকলে দিহানাম গাই ওপজা দিনটোত জুবিন গাৰ্গলৈ প্ৰণিপাত জনাইছে । গায়ন-বায়নৰ খোল-বাদনেৰে মুখৰিত হৈ পৰে কাহিলিপাৰাৰ বাসগৃহৰ চৌহদ । ওপজা দিনত বাসগৃহৰ পদূলিত থকা তেওঁৰ প্ৰিয় বকুল জোপাৰ কাষতে স্থাপন হ’ল জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি। সহস্ৰাধিক অনুৰাগীৰ উপস্থিতিত অশ্ৰুসিক্ত নয়নেৰে স্থাপন হ’ল প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি। আৱেগবিহ্বল পৰিৱেশৰ মাজতে পিতৃ কপিল ঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে উন্মোচন কৰিলে মূৰ্তিটো।ইফালে সোণাপুৰৰ জুবিনক্ষেত্ৰত ভিৰ অনুৰাগীৰ। এগছি বন্তি জ্বলাই জনালে জন্মদিনৰ শুভেচ্ছা। জুবিনক্ষেত্ৰত কেক কাটি উদযাপন কৰিলে প্ৰাণৰ শিল্পীৰ জন্মদিন। জুবিনবিহীন প্ৰথমটো ওপজা দিনত সমস্বৰে আকুল আকুতিৰে পৰিৱেশন কৰিলে ‘মায়াবিনী’। অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনালে অগণন গুণমুগ্ধই।
